ETV Bharat / health

বিশ্বাস-অবিশ্বাসৰ মাজত ৰেইকীৰ সুদূৰপ্ৰসাৰী প্ৰভাৱ, কিবা এটাতো নিশ্চয় আছে ! - REIKI THERAPY - REIKI THERAPY

What is Reiki Therapy: মানসিকভাৱে দুৰ্বল অনুভৱ কৰিছে নেকি ? জীৱনটোক লৈ অনিহা হৈছে নেকি আপোনাৰ ? তেন্তে ইয়াৰ উপায় হিচাপে কি পদক্ষেপ হাতত লৈছে আপুনি ? বন্ধুৰ সৈতে কথা পাতিছে, মানসিক ৰোগ বিশেষজ্ঞৰ পৰা পৰামৰ্শ লৈছে, সামাজিক মাধ্যমত অনুপ্ৰেৰণামূলক ভিডিঅ’ চাইছে নিশ্চয়কৈ ৷ কিন্তু ইমানৰ পিচতো যদি আপুনি নিজক একেলগে মুঠি মাৰি ধৰি সবলভাৱে আগবাঢ়িব পৰা নাই, তেন্তে এবাৰ কৰি চাওক ৰেইকী ৷

etv-bharat-special-interview-with-reiki-grand-master-devisri-hazarika
বিশেষ সাক্ষাৎকাৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jun 11, 2024, 3:46 PM IST

গুৱাহাটী, 11 জুন : ৰেইকী কি ? ৰেইকীৰ দ্বাৰা কেনেদৰে এগৰাকী ব্যক্তিক হিলিং কৰা হয় ? ৰেইকীৰ দ্বাৰা কেনেদৰে এগৰাকী ব্যক্তি মানসিকভাৱে সৱল কৰি তোলা হয় ? এই সম্পৰ্কে জনালে ৰেইকীৰ গ্ৰেণ্ড মাষ্টাৰ দেৱীশ্ৰী হাজৰিকাই ৷

ৰেইকী গ্ৰেণ্ডমাষ্টাৰ দেৱীশ্ৰী হাজৰিকাৰ সৈতে বিশেষ সাক্ষাৎকাৰ (ETV Bharat Assam)

বৰ্তমান সময়ছোৱাত বিশ্বজুৰি সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ৰেইকীয়ে । ৰেইকী হৈছে এনে এটা পদ্ধতি যি পদ্ধতিৰ দ্বাৰা শূন্যৰ পৰা শক্তি আহৰণ কৰি ৰোগীলৈ প্ৰবাহিত কৰা হয় । এক কথাত ক’বলৈ গ’লে ৰেইকী হৈছে ‘মহাজাগতিক প্ৰাণশক্তি’ ।

ৰেইকীয়ে সাধাৰণতে এগৰাকী ব্যক্তিক ইতিবাচক হৈ থাকিবলৈ শিকায় । ৰেইকীৰ ২৪ টা নিৰ্দিষ্ট পইণ্ট আছে । সেই ২৪ টা পইণ্টত ৰেইকী কৰা হয় । ৰেইকীয়ে এগৰাকী ব্যক্তিৰ মানসিক স্বাস্থ্যৰ ওপৰতো কাম কৰে । ৰেইকীৰ দ্বাৰা এগৰাকী ব্যক্তিৰ মনত থকা নেতিবাচক চিন্তা লাহে লাহে দূৰ কৰা হয় ৷

বৰ্তমান সময়ত বহুলোক টোপনিৰ সমস্যাত ভুগি থকা দেখা যায় । ৰেইকী কৰাৰ ফলত এই টোপনি নহাৰ সমস্যা দূৰ হোৱাতো সহায় হয় । ৰেইকী দ্বাৰা স্পৰ্শ কৰিও ৰোগীৰ দেহৰ নিৰ্দিষ্ট ৰোগাক্ৰান্ত অংশলৈ ‘মহাজাগতিক প্ৰাণশক্তি’ সঞ্চাৰিত কৰি ৰোগ নিৰ্মূল কৰা হয় । অৱশ্যে এনেকুৱাও নহয় যে, ৰেইকীৰ বাবে ব্যক্তিগৰাকী ওচৰতে থাকিব লাগে । দূৰত থাকিও এক নিৰ্দিষ্ট প্ৰক্ৰিয়াৰ দ্বাৰা ৰেইকী কৰিব পাৰি ৷

মানৱ শৰীৰত মূলতঃ সাতটা মুখ্য শক্তিকেন্দ্ৰ বা চক্ৰ থাকে । যি কেইটা আমাৰ শৰীৰৰ কোনো নহয় কোনো এটা গ্ৰন্থিৰ লগত সংলগ্ন‌ হৈ থাকে । সেই চক্ৰসমূহৰ দ্বাৰাই 'মহাজাগতিক শক্তি' মানৱ দেহলৈ প্ৰবাহিত কৰা হয়‌ । কোৱা হয় যে, কিবা কাৰণত এই প্ৰবাহ বন্ধ হ’লেই মানুহৰ দেহত ৰোগৰ সৃষ্টি হয়‌ । ৰেইকী হিলাৰ বা প্ৰশিক্ষকসকলে এই বাটসমূহ মুকলি কৰি দিয়াত সহায় কৰে । ৰেইকীত মূলত ৫ টা ডিগ্ৰী থাকে । এইকেইটা ডিগ্ৰী গ্ৰহণ কৰাৰ পিচত ৰেইকীৰ প্ৰশিক্ষক হিচাপেও কাম কৰিব পাৰে ।

লগতে পঢ়ক : অভিনেতা অৰূপ বৈশ্যৰ অভিনয় যাত্ৰা কেনেদৰে আৰম্ভ হৈছিল ? - Arup Baishya interview

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.