ETV Bharat / health

অনন্ত-ৰাধিকাৰ বিবাহৰ পিচতে খাদ্য বিষক্ৰিয়াত ভুগিছে জাহ্নৱী কাপুৰ : আপুনিও বাৰিষাকালত নকৰিব এই ভুল - Janhvi Kapoor

author img

By ETV Bharat Assamese Team

Published : Jul 19, 2024, 4:12 PM IST

Janhvi Kapoor Food Poisoning: অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ বিয়াৰ পিচতে জাহ্নৱী কাপুৰক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । কোৱা হৈছে যে তেওঁৰ ফুড পইজনিং হৈছে । বাৰিষাৰ সময়ত এইবোৰ চোৱাচিতা নকৰিলে আপুনিও ইয়াৰ বলি হ’ব পাৰে ।

Janhvi Kapoor admitted to the hospital due to food poisoning, don't make this mistake during the rainy season it can make you sick
অনন্ত-ৰাধিকাৰ বিবাহৰ পিছতে খাদ্য বিষক্ৰিয়াত ভুগিছে জাহ্নৱী কাপুৰ; আপুনিও বাৰিষাকালত নকৰিব এই ভুল (ETV Bharat)

খাদ্য বিষক্ৰিয়াৰ বাবে বলীউডৰ অভিনেত্ৰী জাহ্নৱী কাপুৰক ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । সংবাদ মাধ্যমৰ খবৰ অনুসৰি বুধবাৰে নিশা অভিনেত্ৰীগৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটাত চিকিৎসালয়লৈ লৈ যোৱা হয় । চিকিৎসকে তেওঁৰ পেটত সংক্ৰমণ হোৱা বুলি ধৰা পেলায় আৰু বৰ্তমান অভিনেত্ৰীগৰাকীৰ চিকিৎসা অব্যাহত আছে । ইফালে চিকিৎসকে দুদিনৰ পিচত তেওঁ ডিচচাৰ্জ দিয়া হ’ব বুলিও জানিবলৈ দিয়ে ।

বাৰিষাৰ সময়ত খাদ্য বিষক্ৰিয়াৰ আশংকা বহু পৰিমাণে বৃদ্ধি পায়। এই ঋতুত খাদ্য আৰু পানীত ভেঁকুৰ তথা বেক্টেৰিয়াই আশ্ৰয় লয় যাৰ ফলত এই ৰোগ হোৱাটো অতি সাধাৰণ হৈ পৰিছে । কিন্তু তাৎক্ষণিকভাৱে চিকিৎসা গ্ৰহণ কৰিলে ২-৩ দিনতেই আৰোগ্য লাভ কৰিব পাৰি ৷ কিন্তু ইয়াৰ বাবে আক্ৰান্ত লোকজনে কেইবাদিনো শৰীৰত দুৰ্বলতাৰ অনুভৱ হ’ব পাৰে । এনে পৰিস্থিতিত ইয়াৰ পৰা পৰিত্ৰাণ লাভ কৰাটো অতি প্ৰয়োজনীয় । সেয়ে আজি আমি এই প্ৰতিবেদনত আপোনালোকক কিছুমান ভুলৰ বিষয়ে ক’বলৈ ওলাইছো যিয়ে আপোনাক খাদ্য বিষক্ৰিয়াত ভোগাৰ পৰা ৰক্ষা কৰিব পাৰে-

এই সময়ছোৱাত পচি যোৱা বা নষ্ট হোৱা খাদ্য খোৱাটো খাদ্য বিষক্ৰিয়াৰ আটাইতকৈ সাধাৰণ কাৰণ । সদায় সতেজ আৰু ভালকৈ সিজোৱা খাদ্যহে আমি খাব লাগে । বাৰিষাকালত কেঁচা শাক-পাচলি খোৱাৰ পৰা বিৰত থাকিব লাগে । কাৰণ এই সময়ছোৱাত শাক-পাচলিত পোক, ভেঁকুৰ বেক্টেৰিয়া আদি যথেষ্ট পৰিমাণে বৃদ্ধি পায় ৷

বিশুদ্ধ পানী নোখোৱা

দূষিত পানী খাদ্য বিষক্ৰিয়াৰ প্ৰধান কাৰণ । খোৱাৰ বাবে সদায় ফিল্টাৰ কৰা বা উতলাইহে পানী খাব লাগে । বাহিৰৰ বৰফ বা ঠাণ্ডা পানীয় পৰিহাৰ কৰক ।

ফল-মূল আৰু শাক-পাচলি সঠিকভাৱে ধুই নোখোৱা

নোধোৱা ফল-মূলত ক্ষতিকাৰক বেক্টেৰিয়া থাকিব পাৰে । এনে অৱস্থাত কেঁচা ফল-মূল খোৱাৰ আগতে পৰিষ্কাৰ পানীৰে ভালদৰে ধুব লাগে ।

হাতৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ যত্ন নোলোৱা

আমাৰ হাতত বীজাণু থাকিব পাৰে, যিবোৰ খাদ্যৰ ভিতৰত সোমাই আমাক অসুস্থ কৰি তুলিব পাৰে । খাদ্য খোৱাৰ আগতে, খাদ্য প্ৰস্তুত কৰাৰ আগতে আৰু পিচত, আৰু শৌচাগাৰ ব্যৱহাৰ কৰাৰ পিচত সদায় চাবোনেৰে ভালদৰে হাত ধুব লাগে ।

খাদ্যৰ উষ্ণতাৰ প্ৰতি গুৰুত্ব নিদিয়া

৪০ ডিগ্ৰী চেলছিয়াছৰ পৰা ১৪০ ডিগ্ৰী চেলছিয়াছৰ উষ্ণতাত বেক্টেৰিয়া দ্ৰুতগতিত বৃদ্ধি পায় । এনে পৰিস্থিতিত সিজোৱা খাদ্য কোঠাৰ উষ্ণতাত বেছি সময় নাৰাখিব । বাকী থকা খাদ্য সোনকালে ফ্ৰীজত থৈ দিব বা পেলাই দিব ।

লগতে পঢ়ক: অনন্ত-ৰাধিকাৰ বিয়াত কমলা লেহেংগাত কাৰ হিয়া জুৰালে জাহ্নৱীয়ে - Anant Radhika Wedding

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.