ETV Bharat / health

নিজকে সুস্থ কৰি ৰাখিবলৈ বিচাৰেনে ? তেন্তে চাহৰ সৈতে কেতিয়াও নাখাব এই খাদ্য

আমাৰ মাজৰ এনে বহু লোক আছে যিয়ে চাহৰ সৈতে নিমখীয়া খাদ্য খাই ভাল ৷ কিন্তু আপুনি জানেনে ইয়াৰ ফলত আপোনাৰ শৰীৰৰ কেনে ক্ষতি হ’ব পাৰে-

author img

By ETV Bharat Health Team

Published : 3 hours ago

Is it a healthy choice to have tea and namkeen?
নিজকে সুস্থ কৰি ৰাখিবলৈ বিচাৰেনে ? তেন্তে চাহৰ সৈতে কেতিয়াও নাখাব এই খাদ্য (ETV Bharat)

চাহ আমাৰ সকলোৰে প্ৰিয় ৷ অধিকাংশ লোকেই চাহৰ লগত পিঠা, বিস্কুট, মিঠাই, নিমকীকে ধৰি অন্যান্য খাদ্য গ্ৰহণ কৰিবলৈ ভাল পায় ৷ কিন্তু এতিয়াৰে পৰা আপুনি চাহৰ সৈতে এনে খাদ্য গ্ৰহণ কৰোতে সতৰ্ক হ'ব ৷ হয়, চাহৰ সৈতে নিমখীয়া বস্তু ভুলতো নাখাব ৷ ই স্বাস্থ্যৰ পক্ষে খুবেই হানিকাৰক ৷ চাহৰ সৈতে নিমখীয়া খাদ্য গ্ৰহণৰ অপকাৰিতাৰ বিষয়ে আজি জানো আহক-

বদহজমৰ সমস্যা

গাখীৰ চাহৰ সৈতে নিমখীয়া, টেঙা বা মচলাযুক্ত বস্তু খালে পাচনতন্ত্ৰৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰে ৷ ই বদহজমৰ সমস্যাও বৃদ্ধি কৰে ৷

ডায়েৰিয়াৰ আশংকা

কিছুমান খাদ্যৰ সংমিশ্ৰণে আমাৰ শৰীৰৰ উপকাৰিতা সাধন কৰে যদিও কিছুমান খাদ্যই আকৌ আমাৰ শৰীৰৰ বাবে বৰবিহস্বৰূপ হৈ পৰে ৷ তেনেই এটি সংমিশ্ৰণ হৈছে চাহৰ সৈতে নিমখীয়া খাদ্যৰ সংমিশ্ৰণ ৷ গাখীৰ চাহত পোৱা টেনিন আৰু নিমখৰ সংমিশ্ৰণে পেট বেয়া কৰে ৷ টেনিনবোৰ গাখীৰৰ সৈতে পেটত ভালদৰে মিহলি হৈ নাযায় ৷ যাৰ ফলত পেট ফুলা, পেটৰ বিষ, ডায়েৰিয়া আৰু অন্যান্য হজম সমস্যাৰ আশংকা বৃদ্ধি হ'ব পাৰে ৷

এচিডিটিৰ সমস্যা

যদি আপুনি গাখীৰ চাহৰ সৈতে নিমখীয়া শুকান ফল বা আন কিবা নিমখীয়া খাদ্য খায়, ই এচিডিটিৰ সমস্যা সৃষ্টি কৰিব পাৰে ৷ পৰাপক্ষত তেলত ভজা-পোৰা খাদ্যও চাহৰ সৈতে খাবলৈ এৰিব ৷

অন্ত্ৰৰ স্বাস্থ্যত প্ৰভাৱ

নিমখীয়া খাদ্যত থকা পৰিশোধিত কাৰ্ববোৰ হজম হ'বলৈ দীঘলীয়া সময় লয়, যিয়ে আপোনাৰ অন্ত্ৰৰ স্বাস্থ্য প্ৰভাৱিত কৰে ৷ চাহ আৰু নিমখীয়াৰ সংমিশ্ৰণে আপোনাৰ আভ্যন্তৰীণ প্ৰণালী ক্ষতিগ্ৰস্ত কৰিব পাৰে ৷ যাৰ ফলত আপোনাৰ দীৰ্ঘম্যাদী পাচন সমস্যা হোৱাৰ সম্ভাৱনা থাকে ৷

উল্লেখ্য যে, গাখীৰ চাহো স্বাস্থ্যৰ পক্ষে হানিকাৰক ৷ এই কাৰণেই নিমখীয়া খাদ্যৰ সৈতে চাহ খালে আপোনাৰ অন্ত্ৰৰ স্বাস্থ্য বেয়াকৈ ক্ষতিগ্ৰস্ত হ'ব পাৰে ৷ সেয়েহে, নিজকে সুস্থ-সবল কৰি ৰাখিবলৈ এনে ভুল খাদ্যৰ সংমিশ্ৰণ পৰিহাৰ কৰাটো অতি গুৰুত্বপূৰ্ণ ৷

https://www.ncbi.nlm.nih.gov/pmc/articles/PMC9829690/

লগতে পঢ়ক: চাহপাত অবিহনে তৈয়াৰ কৰক এই পানীয়...স্বাস্থ্য উপকাৰিতা জানি হৈ পৰিব আচৰিত - Best Tea For Good Health

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.