ETV Bharat / health

কঁঠালৰ গুটি খাই ভাল পায় নেকি ? তেন্তে আপুনি পাব এই ৫টা উপকাৰিতা - Jackfruit Seeds - JACKFRUIT SEEDS

Jackfruit Seeds Benefits: আমাৰ স্বাস্থ্যৰ পক্ষে অতি উপকাৰী কঁঠালৰ গুটি ৷ ইয়াত আঁহ আৰু ভিটামিন বি আদিৰ দৰে পুষ্টিকৰ উপাদান পোৱা যায় । এই বীজত প্ৰচুৰ পৰিমাণে থাইয়ামিন আৰু ৰাইবোফ্লেভিন থাকে যিয়ে খাদ্যক শক্তিলৈ ৰূপান্তৰিত কৰাত সহায় কৰে যাৰ ফলত আপুনি গোটেই দিনটো শক্তিশালী অনুভৱ কৰে । গতিকে কঁঠালৰ গুটি স্বাস্থ্যৰ বাবে কেনেদৰে উপকাৰী সেই বিষয়ে জানো আহক-

Jackfruit seeds are no less than a boon for health, eating them gives these 5 big benefits
কঁঠালৰ গুটি খাই ভাল পায় নেকি ? তেন্তে আপুনি পাব এই ৫টা উপকাৰিতা (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Jul 26, 2024, 4:20 PM IST

কঁঠাল হৈছে এনে এবিধ ফল যাক পকাকৈ আৰু কেঁচাকৈ দুয়োটা ধৰণে মানুহে খাবলৈ ভাল পায় ৷ কেঁচা কঁঠাল তৰকাৰী হিচাপে খোৱাৰ বিপৰীতে পকা কঁঠাল ফল হিচাপে খোৱা হয় ৷ নিৰামিষভোজীৰ বাবে ইয়াক নন-ভেজ ফুড বুলিও জনা যায় আৰু ই আমাৰ স্বাস্থ্যৰ বাবেও অতি উপকাৰী ৷ কিন্তু আপুনি জানেনে কেৱল কঁঠালেই নহয় ইয়াৰ গুটিও আমাৰ স্বাস্থ্যৰ পক্ষে অতি উপকাৰী ?

কঁঠালগুটিত প্ৰচুৰ পৰিমাণে থাইয়ামিন আৰু ৰাইবোফ্লেভিন থাকে, যিয়ে খাদ্যক শক্তিলৈ ৰূপান্তৰিত কৰাত সহায় কৰে আৰু আপোনাৰ চকু, ছাল আৰু চুলিৰ স্বাস্থ্য বজাই ৰখাত সহায় কৰে ৷ ইয়াৰ উপৰিও কঁঠাল গুটিত জিংক, আইৰণ, কেলচিয়াম, কপাৰ, পটাছিয়াম আৰু মেগনেছিয়াম পৰ্যাপ্ত পৰিমাণে পোৱা যায় ৷

  • হজম শক্তিত সহায় কৰে

কঁঠালৰ গুটিত আঁহ পৰ্যাপ্ত পৰিমাণে পোৱা যায় ৷ যিসকল লোকৰ পেট সম্পৰ্কীয় সমস্যা আছে তেওঁলোকে নিজৰ খাদ্যত কঁঠালৰ গুটি অন্তৰ্ভুক্ত কৰাটো খুবেই লাভদায়ক ৷ ই মল-মূত্ৰৰ প্ৰক্ৰিয়া সহজ কৰি তোলে, যাৰ ফলত হজম শক্তিত সহায় হয় ৷ এই বীজ অন্ত্ৰৰ স্বাস্থ্যৰ বাবেও উপকাৰী ৷ পেটৰ লগত জড়িত সমস্যা দূৰ কৰাটো কঁঠালগুটি অতি লাভদায়ক ৷

  • হাড় মজবুত কৰি ৰাখে

কঁঠালৰ গুটিত কেলচিয়াম প্ৰচুৰ পৰিমাণে পোৱা যায় ৷ ইয়াৰ উপৰিও ইয়াত মেগনেছিয়াম প্ৰচুৰ পৰিমাণে পোৱা যায় ৷ যিয়ে হাড়ৰ স্বাস্থ্যৰ উন্নতি সাধন কৰিব পাৰে ৷

  • ৰক্তহীনতা প্ৰতিৰোধ কৰা

প্ৰায়ভাগ মহিলাৰ ক্ষেত্ৰত ৰক্তহীনতাৰ সমস্যাই দেখা দিয়ে ৷ এনে পৰিস্থিতিত কঁঠালৰ গুটি আপোনাৰ বাবে অতি উপকাৰী হ’ব পাৰে ৷ এই বীজত পৰ্যাপ্ত পৰিমাণৰ আইৰণ থাকে, যিয়ে শৰীৰত আইৰণ যোগান ধৰে আৰু ৰক্তহীনতা প্ৰতিৰোধ কৰাত সহায় কৰে ৷

  • শৰীৰক শক্তিশালী কৰে

কঁঠালগুটি হৈছে কাৰ্বহাইড্ৰেটৰ এক উৎস ৷ ই খাদ্যক শক্তিলৈ ৰূপান্তৰিত কৰে, আপোনাৰ শৰীৰক দীৰ্ঘসময়লৈকে ধৰি শক্তিশালী কৰি ৰাখে ৷ ইয়াৰ উপৰিও এই বীজত বি কমপ্লেক্স ভিটামিনো থাকে, যিয়ে শৰীৰক সুস্থ কৰি ৰখাত সহায় কৰে ৷

  • মানসিক চাপ হ্ৰাস কৰে

কঁঠালগুটিত প্ৰচুৰ পৰিমাণে প্ৰ’টিন আৰু অন্যান্য খনিজ পদাৰ্থ থাকে ৷ ই মানসিক চাপৰ মাত্ৰা হ্ৰাস কৰে ৷ ইয়াৰ উপৰিও ই ছালৰ লগত জড়িত আন বহুতো সমস্যা ৰোধ কৰে ৷ ইয়াক ছাল আৰু চুলিৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয় ৷

লগতে পঢ়ক: Benefits of Jackfruit: কঁঠালৰ উপকাৰিতা জনাৰ পিছত আপুনিও ক’ব কিয় আগতে খোৱা নাছিলো এই ফল!

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.