ইংৰাজীত ফেনুগ্ৰীক নামেৰেও জনাজাত মেথি চুলিৰ বাবে যথেষ্ট উপকাৰী বুলি গণ্য কৰা হয় ৷ এই কাৰণেই ইয়াক চুলিৰ বহু ঘৰুৱা ঔষধত যুগ যুগ ধৰি ব্যৱহাৰ কৰি অহা হৈছে ৷ ইয়াত থকা প্ৰ’টিন, ভিটামিন, খনিজ পদাৰ্থই চুলিক শক্তিশালী কৰাত সহায় কৰে (Hair Growth Tips) ৷
ই চুলি সৰা ৰোধ কৰে আৰু উফিৰ পৰা মুক্তি দিয়াত সহায় কৰে ৷ সেয়ে আজিৰ এই প্ৰতিবেদনত আমি আপোনালোকক ঘৰতে সহজে প্ৰস্তুত কৰিব পৰা মেথি হেয়াৰ মাস্ক কেনেকৈ ঘৰতে তৈয়াৰ কৰিব পাৰি আৰু ইয়াৰ উপকাৰিতা কি সেই বিষয়ে জানিবলৈ চেষ্টা কৰিম ৷ এই হেয়াৰ মাস্কৰ সহায়ত চুলিৰ সৈতে জড়িত বহু সমস্যাৰ সমাধানো আপুনি অতি সহজে পাব পাৰে ৷
চুলিৰ বাবে মেথিৰ উপকাৰিতা (Methi Benefits For Hair)
চুলি শক্তিশালী কৰে- মেথিত প্ৰ’টিন থাকে, যিয়ে চুলিক মজবুত কৰে ৷ ইয়াৰ ফলত চুলি সৰাৰ সমস্যা বহু পৰিমাণে কম হয় ৷
উফি কম কৰে- ইয়াৰ ভেঁকুৰ প্ৰতিৰোধী গুণ আছে, যিয়ে উফিৰ সৃষ্টি কৰা ভেঁকুৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰে ৷
চুলিক পুষ্টি প্ৰদান কৰে- ভিটামিন আৰু খনিজ পদাৰ্থই চুলিক সুস্থ কৰি ৰখাত সহায় কৰে আৰু চুলিক চিকচিকিয়া কৰি ৰাখে ৷
চুলিৰ বৃদ্ধিত সহায় কৰে- মেথিত থকা লেক্টিনে চুলিৰ ছিদ্ৰ সক্ৰিয় কৰাত সহায় কৰিব পাৰে ৷
৩ প্ৰকাৰৰ মেথি হেয়াৰ মাস্ক
১/ মেথি আৰু দৈ হেয়াৰ মাস্ক
সামগ্ৰী:
১/৪ কাপ মেথি গুটি
১/৪ কাপ দৈ
পদ্ধতি:
মেথিৰ গুটি পানীত ৰাতি তিয়াই ৰাখিব ৷
ৰাতিপুৱা গুটিখিনি পিচি পেষ্ট বনাই লওক ৷
তাত দৈ দি ভালদৰে মিহলাই লওক ৷
পেষ্টটো চুলিৰ গুৰিত লগাই কিছু সময় থৈ দিয়ক ৷
এতিয়া ঠাণ্ডা পানীৰে ধুই লওক ৷
২/ মেথি আৰু মৌ মাস্ক
সামগ্ৰী:
১/৪ কাপ মেথি গুটি
১ চামুচ মৌ
পদ্ধতি:
মেথিৰ গুটি পানীত ৰাতি তিয়াই ৰাখিব ৷
পুৱা গুটি পিহি পেষ্ট তৈয়াৰ কৰক ৷
তাত মৌ দি ভালদৰে মিহলাই লওক ৷
পেষ্টটো চুলিৰ গুৰিত লগাই কিছু সময় থৈ দিয়ক ৷
এতিয়া ঠাণ্ডা পানীৰে ধুই লওক ৷
৩/ মেথি আৰু কণীৰ মাস্ক
সামগ্ৰী:
- ১/৪ কাপ মেথি গুটি
- ১ কণীৰ কুহুম
পদ্ধতি:
- মেথিৰ গুটি পানীত ৰাতিটো তিয়াই ৰাখিব ৷
- পুৱা গুটি পিচি পেষ্ট তৈয়াৰ কৰি লওক ৷
- তাত কণীৰ কুহুম দি ভালদৰে মিহলাই লওক ৷
- পেষ্টটো চুলিৰ গুৰিত লগাই কিছু সময় থৈ দিব ৷
- এতিয়া ঠাণ্ডা পানীৰে ধুই লওক ৷
মেথি হেয়াৰ মাস্ক লগোৱাৰ সময়ত মনত ৰাখিব এই কথা
- এই মাস্ক সপ্তাহত এবাৰ বা দুবাৰ প্ৰয়োগ কৰিব লাগে ৷
- মাস্ক লগোৱাৰ পিচত ঠাণ্ডা পানীৰে চুলি ধুই লওক, কিয়নো গৰম পানীয়ে চুলি শুকান কৰিব পাৰে ৷
- যদি হেয়াৰ মাস্ক ব্যৱহাৰ কৰাৰ পিচত যিকোনো বস্তুৰ প্ৰতি এলাৰ্জী হয় তেন্তে ইয়াক ব্যৱহাৰ নকৰিব ৷
- নিয়মিতভাৱে চুলিক তেলেৰে মালিচ কৰক, ইয়াৰ ফলত চুলি সদায় সুস্থ হৈ থাকিব ৷ ইচ্ছা কৰিলে আপোনাৰ তেলত মেথি গুটিও দিব পাৰে ৷