ETV Bharat / health

‘ছাইলেন্ট কিলাৰ’ৰ কবলত 20 কোটি ভাৰতীয় : ICMR এ দিলে প্ৰতিবেদন - Hypertension - HYPERTENSION

Hypertension: আইচিএমআৰৰ এক প্ৰতিবেদন অনুসৰি ভাৰতৰ প্ৰায় ২০ মিলিয়ন (২০ কোটি লোক) লোক উচ্চ ৰক্তচাপত আক্ৰান্ত । চিন্তাৰ বিষয় এই যে ইয়াৰ ভিতৰত মাত্ৰ ২ কোটি লোকৰহে ৰক্তচাপ নিয়ন্ত্ৰণত আছে ।

According to a study by ICMR, 1 in 3 people in India suffers from hypertension
‘ছাইলেন্ট কিলাৰ’ৰ কবলত 200000000 ভাৰতীয়; ICMRএ দিলে কাৰণ (FREEPIK)
author img

By ETV Bharat Assamese Team

Published : Jun 6, 2024, 8:02 PM IST

ভাৰতত দ্ৰুতগতিত বিয়পি পৰিছে এক বিপজ্জনক ৰোগ, যাক ‘ছাইলেণ্ট কিলাৰ’ বুলিও কোৱা হয় ৷ এই ৰোগ হ’ল হাইপাৰটেনচ অৰ্থাৎ উচ্চ ৰক্তচাপ ৷ ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চ (আই চি এম আৰ)ৰ এক প্ৰতিবেদন অনুসৰি ভাৰতৰ প্ৰায় ২০ কোটি (২০ কোটি লোক) উচ্চ ৰক্তচাপত আক্ৰান্ত ৷ চিন্তনীয় বিষয় যে এইসকলৰ মাত্ৰ এক কোটি লোকৰ ৰক্তচাপ নিয়ন্ত্ৰণত আছে ৷

আইচিএমআৰৰ প্ৰতিবেদন অনুসৰি, 'আজি ভাৰতত উচ্চ ৰক্তচাপ এক গুৰুতৰ আৰু নিত্য বৃদ্ধি পোৱা স্বাস্থ্যজনিত সমস্যালৈ পৰিগণিত হৈছে ৷' আপুনি জানি আচৰিত হ’ব যে উচ্চ ৰক্তচাপৰ প্ৰাৰম্ভিক পৰ্যায়ত কোনো নিৰ্দিষ্ট লক্ষণ দেখা নাযায় ৷ এই কাৰণেই ইয়াক ‘ছাইলেণ্ট কিলাৰ’ বুলি কোৱা হয় ৷

বহু সময়ত এই ৰোগ কোনো গুৰুতৰ ৰোগৰ কাৰণ নোহোৱালৈকে ধৰা নপৰে ৷ উচ্চ ৰক্তচাপৰ ফলত হৃদৰোগ, ষ্ট্ৰোক, বৃক্কৰ ক্ষতি আৰু আনকি দৃষ্টিশক্তি হেৰুওৱাৰ দৰে গুৰুতৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে ৷

উচ্চ ৰক্তচাপৰ মূল কাৰণ

  • অস্বাস্থ্যকৰ জীৱনশৈলী: খাদ্যাভ্যাসৰ অভাৱ, ব্যায়ামৰ অভাৱ, ধূমপান আৰু অত্যধিক মদ্যপানে উচ্চ ৰক্তচাপৰ সম্ভাৱনা বৃদ্ধি কৰে ৷
  • মেদবহুলতা: অতিৰিক্ত ওজন বা মেদবহুল ব্যক্তিৰ উচ্চ ৰক্তচাপ হোৱাৰ সম্ভাৱনা বেছি ৷
  • জেনেটিক: আপোনাৰ পৰিয়ালৰ কোনো ব্যক্তিৰ যদি উচ্চ ৰক্তচাপ বা হৃদৰোগৰ দৰে সমস্যা থাকে, তেন্তে আপোনাৰো বিপদ বেছি ৷
  • মানসিক চাপ: অহৰহ মানসিক চাপৰ পৰিস্থিতিতো উচ্চ ৰক্তচাপৰ সৃষ্টি কৰিব পাৰে ৷

কেনেকৈ নিয়ন্ত্ৰণ কৰিব

  • স্বাস্থ্যসন্মত খাদ্য: কম নিমখৰ সৈতে সুষম খাদ্য গ্ৰহণ কৰক য’ত ফল-মূল, শাক-পাচলি আৰু গোটা শস্য আদি অন্তৰ্ভুক্ত ৷ চৰ্বি আৰু কলেষ্টেৰল সেৱন কমাব লাগে ৷
  • নিয়মীয়াকৈ ব্যায়াম: সপ্তাহত কমেও ৩০ মিনিট মধ্যমীয়া এক্টিভিটি ব্যায়াম কৰক ৷
  • ওজন কমাওক: যদি আপোনাৰ ওজন বেছি, তেন্তে ওজন কমাবলৈ চেষ্টা কৰক ৷
  • ধূমপান বন্ধ কৰক: ধূমপান কৰিলে ৰক্তচাপ বৃদ্ধি পায়, গতিকে ধূমপান এৰিবলৈ চেষ্টা কৰক ৷
  • মদ্যপান কমাব : অত্যধিক মদ্যপানে ৰক্তচাপ বৃদ্ধি কৰিব পাৰে ৷
  • মানসিক চাপ কমাব: যোগাসন, ধ্যান বা গভীৰ উশাহ-নিশাহৰ ব্যায়ামে মানসিক চাপ কমোৱাত সহায় কৰিব পাৰে ৷
  • ৰক্তচাপ পৰীক্ষা: চিকিৎসকৰ পৰামৰ্শ অনুসৰি নিয়মিতভাৱে ৰক্তচাপ পৰীক্ষা কৰাব লাগে ৷

যদি আপুনি উচ্চ ৰক্তচাপত ভুগি আছে বা ইয়াৰ আশংকা আছে তেন্তে চিকিৎসকৰ পৰামৰ্শ লওক ৷ তেওঁলোকে আপোনাৰ বাবে উপযুক্ত চিকিৎসা পৰিকল্পনা বনাব পাৰে ৷ উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰিলে গুৰুতৰ স্বাস্থ্যজনিত সমস্যাৰ আশংকা হ্ৰাস কৰি সুস্থ জীৱন যাপন কৰিব পাৰি ৷

লগতে পঢ়ক: Hypertension: উচ্চ ৰক্তচাপৰ বাবে চিন্তিত, এই ৫বিধ জিংক সমৃদ্ধ খাদ্যই দিব সকাহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.