ETV Bharat / entertainment

পুনৰ ৰাষ্ট্ৰীয় টেলিভিচনৰ ৰিয়েলিটী শ্ব'ত উজলিছে অসম সন্তান - BIDISHA HATIMURIA

নিজৰ যাদুকৰী কণ্ঠৰে ৰাষ্ট্ৰীয় পৰ্যায়ত সমাদৃত হৈছে দুলীয়াজানৰ বিদিশা হাতীমূৰীয়া । ৰাষ্ট্ৰীয় টেলিভিছনৰ ৰিয়েলিটী শ্ব'ত উজলিবলৈ সক্ষম হোৱা বিদিশা হাতীমূৰীয়াক গৃহভূমিত উষ্ম আদৰণি ।

ZEE TV SA RE GA MA PA
দুলীয়াজানত আদৰণি বিদিশা হাতীমূৰীয়াক (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Dec 16, 2024, 10:52 PM IST

ডিব্ৰুগড় : শেহতীয়াকৈ ৰাষ্ট্ৰীয় পৰ্যায়ত ক্ৰীড়া আৰু সংগীত ক্ষেত্ৰত এজনৰ পাছত আন এজন অসমীয়াই সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে । তেনে সময়তে পুনৰ ৰাষ্ট্ৰীয় টেলিভিছনৰ ৰিয়েলিটী শ্ব'ত উজলিছে আন এগৰাকী অসম সন্তান । নিজৰ যাদুকৰী কণ্ঠৰে ৰাষ্ট্ৰীয় পৰ্যায়ত সমাদৃত হৈছে দুলীয়াজানৰ বিদিশা হাতীমূৰীয়া ।

বিগত ছেপ্টেম্বৰ মাহৰ পৰাই মুম্বাইত অনুষ্ঠিত হৈ থকা জি টিভি সাৰেগামাপা (ZEE TV SA RE GA MA PA) ৰিয়েলিটী শ্ব'ত উজলিবলৈ সক্ষম হৈছে দুলীয়াজানৰ ইন্দ্ৰপুৰী অঞ্চলৰ বিদিশা হাতীমূৰীয়া ।

দুলীয়াজানত আদৰণি বিদিশা হাতীমূৰীয়াক (ETV Bharat Assam)

পবিত্ৰ প্ৰাণ হাতীমূৰীয়া আৰু ৰিকুমণি সোণোৱাল হাতীমূৰীয়াৰ কন্যা বিদিশা হাতীমূৰীয়াই জি টিভি সাৰেগামাপা ৰিয়েলিটী শ্ব'ত শীৰ্ষ ১০ত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে । ইয়াৰ পাছতে সোমবাৰে মুম্বাইৰ পৰা আহি দুলীয়াজানত উপস্থিত হয় বিদিশা । বিদিশা আহি গৃহভূমিত উপস্থিত হোৱাৰ পিছতে স্থানীয় ৰাইজে তেওঁক উষ্ম আদৰণি জনায় ।

ৰাইজে গায়ন-বায়নেৰে এক উৎসৱমুখৰ পৰিৱেশৰ মাজেৰে দুলীয়াজানত বিদিশাক আদৰণি জনায় । উল্লেখ্য যে দুলীয়াজানৰ ছেইণ্ট জেভিয়াৰ্ছ হায়াৰ ছেকেণ্ডাৰী স্কুলত অধ্যয়নৰত বিদিশাই আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব । সেয়ে জি টিভি সা ৰে গা মা পা ৰিয়েলিটী শ্ব'ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে ছুটী লৈ সোমবাৰে দুলীয়াজানৰ গৃহত উপস্থিত হয় বিদিশা ।

আনহাতে, বিদিশাৰ পিতৃৰ লগতে মাতৃও কন্যাৰ এই সফলতাত অতি আনন্দিত হৈ পৰিছে । সৰুৰে পৰা সংগীত চৰ্চা কৰি ভালপোৱা বিদিশাই প্ৰথমে গুৱাহাটী, পিছত কলকাতাত গীত পৰিৱেশন কৰাৰ পাছতে মুম্বাইত অনুষ্ঠিত জিটিভি সা ৰে গা মা পা ৰিয়েলিটী শ্ব'ত অংশগ্ৰহণ কৰিবলৈ সুবিধা লাভ কৰি শীৰ্ষ ১০ পৰ্যায়ত উপনীত হ'বলৈ সক্ষম হৈছে ।

সৰুৰে পৰা পুহি ৰখা সপোন পূৰণ হ'ল বিদিশাৰ

গৃহভূমিত উপস্থিত হোৱাৰ পিছত নিজৰ অনুভৱৰ বিষয়ে সোধাত বিদিশাই কয়, "বহুত ভাল লাগিছে ৰাইজৰ ইমান আশীৰ্বাদ লাভ কৰি । ৰাইজৰ আশীৰ্বাদৰ বাবেই এই ৰিয়েলিটী শ্ব'ত আগবাঢ়িব পাৰিছোঁ । মা-দেউতাৰ কষ্ট আৰু মই সৰুৰে পৰা চেষ্টা কৰি আহিছোঁ সংগীত ক্ষেত্ৰখনত আগবাঢ়িবলৈ । সৰুৰে পৰাই মন আছিল, সৰুৰে পৰা দেখি আহিছিলোঁ জি টিভি সা ৰে গা মা পা ৰিয়েলিটী শ্ব'ৰ দৰে ডাঙৰ মঞ্চত বহুতেই ডাঙৰ ছিংগাৰ হৈছে । সেয়ে মোৰো আশা আছিল এনেকুৱা এখন মঞ্চ পালে মই সাংস্কৃতিক ক্ষেত্ৰত আগবঢ়িব পাৰিম । সেয়ে মোৰ সপোন পূৰ হৈছে । আজি ৰাইজে আদৰি আনিছে, ৰাইজে মৰম দিছে, সেয়ে ভাল লাগিছে ।"

লগতে পঢ়ক :ওস্তাদ জাকিৰ হুছেইন: যিজন সংগীতৰ যাদুকৰে তবলাক দিছিল নতুন পৰিচয় - ZAKIR HUSSAIN PASSED AWAY
লগতে পঢ়ক :গ্ৰিটিংছ কাৰ্ড: সময় আৰু সোঁৱৰণীৰ গৰ্ভত লীন যোৱা এক নষ্টালজিক গাথা - GREETINGS CARD

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.