ETV Bharat / health

সন্তানৰ পঢ়াত মনোযোগ বৃদ্ধি কৰিবলৈ কৰক এই কাম - Astro Tips - ASTRO TIPS

Astro Tips: সন্তানৰ পঢ়া-শুনাত মনোযোগ বৃদ্ধি কৰবালৈ কি কৰিব ? এই সন্দৰ্ভত জনালে জ্যোতিষী ড৹ পৰশমণি শৰ্মাই ।

Astro tips
সন্তানৰ পঢ়াত মনোযোগ বৃদ্ধি কৰিবলৈ কৰক এই কাম (FREEPIK)
author img

By ETV Bharat Assamese Team

Published : May 29, 2024, 8:11 PM IST

গুৱাহাটী, 29 মে’: আপোনাৰ সন্তানে পঢ়া-শুনাৰ প্ৰতি মনোযোগ দিব নোৱাৰে নেকি ? বা পঢ়া-শুনাৰ ক্ষেত্ৰত বহুত অশান্তি কৰে বা পঢ়িবলৈ মন নকৰে নেকি ? দৈনিক পঢ়াৰ পাচতো কথাবোৰ মনত নৰয় নেকি ? তেন্তে কেইটামান উপায়েৰে আপুনি আপোনাৰ সন্তানৰ এই সমস্যা দূৰ কৰিব পাৰে ৷ ইয়াৰে প্ৰথম উপায়টো হ’ল, আপোনাৰ সন্তান পঢ়া টেবুলখন সদায় পূব বা উত্তৰ দিশৰ ফালে ৰাখিব ৷

জ্যোতিষী ড৹ পৰশমণি শৰ্মা (Etv Bharat Assam)

লগতে এই পঢ়া টেবুলখন এখন সেউজীয়া ৰঙৰ টেবুল ক্লথেৰে ঢাকি ৰাখিব পাৰিলে ভাল ৷ আপোনাৰ সন্তানৰ পঢ়া টেবুলত এটা কাঁচৰ পাত্ৰত গুলপীয়া নিমখ, ফিটকিৰি আৰু কৰ্পূৰ মিহলি কৰি ৰাখি থব পাৰে ৷ এনে কৰাৰ ফলত আপোনাৰ সন্তানৰ পঢ়া শুনাত মনোযোগ বাঢ়িব ৷

লগতে নিমখ, ফিটকিৰি আৰু কৰ্পূৰ মিহলি কৰি এখন কাপোৰেৰে বান্ধি টোপোলা কৰি আপোনাৰ সন্তানে শোৱা গাৰুৰ কভাৰৰ ভিতৰত ৰাখিব পাৰে ৷ ইয়াৰোপৰি আপোনাৰ সন্তানে শোৱা বিচনাখনৰ চাৰিওটা চুকত অৰ্থাৎ বিচনাচাদৰখনৰ তলত ফিটকিৰিৰ চাৰিটা টুকুৰা আৰু চাৰিটা কৰ্পূৰৰ টুকুৰা যদি ৰাখিব পাৰে তেতিয়াও আপোনাৰ সন্তানৰ পঢ়া শুনাৰ প্ৰতি মনোযোগ বৃদ্ধি হোৱাত সহায় হ'ব ৷

আনহাতে এডাল ময়ূৰৰ পাখি আপুনি আপোনাৰ সন্তানৰ পঢ়া টেবুলত ৰাখিব পাৰে, লগতে যিটো বিষয়ত আপোনাৰ সন্তানটোৱে টান পায় , সেই বিষয়ৰ কিতাপখনৰ ভিতৰত ময়ূৰৰ পাখিটো ৰাখিব পাৰে ৷ সন্ধিয়া সময়ত আপোনাৰ ঘৰত যদি ধূনা দিয়ে তেন্তে আপোনাৰ সন্তানৰ কোঠাত সেই ধূনাৰ লগত কৰ্পূৰ মিহলি কৰি দিব পাৰে ৷ মনোযোগ বৃদ্ধি হোৱাত সহায় হ'ব ৷

যদিহে আপোনাৰ সন্তানে কিবা প্ৰৱেশিকা বা বাচনি আদি পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেন্তে তেওঁক সদায় দক্ষিণ দিশৰ ফালে মূৰ কৰি শুব দিব ৷ দক্ষিণ দিশৰ ফালে মূৰ কৰি শুলেও মনোযোগ বৃদ্ধি হোৱাত সহায় হয় ৷

লগতে পঢ়ক: বুধৱা মংগলৰ দিনা হনুমানৰ আৰাধনা কৰিলে পাব এই লাভ - Budhwa Mangal 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.