গুৱাহাটী, 28 মে’: গ্ল’ক’মা হৈছে চকুৰ এবিধ মাৰাত্মক ৰোগ । যেতিয়া কোনো এগৰাকী ৰোগীৰ দেহত এই গ্ল’ক’মা ৰোগৰ আৰম্ভণি হয়, প্ৰথম অৱস্থাত ৰোগীগৰাকীৰ কোনো ধৰণৰ লক্ষণ দেখা নিদিয়ে । যেতিয়া এইৰোগ ক্ৰমান্বয়ে বৃদ্ধি হৈ লাহে লাহে ৰোগীগৰাকীয়ে দৃষ্টিশক্তি হেৰুৱাই পেলাই তেতিয়াহে ৰোগীগৰাকীয়ে ইয়াৰ বিষয়ে গম পায় ।
গ্ল’ক’মাৰ ফলত ৰোগীগৰাকীৰ চকুৰ প্ৰেচাৰ বা চাপ আৰু চকুৰ নাৰ্ভ দুয়োটাই প্ৰভাৱিত হয় । যাৰ ফলত যিখিনি নাৰ্ভ প্ৰভাৱিত হয় সেইখিনি আৰু পুনৰ সুস্থ কৰি তুলিব নোৱাৰি । সমান্তৰালভাৱে এই ৰোগত আক্ৰান্ত হোৱাৰ পিচত যদি ব্যক্তিগৰাকীয়ে এবাৰ নিজৰ দৃষ্টিশক্তি হেৰুওৱাই পেলাই তেন্তে উন্নত চিকিৎসা কৰি বা অস্ত্ৰোপচাৰ কৰিও দৃষ্টিশক্তি পুনৰ উভতাই আনিব নোৱাৰে । সেয়েহে প্ৰতিগৰাকী লোকে ৪০ বছৰ বয়সত গ্ল’ক’মাৰ পৰীক্ষা কৰিব লাগে আৰু ৪০ বছৰৰ পাচত নিয়মীয়াভাৱে চকুৰ পৰীক্ষা কৰিব লাগে ।
কি হয় গ্ল’ক’মা ৰোগ ?
আমাৰ প্ৰত্যেকৰে চকুৰ ভিতৰত এটা প্ৰেচাৰ বা চাপ থাকে । এই প্ৰেচাৰ চকুৰ ফকাছ বা চকুৰ নিউট্ৰেছন আদিৰ বাবে অতি প্ৰয়োজনীয় । এক নিৰ্দিষ্ট পৰিমাণৰ চকুৰ প্ৰেচাৰ নাথাকিলে মানুহৰ দৃষ্টি উজ্জ্বল নহ'ব পাৰে ৷ কাৰণ চকুৰ ভিতৰত যিখিনি ফ'কাচ আৰু প্ৰতিফলনৰ উপাদান আছে , সেই প্ৰতিফলনৰ উপাদানবোৰ এটা নিৰ্দিষ্ট দূৰত্বত থাকিব লাগে আৰু সেই নিৰ্দিষ্ট দূৰত্বৰ বা চকুৰ প্ৰেচাৰ থকাটো দৰকাৰ । লগতে চকুৰ ভিতৰত থকা ভিন্নধৰণৰ উপাদানসমূহ চকুৰ প্ৰেচাৰৰ বাবে তত্বাৱধান হয় । সেই প্ৰেচাৰ সাধাৰণ লোক এগৰাকীক যিমান প্ৰয়োজন হয় তাতকৈ যদি প্ৰেচাৰ বেছি হয় তেন্তে এই গ্ল’ক’মা ৰোগৰ সৃষ্টি হয় ।
এইৰোগ সাধাৰণতে দুটা ধৰণৰ হয় । এটা প্ৰাথমিক গ্ল’ক’মা আৰু এটা গৌণ গ্ল’ক’মা । গৌণ গ্ল’ক’মা সাধাৰণতে কিবা এটা নিৰ্দিষ্ট কাৰণত হয় আৰু ইয়াক যদি উপযুক্ত সময়ত চিকিৎসা কৰা হয় তেন্তে ই সম্পূৰ্ণৰূপে নিৰাময় হোৱাৰ সুযোগ থাকে ।
বৰ্তমান সময়ত বজাৰত বহু অত্যাধুনিক গ্ল’ক’মাৰ ঔষধ পোৱা যায় । সেয়েহে যদি কোনো ব্যক্তিৰ দেহত এই ৰোগ দেখা দিয়ে আৰু উপযুক্ত সময়ত এই ৰোগ ধৰা পৰে তেন্তে কোনো ধৰণৰ অস্ত্ৰোপচাৰ নকৰাকৈ ঔষধৰ জৰিয়তে সুস্থ হৈ উঠিব পৰা যায় । চকুৰ ঔষধ যেতিয়া আৰম্ভ হয় তেতিয়া নিয়মিতভাৱে ইয়াক ব্যৱহাৰ কৰিব লাগে । যদিহে ঔষধৰ ব্যৱহাৰ কৰি কেইদিনমান পাচত বন্ধ কৰি দিয়া হয় তেন্তে ই ভিন্ন ধৰণে অপকাৰ সাধন কৰিব পাৰে । লগতে সময়ে সময়ে চিকিৎসকৰ পৰামৰ্শ লোৱাটোও প্ৰয়োজন ।