ETV Bharat / health

দেশৰ কোনখন ৰাজ্যত সৰ্বাধিক আমিষ আহাৰ গ্ৰহণ কৰে জানেনে ? - Non vegetarian food - NON VEGETARIAN FOOD

Non vegetarian food Consumption in India : ভাৰতৰ প্ৰায় সকলোবোৰ ৰাজ্যতে আমিষ আহাৰ গ্ৰহণ কৰা হয় ৷ কিন্তু আপোনালোকে জানিলে আচৰিত হ’ব ভাৰতৰ কেৰালাত সৰ্বাধিক আমিষ আহাৰ গ্ৰহণ কৰা হয় ৷ লগতে দ্বিতীয় নম্বৰতে আছে অসম ৷ পঢ়ক সবিশেষ...

Non vegetarian food Consumption in India
দেশৰ কোনখন ৰাজ্যত সৰ্বাধিক আমিষ আহাৰ গ্ৰহণ কৰে জানেনে ? (ETV BHARAT HINDI)
author img

By ETV Bharat Health Team

Published : Jun 10, 2024, 11:54 AM IST

ভাৰতত আমিষ আহাৰ খোৱা লোকৰ অভাৱ নাই । দেশৰ প্ৰতিখন ৰাজ্যতে প্ৰায়সংখ্যক লোকেই আমিষ আহাৰ খায় ৷ সাধাৰণতে কোনো উৎসৱ তথা কোনো বিশেষ উদযাপনত আমিষ আহাৰ খোৱাটো একপ্ৰকাৰৰ পৰম্পৰা স্বৰূপ ৷ নিৰামিষ আহাৰ খোৱা লোকতকৈ দেশত আমিষ আহাৰ গ্ৰহণ কৰা লোকৰ সংখ্যা অধিক ৷

শেহতীয়াকৈ পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰালয়ে এক আচৰিত তথ্য প্ৰকাশ কৰিছে । এই প্ৰতিবেদনত কোৱা হৈছে যে, 2022-23 বৰ্ষৰ বাবে কৰা জৰীপত ভাৰতৰ কোনখন ৰাজ্যত আটাইতকৈ বেছি আমিষ খাদ্য খোৱা লোক আছে ইয়াৰ তথ্য লাভ কৰা হৈছে ।

এই প্ৰতিবেদন অনুসৰি, কেৰালা গ্ৰাম্য আৰু চহৰ দুয়োটা অঞ্চলতে কণী, মাছ আৰু মাংসকে ধৰি আমিষ খাদ্যৰ খোৱাৰ তালিকাত শীৰ্ষ স্থান দখল কৰিছে । ঘৰুৱা ব্যৱহাৰ ব্যয়ৰ ওপৰত কৰা জৰীপে দেখুৱাইছে যে কেৰালাৰ গ্ৰাম্য অঞ্চলৰ লোকসকলে তেওঁলোকৰ খাদ্য ব্যয়ৰ 23.5 শতাংশ আমিষ খাদ্যৰ ওপৰত ব্যয় কৰে । আনহাতে চহৰৰ লোকসকলে 19.8 শতাংশ ব্যয় কৰে, যি হৈছে দেশৰ ভিতৰত সৰ্বাধিক ।

ইয়াৰ পাচতে অসম, যি আমিষ খাদ্য সেৱনত কেৰালাৰ পিচতে দ্বিতীয় স্থানত আছে । অসমে 2022-23 চনত কণী, মাছ আৰু মাংসৰ ওপৰত মুঠ খাদ্য ব্যয়ৰ 20 শতাংশ ব্যয় কৰিছে। ইফালে, অসমৰ নগৰীয়া অঞ্চলত খাদ্য বাজেটৰ 17 শতাংশ আমিষ আহাৰত ব্যয় কৰে ৷

তৃতীয় স্থানত আছে অন্ধ্ৰ প্ৰদেশ ৷ অন্ধ্ৰ প্ৰদেশৰ গ্ৰাম্য অঞ্চলত 14.8 শতাংশ আৰু চহৰ অঞ্চলত 11.9 শতাংশ আমিষ আহাৰত ব্যয় কৰা হয় ।আনহাতে তেলেংগানা গ্ৰাম্য অঞ্চলত আমিষ খাদ্যৰ ওপৰত 15.8 শতাংশ আৰু চহৰ অঞ্চলত 11.9 শতাংশ ব্যয় কৰে । তাৰ পিচতে পশ্চিম বংগত, গ্ৰাম্য আৰু নগৰীয়া লোকে তেওঁলোকৰ খাদ্য বাজেটৰ 18.9% আমিষ সামগ্ৰীৰ ওপৰত ব্যয় কৰে ।

লগতে পঢ়ক: H5N2 বাৰ্ড ফ্লুত প্ৰথমগৰাকী ব্যক্তি মৃত্যু; এই ৰোগৰ বিষয়ে অধিক জানো আহক - H5N2 Bird Flu

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.