সমগ্ৰ দেশতে গ্ৰীষ্মকালৰ প্ৰকোপ অব্যাহত আছে আৰু বহু ঠাইত এতিয়াও গৰমৰ উত্তাপ দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে ৷ ইফালে, বতৰ বিজ্ঞান বিভাগেও গ্ৰীষ্ম প্ৰবাহৰ সতৰ্কবাণী জাৰি কৰিছে ৷ বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি বহু অঞ্চলত সৰ্বোচ্চ উষ্ণতা ৪০ ডিগ্ৰী চেলছিয়াছ বা তাতোকৈ অধিক হোৱাৰ সম্ভাৱনা আহি পৰিছে ৷
বতৰ বিজ্ঞান বিভাগে ইতিমধ্যে নিজৰ এক্স একাউণ্টৰ পৰা তামিলনাডু, কৰ্ণাটক, তেলেংগানা, পশ্চিমবংগ, ঝাৰখণ্ড, ওড়িশা, দিল্লী, উপকূলীয় অন্ধ্ৰপ্ৰদেশৰ বিভিন্ন প্ৰান্তত গ্ৰীষ্ম প্ৰবাহৰ সতৰ্কবাণী জাৰি কৰিছে ৷ জনাই দিও যে, সৰ্বোচ্চ তাপমাত্ৰা ৪০ ডিগ্ৰী চেলছিয়াছ বা তাতকৈ অধিক হ’লে গ্ৰীষ্ম প্ৰবাহৰ সতৰ্কবাণী দিয়া হয় ৷ এই উষ্ণতাত মানুহৰ বাবে জীয়াই থকাটো কঠিন হৈ পৰে আৰু তেওঁলোকে হয়তো স্বাস্থ্য সম্পৰ্কীয় বহু প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হয় ৷
গ্ৰীষ্ম প্ৰবাহৰ ফলত ক্লান্তি আৰু হিট ষ্ট্ৰ’কৰ দৰে সমস্যাই দেখা দিব পাৰে ৷ কিন্তু এনে ক্ষেত্ৰত কিছুমান টিপছ মানি চলিলে আপুনি নিজকে গ্ৰীষ্ম প্ৰবাহৰ পৰা ৰক্ষা কৰিব পাৰে ৷ ইয়াৰ বাবে আপুনি না বেছি টকা খৰচ কৰাৰ প্ৰয়োজন আছে না বেছি কঠোৰ পৰিশ্ৰম কৰাৰো প্ৰয়োজন আছে, তেনেহ’লে আহক আজি জানি লওক গ্ৰীষ্ম প্ৰবাহৰ পৰা হাত সাৰিব পৰা কিছুমান বিশেষ উপায় ৷
নিজকে ঠাণ্ডা কৰি ৰাখিবলৈ চেষ্টা কৰক
গ্ৰীষ্ম প্ৰবাহৰ সময়ত শৰীৰটো যিমান পাৰি ঠাণ্ডা কৰি ৰাখিবলৈ চেষ্টা কৰক ৷ গৰমৰ পৰা হাত সাৰিবলৈ টান কাপোৰ পৰিধান কৰাৰ পৰা বিৰত থাকক যিমান পাৰি ঢিলা, কপাহী কাপোৰ পিন্ধিবলৈ চেষ্টা কৰিব ৷ ইয়াৰ বাহিৰেও শৰীৰটো শীতল কৰি ৰাখিবলৈ যিমান পাৰি সিমান ফেন বা কুলাৰ ব্যৱহাৰ কৰক৷ কেৱল এয়াই নহয়, কাপোৰ ব্যৱহাৰ কৰিও ছালখন হাইড্ৰেটেড কৰি ৰাখিব পাৰি ৷
গৰমৰ দিনত খাদ্য লঘু ৰাখক
গৰমৰ বাবে আপোনাৰ ভোক কমি যাব পাৰে ৷ এনে পৰিস্থিতিত গধুৰ খাদ্য খোৱাৰ পৰা বিৰত থাকক ৷ ভোক লাগিলেও লঘু খাদ্য খাবলৈ চেষ্টা কৰক ৷ গৰমৰ পৰা হাত সাৰিবলৈ বতৰৰ শাক-পাচলি আৰু ফল-মূল খাদ্যত অন্তৰ্ভুক্ত কৰক ৷ গ্ৰীষ্মকালত মাংস আৰু নিমখ খোৱাৰ পৰিমাণো কম কৰিব লাগে ৷
ঘৰখন ঠাণ্ডা কৰি ৰাখক
গৰমৰ পৰা হাত সাৰিবলৈ শৰীৰটো শীতল কৰি ৰখাৰ লগতে ঘৰখন ঠাণ্ডা কৰি ৰখাটোও অতি প্ৰয়োজনীয় ৷ ইয়াৰ বাবে ঘৰৰ খিৰিকীত ক’লা পৰ্দা লগাই ৰাখিব পাৰে, যাতে ৰ’দৰ তাপ কমকৈ ঘৰৰ ভিতৰত সোমায়৷ একে সময়তে ৰাতি খিৰিকি,দৰ্জাৰ পৰ্দা খুলি ৰাখক, যাতে ভিতৰলৈ ঠাণ্ডা বতাহ আহিব পাৰে ৷ ইয়াৰ বাহিৰেও ঘৰত ফেন, কুলাৰ আৰু এচি ব্যৱহাৰ কৰিব লাগে ৷ অধিক গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ ডেজাৰ্ট কুলাৰ ব্যৱহাৰ কৰিব পাৰে ৷
দুপৰীয়া ঘৰৰ বাহিৰলৈ যোৱাৰ পৰা বিৰত থাকক
গৰমৰ দিনত দুপৰীয়া ঘৰৰ বাহিৰলৈ যোৱাৰ পৰা বিৰত থাকিব লাগে ৷ বতৰ অলপ ঠাণ্ডা হ’লেহে ঘৰৰ পৰা ওলাই যাবলৈ চেষ্টা কৰক ৷ ইয়াৰ দ্বাৰা আপুনি নিজকে গৰমৰ পৰা ৰক্ষা কৰাৰ লগতে আৰাম নিশ্চিত কৰিব পাৰে ৷ দুপৰীয়া কমকৈ ওলাই গ’লে গৰমৰ লগত জড়িত সমস্যা কম হয় ৷
নিজকে হাইড্ৰেটেড কৰি ৰাখক
গৰমৰ বতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল নিজকে হাইড্ৰেটেড কৰি ৰখা ৷ গ্ৰীষ্ম প্ৰবাহৰ পৰা হাত সাৰিবলৈ নিয়মিতভাৱে আৰু অতি উত্তাপ বা যিকোনো শাৰীৰিক কাৰ্যকলাপৰ সময়ত পানী খাই থাকিব লাগে ৷ ইয়াৰ দ্বাৰা আপুনি ডিহাইড্ৰেচনৰ পৰা হাত সাৰিব পাৰে ৷ ইয়াৰ বাহিৰেও গৰমৰ পৰা হাত সাৰিবলৈ সুৰাপান, চাহ, কফি আৰু কাৰ্বনেটেড শীতল পানীয় সেৱন পৰিহাৰ কৰক, কাৰণ এই পানীয়বোৰে শৰীৰত পানীৰ অভাৱ হ’বলৈ দিয়ে ৷
লগতে পঢ়ক: AC কুলাৰৰ অবিহনে এনেদৰে ঠাণ্ডা কৰক আপোনাৰ ঘৰ - Summer cooling tips