ETV Bharat / health

শিশুৰ প্ৰিয় এই খেল হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে কিমান উপকাৰী জানেনে ? - Skipping Benefits - SKIPPING BENEFITS

Skipping Benefits: শিশুৰ বাবে ৰছীৰ সৈতে জপিওৱা খেল বা স্কিপিং এটি খুবেই ভাল ব্যায়াম, কিন্তু বয়স বৃদ্ধিৰ লগে লগে বহুতে এই ব্যায়াম কৰোঁতে উশাহ ঘন হয় বা অসুবিধাৰ সৃষ্টি হয় ৷ কিন্তু আমাৰ হৃদযন্ত্ৰৰ পৰা হাওঁফাওঁলৈকে বহু অংগৰ স্বাস্থ্য উন্নত কৰাত এই ব্যায়ামে বিশেষ ভূমিকা পালন কৰে কেনেকৈ জানো আহক-

What Are the Benefits of Skipping Every Day?
শিশুৰ প্ৰিয় এই খেল হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে কিমান উপকাৰী জানেনে ? (FREEPIK)
author img

By ETV Bharat Assamese Team

Published : Aug 6, 2024, 7:35 PM IST

বহুৱে শিশুৱে স্কিপিং কৰি ভাল পায়, কিন্তু আপুনি জানেনে স্কিপিং এটা ডাঙৰ ব্যায়াম ৷ আপুনিও শৈশৱত নিশ্চয় স্কিপিং কৰিছিল ৷ সৰু ল’ৰা-ছোৱালীয়ে সহজে এই খেল আয়ত্ব কৰিবলৈ সক্ষম হয়, কিন্তু লাহে লাহে বয়স বৃদ্ধিৰ লগে লগে এই খেল খোলোতে উশাহ ফুলিবলৈ আৰম্ভ কৰে ৷ স্কিপিং হৈছে এনে এক ব্যায়াম যিয়ে আপোনাৰ হৃদযন্ত্ৰ, হাওঁফাওঁ আৰু ওজন কমোৱাত সহায় কৰে ৷ যদি আপুনি দিনটোত ১০০০-২০০০ বাৰ দ্ৰুতগতিত স্কিপিং কৰে, তেন্তে ইয়াতকৈ ভাল কাৰ্ডিঅ’ এক্সাৰচাইজ আন একো হ’ব নোৱাৰে ৷ স্কিপিঙে ছালত গ্লো অনাত আৰু ৰক্ত সঞ্চালন বৃদ্ধিতো সহায় কৰে ৷ জানো আহক ইয়াৰ অন্য উপকাৰিতাসমূহ-

স্কিপিং কৰাৰ উপকাৰিতা

হাওঁফাওঁ শক্তিশালী কৰে– দৈনিক স্কিপিং কৰিলে হাওঁফাওঁৰ কাৰ্য্যক্ষমতা উন্নত হয় ৷ ইয়াৰ ফলত হাওঁফাওঁ সুস্থ আৰু শক্তিশালী হৈ থাকে ৷ হাওঁফাওঁৰ পেশীবোৰ শক্তিশালী হৈ পৰে ৷ স্কিপিঙে হাওঁফাওঁৰ প্ৰসাৰণ আৰু সংকোচনৰ গতি বৃদ্ধি কৰে ৷ দিনটোত ১০ মিনিট স্কিপিং কৰা লোকৰ হাওঁফাওঁ সুস্থ হৈ থাকে ৷

হৃদযন্ত্ৰ সুস্থ হৈ থাকে- স্কিপিং হৈছে এক অতি ভাল কাৰ্ডিঅ’ ব্যায়াম, যিয়ে আপোনাৰ হৃদযন্ত্ৰক শক্তিশালী আৰু সুস্থ কৰি ৰাখে ৷ ই আপোনাৰ হৃদযন্ত্ৰৰ বাবে এক ভাল ব্যায়াম বুলি গণ্য কৰা হয় ৷ ইয়াৰ ফলত হৃদস্পন্দন উন্নত হয় ৷ লগতে ষ্ট্ৰোকৰ আশংকাও হ্ৰাস পাব পাৰে ৷

ছালখন জিলিকি উঠিব - স্কিপিং কৰিলে ছালৰ উজ্জ্বলতা বৃদ্ধি হোৱাৰ লগতে ৰক্ত সঞ্চালন উন্নত কৰাত সহায় কৰে ৷ ইয়াৰ ফলত মুখমণ্ডলত ৰক্ত সঞ্চালন বৃদ্ধি পায় আৰু অক্সিজেনৰ যোগান বৃদ্ধি পায় ৷ এই ব্যায়াম কৰোঁতে ঘাম ওলোৱাৰ ফলত ছালৰ ছিদ্ৰবোৰ খোল খায়, যাৰ ফলত শৰীৰত জমা হোৱা দূষিত পদাৰ্থবোৰ আঁতৰি যায় ৷

হাড়বোৰ মজবুত হয়- যদি আপুনি আন কোনো ফিটনেছ এক্সাৰচাইজ নকৰে, তেন্তে ঘৰতে ১৫-২০ মিনিটৰ বাবে কেৱল স্কিপিং কৰিলে ওজন নিয়ন্ত্ৰণত থাকে ৷ ইয়াৰ ফলত আপোনাৰ সমগ্ৰ শৰীৰৰ চৰ্বি লাহে লাহে হ্ৰাস পায় ৷ ইয়াৰ উপৰিও হাড় আৰু পেশীবোৰো শক্তিশালী হয় ৷ পেশীবোৰেও শক্তি লাভ কৰে ৷

লগতে পঢ়ক: খাদ্য খোৱাৰ কিমান সময়ৰ পিচত আমি ৱৰ্কআউট কৰা উচিত ? - Workout After Eating

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.