ETV Bharat / health

বাৰে বাৰে উশাহ ফুলাৰ সমস্যা আছে নেকি ? খাবলৈ আৰম্ভ কৰক এই খাদ্য - Shortness of Breath

Shortness of Breath: বহুলোকৰ ক্ষেত্ৰত দেখা যায় যে চাৰি-পাঁচটা চিৰি বগোৱাৰ পিচতে উশাহ লোৱাত কষ্ট অনুভৱ কৰিবলৈ আৰম্ভ কৰে । ভাগৰ দূৰ কৰিবলৈ বহু লোকে এনাৰ্জি ড্ৰিংক বা চাপ্লিমেণ্ট সেৱন কৰে । কিন্তু আপুনি জানেনে যে প্ৰাকৃতিক খাদ্যৰ দ্বাৰাও শৰীৰত শক্তিৰ যোগান ধৰিব পাৰি । সম্পূৰ্ণ প্ৰতিবেদন পঢ়ক-

author img

By ETV Bharat Assamese Team

Published : May 11, 2024, 4:03 PM IST

Do you feel Shortness of Breath again and again? then Start eating these foods
বাৰে বাৰে উশাহ ফুলাৰ সমস্যা আছে নেকি ? খাবলৈ আৰম্ভ কৰক এই খাদ্য (SOURCE: FREEPIK)

ব্যস্ততাৰে ভৰা জীৱনশৈলীৰ বাবে আজিকালি মানুহে শক্তিৰ মাত্ৰা বজাই ৰাখিবলৈ অসুবিধা অনুভৱ কৰে ৷ অনিয়মিত খাদ্যাভ্যাস আৰু বেয়া জীৱনশৈলীৰ বাবে মানসিক চাপৰ মাত্ৰা বৃদ্ধি পায়, যাৰ ফলত বহুলোক সোনকালে ভাগৰুৱা হৈ পৰো ৷ চাৰি-পাঁচ চিৰি বগাই উশাহ-নিশাহৰ কষ্ট অনুভৱ কৰিবলৈ আৰম্ভ কৰে একাংশ লোকে ৷

অলপ কাম কৰাৰ পিছত শৰীৰটো ভাগৰুৱা অনুভৱ হ’বলৈ আৰম্ভ কৰে ৷ যদি আপুনিও একে সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়, তেন্তে আপোনাৰো ষ্টেমিনাৰ অভাৱ আছে ৷ বহুতে ভাগৰ দূৰ কৰিবলৈ এনাৰ্জি ড্ৰিংক বা চাপ্লিমেণ্ট সেৱন কৰে ৷ কিন্তু কেতিয়াবা ইহঁতৰ অসুবিধাও হ’ব পাৰে ৷ এনে পৰিস্থিতিত প্ৰাকৃতিক খাদ্য অধিক উপকাৰী ৷ অৱসাদ দূৰ কৰিবলৈ কোনবোৰ খাদ্য খাব লাগে জানো আহক-

অটছ

অটচত কাৰ্বহাইড্ৰেট আৰু ফাইবাৰ প্ৰচুৰ পৰিমাণে পোৱা যায় ৷ আপোনাৰ শৰীৰক শক্তি প্ৰদান কৰাৰ উপৰিও ই স্বাস্থ্যৰ বাবেও অতি উপকাৰী ৷ অটচ খালে দীৰ্ঘসময়লৈকে শক্তি পোৱা যায় আৰু লগতে পেট ভৰি পৰে ৷ লগতে ইয়াত থকা আঁহে ষ্টেমিনা বজাই ৰাখে ৷

কল

যদি আপুনি গোটেই দিনটো শৰীৰত শক্তি বজাই ৰাখিব বিচাৰে তেন্তে খাদ্য তালিকাত কল অন্তৰ্ভুক্ত কৰক ৷ আইৰনৰ লগতে পটাছিয়াম, কাৰ্বহাইড্ৰেট আৰু ভিটামিন আদিও কলত পোৱা যায় ৷ ই ইলেক্ট্ৰ’লাইটৰ ভাৰসাম্য বজাই ৰখাত সহায় কৰে ৷ ৱৰ্কআউটৰ আগত আৰু পিচত কল খোৱাটো খুবেই লাভদায়ক ৷ কল খালে পেশীৰ বিষ ৰোধ কৰাত সহায় কৰে ৷

পালেং শাক

পালেং শাকত আইৰন প্ৰচুৰ পৰিমাণে পোৱা যায় ৷ ইয়াৰ বাহিৰেও সমগ্ৰ শৰীৰলৈ অক্সিজেন যোগান ধৰাত ই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ৷ ইয়াৰ ফলত আপুনি ভাগৰুৱা নহয় আৰু শক্তিশালী অনুভৱ কৰে ৷

লগতে পঢ়ক: দৈনিক মুখত এলোভেৰা লগালে কি লাভালাভ হয় ? - Aloe Vera For Face

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.