ETV Bharat / health

প্ৰখৰ ৰ’দৰ পৰা পৰিত্ৰাণ বিচাৰিছে ? শৰীৰক শীতল কৰি ৰাখিবলৈ পৰিধান কৰক এই ৰঙৰ পোচাক... - Summer outfit ideas

author img

By ETV Bharat Assamese Team

Published : May 20, 2024, 12:45 PM IST

Summer Fashion : গ্ৰীষ্মকালত যিমান পাৰি উজ্জ্বল ৰঙৰ পোচাক পৰিধান কৰাটো পৰিহাৰ কৰাটো ভাল কাৰণ ই আমাৰ শৰীৰত অধিক গৰমৰ সৃষ্টি কৰে । বগা, গোলাপী আৰু নীলা ৰঙক গ্ৰীষ্মকালৰ ৰং বুলি গণ্য কৰা হয় যদিও এই ৰংবোৰ বহুতেই প্ৰতিটো ছালৰ ৰঙৰ লগত খাপ নাখায় । তাৰ বাবে তলত উল্লেখিত এই ৰঙৰ পোচাক আপুনি আপোনাৰ গ্ৰীষ্মকালৰ আউটফিটৰ বাবে বাচনি কৰিব পাৰে ।

In the scorching heat, not only white, experiment with these colors too, which will keep you cool
প্ৰখৰ ৰ’দতো শৰীৰক শীতল কৰি ৰাখিব এই ৰঙৰ পোচাকে (FREEPIK)

গ্ৰীষ্মকাল আহি পোৱাৰ লগে লগে অফিচত কাম কৰাসকলৰ বাবে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বানটো হ’ল কি পিন্ধিব, যাৰ দ্বাৰা তেওঁলোকে গ্ৰীষ্মকালতো আৰামদায়ক অনুভৱ কৰিব পাৰে আৰু লুকটো বিৰক্তিকৰ যেন নালাগে ৷ এনে বতৰত আৰামদায়ক অনুভৱ কৰিবলৈ সাজ-পোছাকৰ ফেব্ৰিক আৰু ৰঙৰ প্ৰতি গুৰুত্ব দিয়াটো গুৰুত্বপূৰ্ণ ৷

পাতল ৰঙৰ কাপোৰে কম তাপ শোষণ কৰি আপোনাৰ শৰীৰটো শীতল কৰি ৰাখে ৷ যদিও গ্ৰীষ্মকালৰ বাবে বগা ৰং সৰ্বোত্তম বুলি গণ্য কৰা হয় ৷ কিন্তু আজি আমি এই প্ৰতিবেদনৰ জৰিয়তে এনে কিছুমান ৰঙৰ পোচাকৰ কথা আলোচনা কৰিবলৈ ওলাইছো যাক আপুনি গৰমৰ দিনত পৰিধান কৰিব পাৰে ৷

বাৰ্গাণ্ডী (Burgundy)

ই গভীৰ, সুন্দৰ ৰং আৰু প্ৰতিখন ছালৰ লগত খাপ খাই পৰে ৷ ইয়াক প্ৰায়ে গাঢ় ৰঙা, বাদামী বা বেঙুনীয়া ৰঙৰ মিশ্ৰণ বুলি গণ্য কৰা হয় আৰু ইয়াক কেতিয়াবা মেৰুণ ৰং বুলি ভবা হয় যদিও বাৰ্গাণ্ডীত মেৰুণতকৈ বেঙুনীয়া ৰঙৰ পৰিমাণ বেছি থাকে ৷ অফিচত পৰিধান কৰিবৰ বাবে অতি উত্তম এই ৰঙৰ কাপোৰ ৷

বেইগী (Beige)

এই ৰং সূক্ষ্ম সৌন্দৰ্য আৰু বহুমুখীতাৰ (versatility) বাবে জনাজাত ৷ ইয়াক পাতল বাদামী আৰু বগাৰ মিশ্ৰণ বুলি কোৱা হয় আৰু কেতিয়াবা হালধীয়া বা পাতল বাদামী ৰঙৰ সৈতে মিহলি কৰা হয় ৷ বেইজ ৰঙক মন-মগজু শান্ত কৰা ৰং বুলি গণ্য কৰা হয় ৷ এই ৰঙৰ কাপোৰ অফিচত পৰিধান কৰিবৰ বাবে সৰ্বোত্তম ৷

পাতল নীলা (Light blue)

এই ৰংটোক শান্তি আৰু স্থিৰতাৰ প্ৰতীক হিচাপে গণ্য কৰা হয় ৷ লগতে শৰীৰ আৰু মন শীতল কৰি ৰাখে ৷ অফিচ হওক বা ছুটী হওক বা স্বাভাৱিক আউটিং হওক, এই ৰং প্ৰতিটো অনুষ্ঠানৰ বাবে হিট আৰু ফিট ৷

টেৰাকোটা (Terracotta)

এই ৰং মাটিৰ ৰঙৰ সৈতে মিল আছে ৷ ই বাদামী আৰু ৰঙা ৰঙৰ মিশ্ৰণ ৷ এই ক্লাছিক ৰংটো গ্ৰীষ্মকালত পিন্ধিবলৈও সৰ্বোত্তম আৰু প্ৰায় প্ৰতিটো অনুষ্ঠানৰ বাবেই উপযুক্ত ৷

সৰিয়হ (Mustard)

এইবিধ ৰং হৈছে হালধীয়া আৰু বাদামী ৰঙৰ মিশ্ৰণ ৷ সৰিয়হ ৰঙক শক্তি, সুখ, সৃষ্টিশীলতাৰ প্ৰতীক হিচাপে গণ্য কৰা হয় ৷ এই ৰঙৰ আটাইতকৈ ভাল কথাটো হ’ল ইয়াক প্ৰতিটো ছালৰ ৰঙৰ লোকৰ ওপৰতে ভাল দেখা যায় ৷ অফিচ হওক, পাৰ্টী হওক বা কেজুৱেল আউটিং হওক... আপুনি এই ৰঙৰ সৈতে যেনেকৈ মন যায় এক্সপেৰিমেন্ট কৰিব পাৰে ৷

লগতে পঢ়ক: গ্ৰীষ্মকালত নিজকে শীতল কৰি ৰাখিব বিচাৰিছে নেকি ? তেন্তে অনুসৰণ কৰক আলিয়া ভাটৰ এই ষ্টাইল - Alia Bhatt

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.