ETV Bharat / health

যাদুকৰী গুণ আছে এই পাতত, আজিৰ পৰাই খোৱাৰ অভ্যাস কৰক, শৰীৰৰ পৰা পলাই পত্ৰং দিব এই ৬টা ৰোগ - Moringa Leaves - MORINGA LEAVES

Moringa Benefits: চজিনাৰ পাত আমাৰ স্বাস্থ্যৰ বাবে কোনো আশীৰ্বাদতকৈ কম নহয় । যি আমাৰ আশে-পাশে অতি সহজে পোৱা যায় । যাক নিয়মীয়াকৈ খালে হৃদৰোগ, যকৃতৰ ক্ষতি আৰু মধুমেহ ৰোগৰ দৰে মাৰাত্মক ৰোগৰ সম্ভাৱনা কম কৰিব পৰা যায় । কেনেকৈ জানো আহক-

Know the Incredible Health Benefits of Moringa Leaves
চজিনাৰ পাতৰ উপকাৰিতা (CANVA)
author img

By ETV Bharat Health Team

Published : Aug 21, 2024, 10:48 AM IST

মৰিংগা বা ড্ৰামষ্টিক বুলিও জনাজাত চজিনা এবিধ কোনো যাদুকৰী গছতকৈ কম নহয় ৷ ভাৰতত যুগ যুগ ধৰি আয়ুৰ্বেদত ইয়াৰ ব্যৱহাৰ হৈ আহিছে ৷ ইয়াৰ ফুল, গুটি, ফল-মূল আৰু শিপা আটাইবোৰেই পুষ্টিকৰ উপাদানৰে সমৃদ্ধ যদিও ইয়াৰ পাত সেৱন কৰাটো আটাইতকৈ স্বাস্থ্যকৰ বুলি গণ্য কৰা হয় ৷

এন চি বি আইৰ প্ৰতিবেদন অনুসৰি চজিনাৰ পাতত ভিটামিন (A, C, E), খনিজ পদাৰ্থ (কেলচিয়াম, পটাছিয়াম আৰু আইৰণ) আৰু প্ৰয়োজনীয় এমিনো এচিডকে ধৰি পুষ্টিকৰ পদাৰ্থৰ শক্তিশালী উপাদান পোৱা যায়৷ চজিনাত কুৱেৰচেটিন, ক্ল’ৰ’জেনিক এচিড আৰু বিটা-কেৰটিনৰ দৰে এন্টিঅক্সিডেন্টৰে ভৰপূৰ ৷ সেয়ে ইয়াক সেৱন কৰিলে আয়ুস হ্ৰাস কৰা এই ৬টা ৰোগৰ পৰা আমি হাত সাৰি থাকিব পাৰো ৷

নেচনেল ইনষ্টিটিউট অৱ হেল্থৰ প্ৰতিবেদন অনুসৰি চজিনাৰ পাত খালে Non-Alcoholic Fatty Liverৰ পৰা হাত সাৰিব পাৰি ৷ ইয়াত থকা পুষ্টিকৰ উপাদানসমূহে যকৃতৰ প্ৰদাহ কমায় আৰু ইয়াক ক্ষতিৰ পৰা ৰক্ষা কৰাতো ফলপ্ৰসূ ৷

ৰক্তচাপ

চজিনাত থকা এন্টিঅক্সিডেন্ট কোৱাৰচেটিনে ৰক্তচাপ হ্ৰাস কৰাত সহায় কৰে ৷ ইয়াৰ উপৰিও ইয়াৰ পাতত পটাছিয়ামো থাকে, যাৰ ফলত ধমনীত তেজৰ চলাচল সহজ হৈ পৰে ৷

ডায়েবেটিছ

চজিনাৰ পাতত ইনচুলিনৰ দৰে পদাৰ্থ থাকে, যিয়ে ৰক্ত শৰ্কৰা বৃদ্ধি নিয়ন্ত্ৰণত সহায় কৰে ৷ ইয়াৰ উপৰিও চজিনাত থকা আঁহে তেজত শৰ্কৰাৰ শোষণো লেহেমীয়া কৰে, যাৰ ফলত ডায়েবেটিছৰ সম্ভাৱনা হ্ৰাস পায় ৷

কলেষ্টেৰল

চজিনাত আঁহ আৰু এন্টিঅক্সিডেন্ট থাকে যিয়ে তেজত বেয়া কলেষ্টেৰল (LDL)ৰ মাত্ৰা হ্ৰাস কৰাত সহায় কৰে ৷ ইয়াৰ ব্লকেজৰ ফলত ষ্ট্ৰোক আৰু হাৰ্ট এটেকৰ সম্ভাৱনা কম হয় ৷

কোষ্ঠকাঠিন্য

চজিনাৰ পাতত পোৱা আঁহে হজম শক্তি উন্নত কৰাত সহায় কৰে আৰু কোষ্ঠকাঠিন্যৰ পৰা উপশম দিয়ে ৷ ইয়াৰ উপৰিও চজিনাত থকা প্ৰদাহ নিবাৰণকাৰী গুণে পাচনতন্ত্ৰৰ সমস্যাৰ পৰাও সকাহ দিব পাৰে ৷

মেদবহুলতা

চজিনাত আঁহ আৰু প্ৰ’টিন থাকে যিয়ে ভোক নিয়ন্ত্ৰণত সহায় কৰে ৷ ইয়াৰ উপৰিও চজিনাত থকা ক্ল’ৰ’ফিলে ওজন হ্ৰাস কৰাত সহায় কৰিব পাৰে ৷

লগতে পঢ়ক: আজিয়েই আপোনাৰ খাবলৈ মন যাব চজিনা: পঢ়ক এই প্ৰতিবেদন - moringa oleifera benefits

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.