ইন্টাৰনেশ্যনেল ডেস্ক, 10 মাৰ্চ: মহিলাৰ বাবে আটাইতকৈ স্বাভাৱিক পৰিৱৰ্তন হ’ল ৰজোনিবৃত্তি। ৰজোনিবৃত্তি হ’ল মহিলাৰ ঋতুচক্ৰ শেষ হোৱাৰ সময় আৰু ১২ মাহ ধৰি মাহেকীয়া নোহোৱাকৈ থাকিলে ইয়াক নিশ্চিত কৰিব পাৰি ।
বেছিভাগ মহিলাই ৰজোনিবৃত্তিৰ অৱস্থাটো সহজে গ্ৰহণ কৰিব নোৱাৰে ৷ কাৰণ তেওঁলোকে বয়স আৰু স্বাস্থ্য বৃদ্ধিৰ লগত জড়িত সমস্যাৰ সন্মুখীন হ’বলৈ আৰম্ভ কৰে ৷ ভাৰতত ৰজোনিবৃত্তিৰ গড় বয়স প্ৰায় ৪৮ৰ পৰা ৫০ বছৰৰ ভিতৰত ৷ যদি ৪৫ বছৰ বয়সৰ আগতেই আপোনাৰ মাহেকীয়া বন্ধ হয় বা ৫২ বছৰ বয়সৰ পিছতো মাহেকীয়া হৈ থাকে, তেন্তে ই এক চিন্তনীয় বিষয় ৷ এনে হ’লে পলম নকৰাকৈ চিকিৎসকৰ লগত যোগাযোগ কৰক ৷
গতিকে, ৰজোনিবৃত্তিত কেনেধৰণৰ লক্ষণ দেখা যায় আৰু এই সময়ছোৱাত নিজৰ স্বাস্থ্যৰ যত্ন কেনেকৈ ল’ব লাগে, সেই বিষয়ে জনাটো অতি প্ৰয়োজনীয় ৷
ৰজোনিবৃত্তি কিয় হয় ?
মহিলাৰ শৰীৰত অৱস্থিত ডিম্বাশয়ৰ কাৰ্যক্ষমতা হ্ৰাস পোৱাৰ বাবে ইষ্ট্ৰজেন আৰু প্ৰজেষ্টেৰন নামৰ মহিলা হৰম’নৰ নিঃসৰণো কমিবলৈ আৰম্ভ কৰে ৷ ইয়াৰ বাবে ঋতুচক্ৰৰ সময় কমি যায় বা ক্ৰমান্বয়ে ৰক্তক্ষৰণ কমিবলৈ আৰম্ভ কৰে ৷ বহু মহিলাৰ ঋতুচক্ৰৰ সময় দীঘলীয়া হয় আৰু কিছুমানৰ ক্ষেত্ৰত হঠাৎ শেষ হয় ৷ যদি এগৰাকী মহিলাৰ এবছৰলৈকে মাহেকীয়া নহয়, তেন্তে ইয়াক ৰজোনিবৃত্তি বুলি ক’ব পাৰি ৷
ৰজোনিবৃত্তিৰ লক্ষণ
ৰজোনিবৃত্তিৰ সময়ত মহিলাৰ শৰীৰৰ উষ্ণতাত অনিশ্চয়তা দেখা যায় ৷ কিছুমান মহিলাৰ ক্ষেত্ৰত উচ্চ জ্বৰৰ দৰে লক্ষণো দেখা দিয়ে, যাক হট ফ্লেছ বুলি জনা যায় ৷ গ্ৰীষ্মকালতো হঠাৎ ঠাণ্ডা অনুভৱ কৰা বা শীতকালত ঘাম ওলোৱা আদি ইয়াৰ সাধাৰণ লক্ষণ ৷
মেডান্টা হাস্পতালৰ ইউৰ'গাইনেক'লজীৰ জ্যেষ্ঠ পৰামৰ্শদাতা ডাঃ অমিতা জৈনে কয়, ‘‘আমাৰ আইতা, মায়েও ৰজোনিবৃত্তিৰ সৈতে মুখামুখি হৈছে ৷ ই জীৱনৰ এটা স্বাভাৱিক পৰিৱৰ্তন আৰু ইয়াৰ বাবে ৰজোনিবৃত্তিৰ হৰম’ন থেৰাপী (Menopausal Hormone Therapy) গ্ৰহণ কৰাটো বাঞ্চনীয় নহয় । প্ৰতিগৰাকী ৰজোনিবৃত্তি হোৱা মহিলাৰ বাবে ইয়াৰ প্ৰয়োজন নাই । কেৱল কিছুমান অন্য লক্ষণ যিয়ে মহিলাসকলৰ দৈনন্দিন কাম-কাজত প্ৰভাৱ পেলায় বাধাৰ সৃষ্টি কৰে সেই অনুযায়ীহে চিকিৎসকে চিকিৎসা প্ৰদান কৰে’’ ৷
এনেদৰে নিজকে সুস্থ আৰু সক্ৰিয় কৰি ৰাখক
- বয়সৰ এই পৰ্যায় পোৱাৰ পিচত সেউজীয়া শাক-পাচলি, গজালি ওলোৱা বুট-মগু, সতেজ ফল-মূল আৰু ৰস দৈনন্দিন খাদ্যত বিশিষ্টভাৱে অন্তৰ্ভুক্ত কৰক ৷
- দৈনিক এগিলাচ চৰ্বিমুক্ত গাখীৰ খাবলৈ নাপাহৰিব ৷ এই বয়সত হাড়বোৰ দুৰ্বল হ’বলৈ আৰম্ভ কৰে আৰু ইয়াক শক্তিশালী কৰিবলৈ আমি গাখীৰ আৰু দৈৰ পৰা পৰ্যাপ্ত পৰিমাণৰ কেলচিয়াম লাভ কৰিব পাৰো ৷
- চয়াবিনৰ পৰা তৈয়াৰী বস্তু খাদ্যত নিশ্চয়কৈ অন্তৰ্ভুক্ত কৰক কাৰণ ইয়াত থকা আইছ’ফ্লেভন নামৰ উদ্ভিদজাত ইষ্ট্ৰজেন আপোনাৰ শৰীৰৰ লগতে মগজুৰ বাবেও অতি উপকাৰী বুলি প্ৰমাণিত হয় ৷
- দৈনিক বিশ মিনিটৰ বাবে দ্ৰুত গতিত খোজ কাঢ়ক ৷ চিকিৎসকৰ পৰামৰ্শ লোৱাৰ পিচত আপুনি সাঁতোৰা, স্কিপিং আৰু চাইকেল চলোৱা আদি ব্যায়াম কৰিব পাৰে ৷
- নিয়মীয়া স্বাস্থ্য পৰীক্ষা কৰিবলৈ নাপাহৰিব ৷ বছৰত এবাৰ স্তন-মেম’গ্ৰাফী আৰু জৰায়ুৰ পেলভিক আল্ট্ৰাছাউণ্ডৰ পেপ স্মিয়ৰ কৰাব লাগে ৷ হৃদযন্ত্ৰৰ অৱস্থাৰ বাবে লিপিড প্ৰফাইল আৰু ইচিজি, হাড়ৰ ঘনত্বৰ অৱস্থা জানিবলৈ হাড়ৰ ঘনত্ব পৰীক্ষা কৰাওক ৷ এই বয়সত চুগাৰৰ পৰীক্ষাও প্ৰয়োজনীয় ৷
- মনত ৰাখিব ৰজোনিবৃত্তি যৌৱনৰ অন্ত নহয়, প্ৰাপ্তবয়স্কৰ আৰম্ভণিহে ৷ এই বয়সত আপুনি অধিক পৰিপক্ক হয় ৷ গতিকে সুখী আৰু সক্ৰিয় হৈ থাকক ৷ ইতিবাচক চিন্তাধাৰা গ্ৰহণ কৰক আৰু এই সময়ছোৱাক মনৰ পৰা গ্ৰহণ কৰক যাতে আপুনি সুস্থ হৈ থাকিব পাৰে ৷
লগতে পঢ়ক: তিনিটা বৃক্ক থকা এজন লোক: ক’ত এই ঘটনা ?