ETV Bharat / health

গুড়ৰ সৈতে মিহলাই খাওক আপোনাৰ পাকঘৰত থকা এইবিধ মছলা; নোহোৱা হ’ব গাঁঠিৰ বিষ আৰু বহু সমস্যা - Jaggery with Black Pepper - JAGGERY WITH BLACK PEPPER

Jaggery and Black Pepper Benefits: গুড় আৰু জালুকক একেলগে খালে আমি আমাৰ শৰীৰৰ বহু সমস্য়াই সমাধান কৰিব পাৰো যেনে সংক্ৰমণ আৰু গাঁঠিৰ বিষৰ দৰে সমস্যা আদি ৷ আজি ইয়াৰ অন্য উপকাৰিতাসমূহৰ বিষয়ে জানো আহক-

Jaggery and Black Pepper
গুড়ৰ সৈতে মিহলাই খাওক আপোনাৰ পাকঘৰত থকা এইবিধ মছলা; নোহোৱা হ’ব গাঁঠিৰ বিষ আৰু অন্য সমস্যা (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Jun 23, 2024, 5:32 PM IST

গুড় আৰু জালুক দুয়োটা স্বাস্থ্যৰ বাবে অতি উপকাৰী ৷ দুয়োৰে স্বভাৱ গৰম ৷ ইয়াৰ কাৰণে চৰ্দি আৰু সংক্ৰমণৰ দৰে সমস্যাত ইহঁত অতি ফলপ্ৰসূ ৷ কেৱল এয়াই নহয়, বিশেষজ্ঞসকলেও বিশ্বাস কৰে যে গুড় আৰু জালুক সঠিক পৰিমাণত সেৱন কৰিলে বহু সমস্যাৰ পৰা সকাহ পাব পাৰি ৷

উল্লেখ্য যে, আয়ুৰ্বেদত গুড় আৰু জালুকক ঔষধ হিচাপে ব্যৱহাৰ কৰা হয় ৷ গতিকে এতিয়া জানো আহক যে, কোনবোৰ শাৰীৰিক সমস্যা আপুনি এই দুয়োবিধ সামগ্ৰীৰে দূৰ কৰিব পাৰে-

সংক্ৰমণৰ পৰা আপুনি পাব সকাহ

যদি আপুনি চৰ্দি, কাহ, জ্বৰৰ দৰে সংক্ৰমণৰ সমস্যাৰ সৈতে যুঁজি আছে তেন্তে এচামুচ গুড়ৰ সৈতে দুটা জালুক সেৱন কৰক ৷ ইয়াৰ ফলত আপোনাৰ সংক্ৰমণৰ সমস্যা দূৰ হ’ব ৷

গুড় আৰু জালুক কম খালে গাঁঠিৰ বিষ কম কৰিব পাৰি

কাৰণ গুড়ত আইৰণ আৰু কেলচিয়াম বেছি পৰিমাণে থাকে আৰু জালুকত পেপাৰিন নামৰ এবিধ উপাদান থাকে যিয়ে গাঁঠিৰ বিষ কমোৱাৰ লগতে আন বহুতো সমস্যাও কমোৱাত সহায় কৰে ৷ যদি আপোনাৰ গাঁঠিৰ বিষৰ সমস্যা আছে তেন্তে গুড় আৰু জালুক খাবলৈ আৰম্ভ কৰক ৷

লগতে পঢ়ক: স্বাস্থ্যৰ বাবে অতি উপকাৰী তিল-গুড়; আজিয়েই জানি লওক ইয়াৰ উপকাৰিতা - Sesame seeds and jaggery

মাহেকীয়াৰ সময়ত সেৱন কৰক

যদি কোনো মহিলাৰ মাহেকীয়া হৈছে, তেন্তে গুড় আৰু জালুক সেৱন কৰিব লাগে ৷ ইয়াৰ দ্বাৰা ঋতুস্ৰাৱৰ সময়ত হোৱা সমস্যা যেনে পেটৰ বিষ, ক্ৰেম্প, গেছৰ সমস্যা আদিৰ পৰা সকাহ পোৱা যায় ৷

এলাৰ্জী দূৰ কৰে

কেৱল এইটোৱেই নহয়, গুড় আৰু জালুক দুয়োবিধেই সঠিক পৰিমাণে খালে বমি, আভোক লগা, এলাৰ্জী আৰু পেটৰ লগত জড়িত সমস্যা নিৰাময় হ’ব পাৰে ৷ যদি আপোনাৰ এইবোৰৰ ভিতৰত কোনো এটা সমস্যা আছে তেন্তে আপুনি এইবোৰ ব্যৱহাৰ কৰিব পাৰে ৷

পেটৰ ৰোগৰ পৰা সকাহ

গুড় আৰু জালুক সঠিক পৰিমাণে খালে পাচনতন্ত্ৰ সুস্থ হৈ থাকে ৷ ইয়াৰ উপৰিও ই আপোনাৰ ভোক বৃদ্ধি কৰে ৷ গুড় আৰু জালুক একেলগে খালে অন্ত্ৰৰ ফুলা, পেটৰ বিষ, কোষ্ঠকাঠিন্য আদি সমস্যাৰ পৰা সকাহ পাৰে ৷

ডিঙিৰ বিষত গুড় আৰু জালুকো ফলপ্ৰসূ হয়

যদি ডিঙিৰ বিষ বা টনচিলৰ সমস্যা হৈ থাকে তেন্তে গুড়ৰ সৈতে জালুক খাব ৷ ইয়াৰ ফলত আপুনি ডিঙিত সকাহ পাব ৷

লগতে পঢ়ক: কেৱল কুঁহিয়াৰ পৰাই নহয়, এইসমূহ সামগ্ৰীৰ পৰাও প্ৰস্তুত কৰা হয় গুড় - Jaggery Health Benefits

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.