ETV Bharat / health

সম্পৰ্কত প্ৰেম বৃদ্ধি কৰিবলৈ নিঃসংকোচে আপোনাৰ সংগীক কওক এই ৬টা মিছাকথা - Relationship Tips

author img

By ETV Bharat Assamese Team

Published : Aug 11, 2024, 5:10 PM IST

Harmless Lies for Strong Relationship: যিকোনো সম্পৰ্কৰ ভেটি সত্যতাৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠে যদিও কিছুমান মিছাও আছে যিয়ে আপোনাৰ সম্পৰ্ক আৰু অধিক মজবুত কৰিব পাৰে । আচৰিত কথাটো হ’ল যে এই মিছা কথাবোৰ আপুনি নিঃসংকোচে আপুনি আপোনাৰ সংগীক ক’ব পাৰে ৷

RELATIONSHIP TIPS
সম্পৰ্কত প্ৰেম বৃদ্ধি কৰিবলৈ নিঃসংকোচে আপোনাৰ সংগী কওক এই ৬টা মিছা কথা (FREEPIK)

মিছা কথাৰ বাবেই যিকোনো সম্পৰ্ক তাচপাতৰ ঘৰৰ দৰে ভাঙি যাব পাৰে । ইয়াক আপোনাৰ সংগীক প্ৰতাৰণা কৰা বুলিও গণ্য কৰা হয় । ইয়াৰ বাবে আপোনাৰ সম্পৰ্ক চিৰদিনৰ বাবে শেষ হ’বও পাৰে, কিন্তু যদি আমি আপোনাক কওঁ যে কিছুমান মিছা কথা আছে যি মিছা কথা আপুনি আপোনাৰ সংগীক কোনো সংকোচ নকৰাকৈ ক’ব পাৰে ।

হয়, আচৰিত কথাটো হ’ল এই মিছা কথাবোৰে আপোনাৰ সম্পৰ্ক নষ্ট নকৰে, বৰঞ্চ ইয়াৰ দ্বাৰা আপোনাৰ সম্পৰ্ক আৰু অধিক শক্তিশালীহে হৈ উঠিব । কিন্তু চৰ্ত হ’ল এই মিছা কথাবোৰ কেতিয়া ক’ব লাগে সেইটো জনাটো খুবেই জৰুৰী । কোনটো মিছা কথা আপোনাৰ সংগীক কোন সময়ত কোৱা উচিত যাৰ দ্বাৰা আপোনালোকৰ সম্পৰ্ক আৰু আৰু অধিক শক্তিশালী হৈ উঠিব জানি লওক-

  • অনবৰতে কাৰোবাক সকলো সময়তে মনত কৰি থকাটো সম্ভৱ নহয় ৷ কামত বা বন্ধু-বান্ধৱীৰ লগত ব্যস্ত হোৱাটো স্বাভাৱিক, কিন্তু নিজৰ সংগীক মিছ কৰা বুলি ক’লে সংগীৰ মুখত সেই কথাই তেওঁৰ মুখত হাঁহি বিৰিঙাব পাৰে ৷ এনে কৰিলে আপোনাৰ সংগীৰ আপোনাৰ প্ৰতি থকা প্ৰেম গভীৰ হ’ব ৷
  • আপোনাৰ সংগীৰ সকলো বন্ধুকে ভাল পোৱাটো প্ৰয়োজনীয় নহয় ৷ কিছুমান এনে মানুহ থাকিব পাৰে যাক আপুনি পচন্দ নকৰে বা তেওঁৰ ব্যক্তিত্বক আপুনি ভাল নাপায়, কিন্তু এই কথা আপোনাৰ সংগীক কোৱাৰ প্ৰয়োজন নাই ৷ এনে পৰিস্থিতিত আপুনি আপোনাৰ সংগীক ক’ব পাৰে যে “তেওঁৰ বন্ধুসকল বৰ ভাল” ৷ একেদৰে সংগীৰ আত্মীয়ৰ কাৰোবাক পচন্দ নকৰিলেও সকলো কথা কোৱাৰ প্ৰয়োজন নাই ৷
  • যদি আপোনাৰ সংগীয়ে আপোনাৰ বাবে উপহাৰ আনিছে আৰু উপহাৰটো ভাল নাপালেও আপুনি তেওঁক প্ৰশংসা কৰিব পাৰে বা উপহাৰটো আপোনাৰ বহুত ভাল লাগিছে বুলিও ক’ব পাৰে ৷ ইয়াৰ ফলত আপোনাৰ সংগী সুখী হ’ব আৰু আপোনাৰ প্ৰতি মৰম বৃদ্ধি হ’ব ৷
  • যদি আপোনাৰ সংগীয়ে সোৱাদ লগাকৈ খাদ্য ৰান্ধিব পৰা নাই তথাপিও তেওঁৰ প্ৰশংসা কৰা উচিত, সঁচা কথা কোৱাৰ পৰিৱৰ্তে তেওঁৰ প্ৰচেষ্টাৰ বাবেও প্ৰশংসা কৰক ৷ ইয়াৰ দ্বাৰা তেওঁ সুখী হ’ব আৰু তেওঁ সঁচাকৈয়ে অনুভৱ কৰিব যে আপুনি তেওঁৰ শলাগ লৈছে ৷
  • আপোনাৰ সংগীয়ে যদি কিবা কৌতুক কৈছে বা আপোনাক হহুঁৱাবলৈ চেষ্টা কৰিছে বা আপোনাৰ মেজাজ উন্নত কৰিব বিচাৰিছে, এনে ক্ষেত্ৰত যদিও আপুনি বৰ বেছি সুখী নহয় বা হাঁহিবলৈ মন যোৱা নাই ৷ কিন্তু সংগীৰ মন ৰাখিবলৈ তেওঁৰ সুখৰ বাবে অলপ হাঁহিব পাৰে ৷ এই মিছা কথা কোৱাৰ কোনো ক্ষতি নহয় ৷
  • সংগীৰ পৰা কেতিয়াও একো লুকুৱাব নালাগে, কিন্তু অতীতৰ সম্পৰ্কৰ সকলো কথা কৈ নিজৰ বৰ্তমানক বেয়া নকৰিব ৷ ইয়াৰ ফলত ভৱিষ্যতে আপোনালোকৰ মাজত কাজিয়া হ’ব পাৰে ৷ গতিকে আপোনাৰ সংগীক আপোনাৰ অতীতৰ সম্পৰ্কৰ কথা নক’ব ৷
লগত পঢ়ক: দাড়ি থকা নে নথকা ? কোনগৰাকী পুৰুষৰ সৈতে আপোনাৰ সম্পৰ্ক হ’ব চিৰস্থায়ী - Best Partner For Relationship

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.