ETV Bharat / health

নিপাহ ভাইৰাছৰ ভয়াৱহতা বৃদ্ধি...শৰীৰত এই লক্ষণসমূহ দেখিলেই হওক সজাগ - Nipah Virus

author img

By ETV Bharat Health Team

Published : Sep 17, 2024, 4:05 PM IST

Nipah Virus: কেৰালাৰ মালাপ্পুৰম জিলাত নিপাহ ভাইৰাছ সংক্ৰমণৰ ফলত ২৪ বছৰীয়া ছাত্ৰৰ মৃত্যু হয়, ইয়াৰ পিছতে ৰাজ্য চৰকাৰে ততাতৈয়াকৈ জাৰি কৰিছে সতৰ্কবাণী । সেয়ে আজিয়েই জানি লওক ইয়াৰ লক্ষণ তথা প্ৰতিৰোধৰ ব্যৱস্থা...

Nipah virus Alert issued in Kerala after student's death; wearing mask mandatory, let's know its symptoms
নিপাহ ভাইৰাছৰ ভয়াৱহতা বৃদ্ধি...শৰীৰত এই লক্ষণসমূহ দেখিলেই হওক সজাগ (ETV Bharat)

কেৰালাৰ মালাপ্পুৰম জিলাত নিপাহ ভাইৰাছ সংক্ৰমণৰ বাবে এজন ২৪ বছৰীয়া ছাত্ৰৰ মৃত্যু হয়, ইয়াৰ পিছতে ৰাজ্য চৰকাৰে ততাতৈয়াকৈ জাৰি কৰে সতৰ্কবাণী৷ সংক্ৰমণ প্ৰতিৰোধৰ বাবে প্ৰশাসনে বহু গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰাৰ লগতে স্থানীয় অঞ্চলসমূহক কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে ৷

সম্প্ৰতি নাগৰিকসকলক মাস্ক পৰিধান কৰি জনবহুল স্থানলৈ নাযাবলৈ আহ্বান জনোৱা হৈছে ৷ ইয়াৰ সমান্তৰালকৈ বিদ্যালয়, মহাবিদ্যালয়, টিউচন চেণ্টাৰ, মাদ্ৰাছা, অংগনবাড়ী, চিনেমা হল আদি বন্ধ কৰি দিয়া হৈছে ৷ অৱশ্যে পুৱা ১০ বজাৰ পৰা সন্ধিয়া ৭ বজালৈ দোকান-বিপনী খোলাৰ অনুমতি দিয়া হৈছে ৷

আপোনালোকক জনাই দিও যে নিপাহ ভাইৰাছ এটা অতি মাৰাত্মক ভাইৰাছ, যাৰ ভয়াৱহতা পূৰ্বেও কেৰালাত দেখা গৈছে ৷ এই ভাইৰাছে মানুহ আৰু জীৱ-জন্তু উভয়কে সংক্ৰমিত কৰিব পাৰে আৰু ইয়াৰ সংক্ৰমণ দ্ৰুতগতিত বিয়পে ৷ নিপাহ ভাইৰাছত আক্ৰান্ত ব্যক্তিৰ প্ৰাৰম্ভিক লক্ষণ দেখা দিয়াৰ পিচত এই অৱস্থা দ্ৰুতগতিত অৱনতি ঘটিব পাৰে আৰু ই আক্ৰান্ত ব্যক্তিগৰাকীৰ বাবে মাৰাত্মক প্ৰমাণিত হ’ব পাৰে ৷

মালাপ্পুৰমত সতৰ্কতাবাণী জাৰি কৰাৰ পিচত লোৱা পদক্ষেপ

ছাত্ৰজনৰ মৃত্যুৰ পিছত প্ৰশাসনে সংক্ৰমিত অঞ্চলসমূহৰ ৫টা চিভিক ৱাৰ্ডক কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে ৷ এই সময়ছোৱাত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰা হৈছে ৷ সংক্ৰমণ ৰোধৰ বাবে বিদ্যালয়, মহাবিদ্যালয়, অংগনবাড়ী আদি শিক্ষানুষ্ঠান বন্ধ কৰি দিয়া হৈছে ৷ ইয়াৰ উপৰিও দোকান খোলাৰ আৰু বন্ধ কৰাৰ সময়ো নিৰ্ধাৰণ কৰা হৈছে ৷ সামাজিক সমাৱেশ আৰু জনবহুল অঞ্চলৰ পৰা আঁতৰি থাকিবলৈ প্ৰশাসনে ইতিমধ্যে আহ্বান জনাইছে ৷

১৭৫ টাতকৈও অধিক যোগাযোগ চিনাক্ত কৰা

সংক্ৰমণ ৰোধৰ বাবে স্বাস্থ্য বিভাগে কঠোৰ পৰিশ্ৰম কৰি সংস্পৰ্শলৈ অহা লোকসকলক চিনাক্ত কৰিছে ৷ ১৭৫ জনতকৈ অধিক সংস্পৰ্শলৈ অহা লোক চিনাক্ত কৰা হৈছে আৰু তেওঁলোকৰ ওপৰত তীক্ষ্ণ নজৰ ৰখা হৈছে ৷ তেওঁলোকক আছুতীয়াকৈ ৰখা হৈছে আৰু নিয়মীয়াকৈ পৰীক্ষা কৰা হৈছে ৷ ইয়াৰ লগতে সংক্ৰমিত ব্যক্তিৰ সংস্পৰ্শলৈ অহা আন লোকসকলকো সতৰ্ক কৰি দিয়া হৈছে যাতে যিকোনো নতুন সংক্ৰমণৰ আৰম্ভণি ৰোধ কৰিব পৰা যায় ৷

নিপাহ ভাইৰাছৰ লক্ষণ

  • উচ্চ জ্বৰ
  • মূৰৰ বিষ আৰু পেশীৰ বিষ
  • ডিঙি বিষ
  • দুৰ্বলতা আৰু ক্লান্তি
  • উশাহ লোৱাত সমস্যা
  • বমি আৰু ডায়েৰিয়া
  • বিভ্ৰান্তি আৰু মানসিক অৱস্থাৰ পৰিৱৰ্তন

নিপা ভাইৰাছ কেনেকৈ বিয়পে ?

আক্ৰান্ত বাদুলিৰ জৰিয়তে নিপা ভাইৰাছ বিয়পে ৷ আক্ৰান্ত বাদুলিৰ শৰীৰৰ তৰল পদাৰ্থ যেনে লেলাউটি বা প্ৰস্ৰাৱৰ সংস্পৰ্শৰ দ্বাৰা এই ভাইৰাছ বিয়পিব পাৰে ৷ এই ভাইৰাছ সংক্ৰমিত ব্যক্তিৰ পৰা আন ব্যক্তিৰ দেহলৈও বিয়পিব পাৰে, গতিকে যিসকলে আক্ৰান্ত ব্যক্তিৰ সংস্পৰ্শলৈ আহিছে, তেওঁলোকে তৎক্ষণাত স্বাস্থ্য বিভাগৰ সৈতে যোগাযোগ কৰি নিজৰ স্বাস্থ্য পৰীক্ষা কৰোৱাটো অতি প্ৰয়োজনীয় ৷

লগতে পঢ়ক: Nipah Virus: সাৱধান! নিপাহ ভাইৰাছৰ নাই কোনো ঔষধ, শৰীৰত এনে লক্ষণ দেখা দিলে হওক সচেতন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.