এপ্ৰিল মাহ আৰম্ভ হৈছেহে গৰমত ৰাইজে চাটিফুটি কৰি তত পোৱা নাই । বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি এইবাৰ বিগত বছৰবোৰতকৈ বেছি গৰম হ’ব পাৰে, যাৰ বাবেই ইতিমধ্যে মানুহ চিন্তাত পৰিছে । এই সময়ছোৱাত ডিহাইড্ৰেচন এটা সাধাৰণ সমস্যা হৈ পৰে । ছানবাৰ্ণ, হিট ষ্ট্ৰ’ক আদি সমস্যায়ো দেখা দিব পাৰে । কিন্তু বহু কথা মনত ৰাখি এই সমস্যাবোৰৰ পৰা হাত সাৰিব পাৰি ।
ইটিভি ভাৰতে ডায়েটিচিয়ান ডাঃ ৰবীন্দ্ৰ দেশমুখৰ সৈতে কথা পাতিছিল যে কিমান পানী খাব লাগে আৰু নিজকে কেনেকৈ হাইড্ৰেটেড কৰি ৰাখিব লাগে ৷ তলত সাক্ষাৎকাৰৰ কথাখিনি উল্লেখ কৰা হ’ল-
গ্ৰীষ্মকালত তৰল পদাৰ্থ গ্ৰহণৰ পৰিমাণ বৃদ্ধি কৰিব লাগে ৷ কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে আপুনি ৰঙী-বিৰঙী পেকেটৰ পানীয় সেৱন কৰিবলৈ আৰম্ভ কৰিব । পানীয়ৰ কথা ক’বলৈ গ’লে নেমুৰ শিকাঞ্জী সেৱন কৰাটো এটা উত্তম বিকল্প । ইয়াত পদিনা পাতো দিব পাৰে ।
নাৰিকল পানীও অতি উপকাৰী বুলি গণ্য কৰা হয় । ইয়াত মেগনেছিয়াম, পটাছিয়াম আৰু কেলচিয়াম প্ৰচুৰ পৰিমাণে পোৱা যায় । ই শৰীৰৰ ইলেক্ট্ৰলাইটৰ ভাৰসাম্য ৰক্ষাতো সহায় কৰে । শিশুক নাৰিকল পানীৰ লগত তৰমুজৰ ৰস মিহলাই খুৱাব পাৰে ।
নিজকে হাইড্ৰেটেড কৰি ৰখাৰ বাবে বাটাৰমিল্ক এটা ভাল বিকল্প । ই কেৱল এক উন্নত প্ৰ’বায়োটিক পানীয়ই নহয়, ই শৰীৰক যথেষ্ট শীতলতা প্ৰদান কৰে । বাটাৰমিল্কত পুদিনা পাত, জিৰা, জালুক আৰু ক'লা নিমখ মিহলি কৰি খাওক ।
গ্ৰীষ্মকালত চিয়া বীজৰ ৰস খোৱাতোও ভাল । ইয়াক তিয়ঁহৰ ৰসৰ লগতো মিহলাই খাব পাৰি ৷ কাঞ্জি সেৱন কৰিলেও গ্ৰীষ্মকালত স্বাস্থ্য সুস্থ হৈ থাকে । কাঞ্জি হজম শক্তি ঠিক কৰি ৰাখে ৷ গ্ৰীষ্মকালত দোকানত সজাই থোৱা পানীয়ৰ পৰিৱৰ্তে তৰমুজ, তিয়ঁহ, কমলা বা মৌচুমী ৰসো খাব পাৰে ।
বতৰৰ ফল-মূল সেৱন কৰক: ডাঃ ৰবীন্দ্ৰই কয় যে গ্ৰীষ্মকালত উপলব্ধ ঋতুভিত্তিক ফল খাওক সকলোৱে । ইয়াত প্ৰচুৰ পৰিমাণে পানী থাকে । তৰমুজ, আঙুৰ আদি ফল নিতৌ খাব ৷
ইয়াৰ উপৰিও, আপুনি আপোনাৰ আহাৰত তিয়ঁহ, বিলাহীৰ দৰে পাচলি অন্তৰ্ভুক্ত কৰিব পাৰে । অধিক পৰিমাণৰ পানী থাকে এই পাচলিত, যাৰ বাবে শৰীৰত পানীৰ অভাৱ নহয় । একে সময়তে কম দামত ঋতু অনুসৰি ফলমূল আৰু শাক-পাচলি ক্ৰয় কৰক । ওপৰত উল্লেখ কৰা ফল-মূল আৰু শাক-পাচলিৰ ৰস খাই থাকিলে শৰীৰত প্ৰ’টিনৰ পৰিমাণ বৰ্তি থাকে ।
কিমান পানী খাব লাগে: গ্ৰীষ্মকালত নিজকে স্বাস্থ্যৱান কৰি ৰাখিবলৈ সঠিক পৰিমাণৰ পানী খোৱাটো অতি গুৰুত্বপূৰ্ণ । ই আমাৰ শৰীৰত জৈৱৰাসায়নিক প্ৰতিক্ৰিয়া, শৰীৰত পুষ্টিৰ সঠিক যোগান, দেহৰ পৰা অলাগতিয়াল বস্তু উলিয়াই দিয়া, শৰীৰৰ উষ্ণতা আৰু ৰক্ত সঞ্চালন নিয়ন্ত্ৰণ কৰা আদি কাম কৰে ।
কেৱল এয়াই নহয় ৷ হজম শক্তি, কোষ্ঠকাঠিন্য, হৃদস্পন্দন, অংগ আৰু কলাৰ বাবেও ই অতি প্ৰয়োজনীয় । শৰীৰত পানীৰ অভাৱ হ’লেই ডিহাইড্ৰেচন হয় ৷ সকলো সমস্যাৰ পৰা হাত সাৰিবলৈ নিজকে হাইড্ৰেটেড কৰি ৰখাটো অতি প্ৰয়োজনীয় । গৰমৰ দিনত কমেও দুই লিটাৰ পানী খাব লাগে ।
কি কি পৰিহাৰ কৰা উচিত: কিছুমান বস্তু আছে যিয়ে শৰীৰক ডিহাইড্ৰেট কৰে । যেনে কফি, বিয়েৰ, ৱাইন, এনাৰ্জি ড্ৰিংক আৰু মিঠা চাহ ইত্যাদি । সেইবোৰত নিমখ আৰু চেনী অধিক থাকে, যি শৰীৰত পানীৰ পৰিমাণ হ্ৰাস কৰিব পাৰে । ইয়াৰ বাহিৰেও, বজাৰত পোৱা পেক কৰা পানীয় ব্যৱহাৰ কৰা পৰিহাৰ কৰিব লাগে । পেক কৰা খাদ্যবোৰ গ্ৰীষ্মকালত সোনকালে নষ্ট হ'বলৈ আৰম্ভ কৰে ৷ যাৰ ফলত পাকস্থলীৰ সংক্ৰমণ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায় । সেইবোৰ খোৱাটোৱে শৰীৰৰ ওজনো বৃদ্ধি কৰে ।
কেইবাবাৰো গা ধোৱা: গ্ৰীষ্মকালত অত্যাধিক ঘাম ওলায় ৷ যাৰ ফলত শৰীৰত পানীৰ অভাৱ হয় । যদি আপুনি কেইবাবাৰো ঠাণ্ডা পানীৰে গা ধোৱে, তেতিয়া ঘামৰ পৰিমাণ কমি থাকে আৰু ডিহাইড্ৰেচনৰ সমস্যাও নহয় ৷
লগতে পঢ়ক : ভুলতো নাখাব অতিমাত্ৰা পানী ! - Drinking Excessive Water Problems