ETV Bharat / health

ডায়েবেটিছ নিয়ন্ত্ৰণত লাভদায়ক এইবিধ বনৌষধি...গুৱাহাটী IASSTৰ ডাঙৰ দাবী - SUBABUL

বৰ্তমান অধিকাংশ লোকৰ ক্ষেত্ৰতে ডায়েবেটিছ ৰোগ দেখা যায়, শেহতীয়াকৈ এবিধ উদ্ভিদৰ ওপৰত গুৱাহাটীস্থিত IASST এ কৰা এটি গৱেষণাত আচৰিত তথ্য পোহৰলৈ আহিল যি ডায়েবেটিছত লাভদায়ক-

Subabul: A Potential Natural Solution for Type 2 Diabetes Management
ডায়েবেটিছ নিয়ন্ত্ৰণত লাভদায়ক এইবিধ বনৌষধি...গুৱাহাটী IASSTৰ ডাঙৰ দাবী (ETV Bharat)
author img

By ETV Bharat Health Team

Published : Dec 5, 2024, 11:26 AM IST

আমাৰ অসমত বিভিন্ন ধৰণৰ ঔষধি উদ্ভিদ পোৱা যায় যি আমাৰ স্বাস্থ্যৰ বাবে যথেষ্ট লাভদায়ক ৷ শেহতীয়াকৈ এনে এবিধ উদ্ভিদৰ ওপৰত গুৱাহাটীস্থিত IASST এ কৰা এটি গৱেষণাত আচৰিত তথ্য পোহৰলৈ আহিল ৷

দৰাচলতে, গুৱাহাটীৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ স্বায়ত্তশাসিত প্ৰতিষ্ঠান ইনষ্টিটিউট অৱ এডভান্সড ষ্টাডি ইন চাইন্স এণ্ড টেকন’লজি (আই এ এছ এছ টি)ৰ গৱেষণাৰ মতে, সুবাবুল(Subabul) নামৰ এবিধ পুৰণি ঔষধি উদ্ভিদে টাইপ ২ ডায়েবেটিছৰ সৈতে জড়িত Insulin Resistanceক নিয়ন্ত্ৰণত ৰখাত সহায় কৰে ৷

কি হয় সুবাবুল ?

Subabul বা Leucaena leucocephala (Lam.) ডি উইট হৈছে দ্ৰুত বৃদ্ধি পোৱা মাহজাতীয় এবিধ উদ্ভিদ ৷ যিটো সাধাৰণতে গ্রীষ্মমণ্ডলীয় আৰু উপগ্রীষ্মমণ্ডলীয় অঞ্চলত পোৱা যায় ৷ গছজোপাৰ পাত আৰু অপৰিপক্ক বীজক চূপ বা চালাডৰ ৰূপত কেঁচাকৈ বা সিজাই খোৱা হয় ৷ ই প্ৰ’টিন আৰু আঁহৰ এক উৎকৃষ্ট উৎস ৷ ইয়াক পৰম্পৰাগতভাৱে মানুহ আৰু জীৱ-জন্তুৰ খাদ্য হিচাপে দীৰ্ঘদিন ধৰি খাই অহা হৈছে ৷

কেনেকৈ কাম কৰে এই উদ্ভিদে ?

গৱেষণাৰ দলটোৱে ইনচুলিন প্ৰতিৰোধ ক্ষমতা পৰিচালনাৰ ক্ষেত্ৰত সুবাবুল বীজৰ গুটিৰ চিকিৎসামূলক সম্ভাৱনাৰ ওপৰত অনুসন্ধান কৰে ৷ ইনচুলিন প্ৰতিৰোধ ক্ষমতা হৈছে এনে এক চিকিৎসাজনিত অৱস্থা, য’ত শৰীৰৰ কোষবোৰে ইনচুলিনৰ প্ৰতি কম প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ ইনচুলিন হৈছে পেনক্ৰিয়াচত উৎপন্ন হোৱা এক প্ৰকাৰৰ হৰম’ন, যিয়ে তেজত থকা শৰ্কৰা নিয়ন্ত্ৰণৰ কাম কৰে ৷

এইদৰে কৰা হৈছিল গৱেষণা

ইয়াৰ পিচত দলটোৱে জৈৱ-ক্ৰিয়াশীলতাৰ ভিত্তিত এটা ভগ্নাংশ প্ৰস্তুত কৰি ৪টা সক্ৰিয় যৌগ বাছি লৈছিল, য’ত তেওঁলোকে আটাইতকৈ সক্ৰিয় অংশটো বাছি লৈছিল ৷ জৈৱ সক্ৰিয় অংশটোৱে মুক্ত ফেটি এচিড প্ৰৰোচিত কংকাল পেশী কোষ (C2C12)ত ইনচুলিন সংবেদনশীলতা বৃদ্ধি হোৱা দেখা গৈছিল ৷

ইয়াৰ উপৰিও দলটোৱে কয় যে, "উদ্ভিদৰ পৰা পৃথক কৰা সক্ৰিয় যৌগ কুৱেৰচেটিন-৩-গ্লুক'চাইডে মাইট'কণ্ড্ৰিয়াল ডিএচিটাইলেজ এনজাইম চিৰ্টুইন ১ (SIRT1)ৰ আপ-ৰেগুলেচনৰ উপস্থিতিও এই উদ্ভিদত পোৱা গৈছে, যিয়ে ইনচুলিনৰ সংবেদনশীলতা নিয়ন্ত্ৰণ কৰাত সহায় কৰে, লগতে GLUT2ৰ আপ-ৰেগুলেটেড ট্ৰেন্সলকেচন দেখুৱাইছে ৷ GLUT2 হৈছে একপ্ৰকাৰৰ প্ৰ’টিন ৷" গ্লুক’জ আৰু ফ্ৰুক্ট’জ কোষৰ আৱৰণৰ ওপৰেৰে কঢ়িয়াই নিয়াত সহায় কৰা প্ৰ’টিন ৷ এই অধ্যয়নত হাইড্ৰজেন বান্ধনী গঠনৰ জৰিয়তে SIRTI অৱশিষ্টৰ সৈতে কুৱেৰচেটিন-৩-গ্লুক’চাইডৰ সুস্থিৰ পাৰস্পৰিক ক্ৰিয়াও দেখা গৈছে ৷

গৱেষকসকলে কয় যে, এ চি এছ ওমেগা আলোচনীত প্ৰকাশিত তথ্যই গ্লুক’জ শোষণ বৃদ্ধিৰ ক্ষেত্ৰত এই উদ্ভিদৰ চিকিৎসামূলক সম্ভাৱনা উপস্থাপন কৰিছে, কিয়নো এই উদ্ভিদ ডায়েবেটিছ আৰু ইয়াৰ সৈতে জড়িত ৰোগৰ বাবে ব্যৱহাৰ কৰিব পাৰি ৷

উৎস:- https://pib.gov.in/PressReleaseIframePage.aspx?PRID=2080193

লগতে পঢ়ক: ঋতুস্ৰাৱৰ অসহ্যকৰ বিষৰ পৰা সকাহ দিয়াত লাভদায়ক এই বীজ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.