ETV Bharat / health

যদি আপোনাৰ চকুত দেখা দিছে এই ৰং তেন্তে হ’ব পাৰে এয়া যকৃতৰ ক্ষতিৰ কাৰণ - Symptoms of Liver Damage

author img

By ETV Bharat Assamese Team

Published : Aug 13, 2024, 4:41 PM IST

Symptoms of liver damage: আজিকালি যকৃতৰ লগত জড়িত ৰোগসমূহ তেনেই সাধাৰণ হৈ পৰিছে । ইয়াৰ চিকিৎসাৰ নামতো মানুহে বহু টকা খৰচ কৰে । ইয়াৰ উপৰিও যকৃতৰ ক্ষতিৰ আগতেও কিছুমান লক্ষণ দেখা দিবলৈ আৰম্ভ কৰে । যাক আওকাণ কৰিলে আপোনাৰ বাবে ক্ষতিকাৰক হ’ব পাৰে । এই লক্ষণবোৰনো কি জানো আহক-

Symptoms of Liver Damage
যদি আপোনাৰ চকুত দেখা দিছে এই ৰং তেন্তে হ’ব পাৰে এয়া যকৃতৰ ক্ষতিৰ কাৰণ (ETV Bharat)

ব্যস্ততাৰে ভৰা এই জীৱনত সকলোৱে কোনোবা নহয় কোনোবা ৰোগত আক্ৰান্ত হয় ৷ সময়মতে খাদ্য নোখোৱা, কাম কৰি থাকোতে সোনকালে ভাগৰুৱা হোৱা আদি বিভিন্ন ৰোগৰ কাৰণ হ’ব পাৰে ৷ এই সন্দৰ্ভত বিশেষজ্ঞসকলে কয় যে, এইবোৰেই হৈছে যকৃতৰ ক্ষতিৰ প্ৰাৰম্ভিক লক্ষণ ৷

যকৃতৰ ক্ষতিৰ লক্ষণ

বহুতে হৃদযন্ত্ৰ আৰু বৃক্কক সুস্থ কৰি ৰাখিবলৈ বহু সাৱধানতা অৱলম্বন কৰে যদিও শৰীৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংগ যকৃতৰ প্ৰতি মানুহে বিশেষ গুৰুত্ব নিদিয়ে ৷ যকৃতে তেজৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰোৱাত সহায় কৰে ৷ খোৱা খাদ্য হজমতো সহায় কৰে ৷ শৰ্কৰাৰ মাত্ৰা বজাই ৰখাতো সহায় কৰে যকৃতে ৷ ক’বলৈ গ’লে একেলগে বহু কাম কৰে যকৃতে ৷

এনে পৰিস্থিতিত যকৃতক সুস্থ কৰি ৰখাটো অতিকৈ প্ৰয়োজনীয় ৷ যদি আপুনিও আপোনাৰ শৰীৰত তলত উল্লেখিত এই লক্ষণসমূহ দেখা দিয়ে তেন্তে আজিয়েই সাৱধান হওক আৰু চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক-

অত্যন্ত ক্লান্তি

কেৱল কামৰ প্ৰেচাৰৰ বাবেউ নহয়, লিভাৰ বেয়া হ’লেও আপুনি অত্যন্ত ভাগৰুৱা অনুভৱ কৰিব পাৰে ৷ অস্ত্ৰোপচাৰ গেষ্ট্ৰ’এণ্টেৰ’লজিষ্ট ডাঃ টি কে লক্ষ্মীকান্তৰ মতে, যেতিয়া আপুনি অকাৰণে অনবৰতে ভাগৰুৱা অনুভৱ কৰে তেতিয়া তৎক্ষণাত কোনো পলম নকৰাকৈ চিকিৎসকৰ পৰামৰ্শ লৈ চিকিৎসা গ্ৰহণ কৰা উচিত ৷

জণ্ডিচ

কোৱা হয় যে যদি আপুনি যকৃতৰ সৈতে জড়িত সমস্যাত আক্ৰান্ত হৈছে তেন্তে আপোনাৰ চকু আৰু ছালৰ ৰং সলনি হ’ব পাৰে ৷ যদি ই সেউজীয়া হয় তেন্তে ইয়াৰ অৰ্থ হ’ল লিভাৰৰ সমস্যা ৷ অৰ্থাৎ জণ্ডিচেও যকৃতৰ সমস্যাৰ ইংগিত দিয়ে ৷ গতিকে যদি আপুনিও একেধৰণৰ লক্ষণ দেখা পায় তেন্তে আপুনি তৎক্ষণাত সজাগ হোৱাটো জৰুৰী ৷

ভোক কমি যোৱা

ডাঃ টি লক্ষ্মীকান্তৰ মতে, লিভাৰ সমস্যাৰ আন এটা লক্ষণ হ’ল ভোক নলগা ৷ যদি আপুনিও কেইবাদিন ধৰি ভোক অনুভৱ নকৰে, তেন্তে সজাগ হওক আৰু সময় নষ্ট নকৰাকৈ চিকিৎসকৰ পৰামৰ্শ লওক ৷

প্ৰস্ৰাৱৰ ৰং সলনি হয়

সাধাৰণতে প্ৰস্ৰাৱৰ ৰং চাই আমি সুস্থ হয় নে নহয় জানিব পাৰো, কিন্তু যকৃতে সঠিকভাৱে কাম কৰি আছে নে নাই সেয়া জনাটোও গুৰুত্বপূৰ্ণ ৷ বিশেষজ্ঞসকলে কয় যে, বিশেষকৈ যদি প্ৰস্ৰাৱ সাধাৰণ ৰঙৰ পৰিৱৰ্তে ডাঠ বা আন যিকোনো ৰং দেখা যায় তেন্তে সেয়া বিপদৰ বিষয় ৷ কাৰণ এয়া যকৃতত সমস্যা হোৱাৰ লক্ষণ হ’ব পাৰে ৷

ওকট পাকট লগা বা বমি ভাৱ

যদি আপুনি বাৰে বাৰে বমি আৰু ওকট পাকট লগাৰ দৰে লক্ষণ অনুভৱ কৰে, তেন্তে বিশেষজ্ঞসকলে আপোনাক সাৱধান হ’বলৈ পৰামৰ্শ দিয়ে ৷ কাৰণ সেই লক্ষণবোৰে যকৃতৰ সমস্যাৰ ইংগিত দিয়ে ৷ ইয়াৰ উপৰিও বহুতে খাদ্য খোৱাৰ লগে লগে বমি ভাৱ অনুভৱ কৰে ৷ ইয়াক যকৃতৰ সমস্যাৰ লক্ষণ বুলিও গণ্য কৰা হয় ৷

কোষ্ঠকাঠিন্য

এই লক্ষণক যকৃতৰ সমস্যাৰ আন এক গুৰুত্বপূৰ্ণ লক্ষণ বুলিও গণ্য কৰা হয় ৷ কাৰণ যকৃতত কিবা সমস্যা হ’লে হজম শক্তিত প্ৰভাৱ পৰে আৰু কোষ্ঠকাঠিন্যৰ দৰে সমস্যাৰ সৃষ্টি হয় ৷

ছালৰ সৈতে জড়িত সমস্যা

খজুৱতি আৰু ফোহা আদি ছালৰ সমস্যাত আপুনি ভুগিছে নেকি ? গতিকে এনে ক্ষেত্ৰত আপুনি সজাগ হোৱা উচিত ৷ অৱশ্যে ডাঃ টি লক্ষ্মীকান্তই বুজাইছে যে ই যকৃতৰ সমস্যাৰ লক্ষণো হ’ব পাৰে ৷ এনে ক্ষেত্ৰত ছালত ৰঙা দাগ গঠন হয় ৷ বিশেষজ্ঞসকলেও কয় যে, ইয়াৰ উপৰিও যদি যকৃতত কোনো সমস্যা হয় তেন্তে পেটৰ বিষ, সঘনাই জ্বৰ হোৱা, একাগ্ৰতাৰ অভাৱ, ডায়েৰিয়া আৰু মুখৰ দুৰ্গন্ধ আদি লক্ষণো সাধাৰণতে দেখা যায় ৷

লগতে পঢ়ক: সংক্ৰমণ তথা ভাইৰেল জ্বৰৰ পৰা নিজকে সুৰক্ষিত ৰাখিবলৈ পান কৰক এইবিধ হালধীয়া পানী - Healthy Drink

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.