ETV Bharat / health

প্ৰত্যেক কথাতেই খং উঠে নেকি ? এনেদৰে কৰক নিয়ন্ত্ৰণ - Anger Management

author img

By ETV Bharat Assamese Team

Published : May 28, 2024, 5:36 PM IST

Anger Management: আজিকালি সৰু সৰু কথাতেই বহু লোকৰ খং উঠে । এনে বহুলোক আছে যিয়ে নিজৰ খঙৰ ওপৰত একেবাৰেই নিয়ন্ত্রণ ৰাখিব নোৱাৰে ৷ কিন্তু ইয়াৰ দ্বাৰা জনা-নজনাকৈ আপুনি আপোনাৰ শৰীৰৰ সৈতে হেতালি খেলি আছে । কিদৰে আমি ইয়াক নিয়ন্ত্ৰণ কৰিব পাৰো জানো আহক-

Try These Anger Management Strategies to Help You Calm Down
প্ৰত্যেক কথাতেই খং উঠে নেকি ? এনেদৰে কৰক নিয়ন্ত্ৰণ (Freepik)

আমি সকলোৱে ভালদৰে জানো যে খং আমাৰ স্বাস্থ্যৰ বাবে ভাল নহয় । বেছিকৈ খং উঠিলে আমাৰ স্বাস্থ্যৰ ওপৰত সদায় নেতিবাচক প্ৰভাৱ পৰে । খং উঠাটো এটা স্বাভাৱিক প্ৰক্ৰিয়া, কেতিয়াবা কৰ্মস্থলীত মানসিক চাপৰ বাবে... কেতিয়াবা কাৰোবাৰ কথাৰ বাবে বা ট্ৰেফিকত আৱদ্ধ হৈ পৰা বা এনে বহুতো কাৰণ আছে যাৰ বাবে এজন ব্যক্তিৰ খং উঠে ।

খঙেও মানুহক বলিয়া কৰি তুলিব পাৰে । গতিকে সকলোৱে নিজৰ খং নিয়ন্ত্ৰণ কৰিব জনাটো উচিত । যাৰ বাবে আপুনি খং নিয়ন্ত্ৰণৰ কৌশল গ্ৰহণ কৰিব পাৰে । সেয়ে আজি আমি আপোনালোকক এনে কিছুমান কৌশলৰ বিষয়ে ক’বলৈ ওলাইছো যাৰ দ্বাৰা আপুনি আপোনাৰ খঙক নিয়ন্ত্ৰণ কৰিব পাৰে ।

শাৰীৰিক কাৰ্যকলাপ

শাৰীৰিক কাৰ্যকলাপে আপোনাক যিকোনো মানসিক চাপৰ পৰা সকাহ দিব পাৰে । একেদৰে খং নিয়ন্ত্ৰণৰ বাবেও ই এক উত্তম বিকল্প । যেতিয়াই আপুনি কিবা নেতিবাচক কথা ভাবি থাকে তেতিয়াই কিছুমান সাধাৰণ ব্যায়াম কৰিব পাৰে বা খোজ কাঢ়িব পাৰে । ইয়াৰ ফলত আপোনাৰ মনটো বৰ লঘু অনুভৱ হ’ব আৰু আপোনাৰ খং অলপ শান্ত হ’ব ।

মানসিক চাপ ব্যৱস্থাপনা কৌশল

সৰু সৰু কথাক লৈ সকলো সময়তে খং উঠে কিছুমান মানুহৰ । গতিকে এনে পৰিস্থিতিত প্ৰথমে আপোনাৰ মানসিক চাপৰ মাত্ৰা হ্ৰাস কৰাৰ কথা চিন্তা কৰক । যাৰ বাবে আপুনি যোগাসন, ধ্যান, সংগীত, নৃত্য, চাইকেল চলোৱাৰ দৰে কাৰ্যকলাপ আপোনাৰ ৰুটিনত অন্তৰ্ভুক্ত কৰিব পাৰে । এইবোৰ কাম কৰিলে সুখী হৰম’ন নিৰ্গত হয়, যাৰ ফলত খং নিয়ন্ত্ৰণত থাকে ।

খং প্ৰকাশ কৰা

খং প্ৰকাশ কৰক । কাৰণ খং দমন কৰাটো আপোনাৰ স্বাস্থ্যৰ বাবে ভাল নহয় । গতিকে যেতিয়াই আপোনাৰ খং অনুভৱ হয় তেতিয়াই আপোনাৰ ঘনিষ্ঠ বা বিশ্বাস কৰিব পৰা কোনোবা এজনৰ লগত কথা পাতিব আৰু তেওঁৰ লগত কথা পাতিলে আপোনাৰ মনত শান্তি আহিব । বহু মানুহৰ এটা অভ্যাস আছে যে উৰহৰ খং ভগা ধাৰিত উলিওৱা অৰ্থাৎ কাৰোবাৰ খং কাৰোবাৰ ওপৰত প্ৰয়োগ কৰা ৷ কিন্তু এনে কৰাটো একেবাৰে উচিত নহয় ৷ আপুনি আপোনাৰ খঙক শান্ত কৰিবলৈ ১ৰ পৰা ১০লৈকে গণনা কৰক । ইয়াৰ দ্বাৰা আপুনি আপোনাৰ অন্তৰ্নিহিত আৱেগক নিয়ন্ত্ৰণ কৰাৰ লগতে আপুনি ধৈৰ্য ধৰিবলৈও শিকে ।

ষ্ট্ৰেছ বল

খং শান্ত কৰিবলৈ আপুনি ষ্ট্ৰেছ বলৰ সহায় ল’ব পাৰে । ষ্ট্ৰেছ বল হৈছে এটা নমনীয় বল যাক খং উঠিলে হাতেৰে সহজে পিটিকি খং শান্ত কৰিব পাৰি । এই বলটোৱে খং শান্ত কৰাত যথেষ্ট সহায় কৰে ।

চকু দুটা মুদি দীঘলীয়া উশাহ এটা লওক

যেতিয়াই খং অনুভৱ কৰে তেতিয়াই চকু মুদি দীঘলীয়াকৈ দীঘলকৈ উশাহ লৈ উশাহ এৰিব । কমেও ৮ৰ পৰা ১০ বাৰ এই কাম কৰক । ইয়াৰ ফলত খং বহু পৰিমাণে শান্ত হয় । মনত ৰাখিব খং উঠাটো এটা স্বাভাৱিক প্ৰক্ৰিয়া কিন্তু ইয়াক নিয়ন্ত্ৰণ কৰাটো সদায় আপোনাৰ হাতত থাকে ।

লগতে পঢ়ক: ডিপ্ৰেছনৰ এই লক্ষণক ভুলতেও নকৰিব আওকাণ - Depression

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.