চিটাৰা ডেস্ক, ২০ মাৰ্চ : সিদ্ধাৰ্থ মালহোত্ৰাৰ ছবি যোদ্ধালৈ অনুৰাগীয়ে অপেক্ষা কৰি আছিল ৷ অৱশেষত ছবিখনে ১৫ মাৰ্চত ছবিগৃহত মুক্তি লাভ কৰে ৷ কিন্তু ছবিখনৰ বাবে দৰ্শকে যিমান অপেক্ষা কৰি আছিল, ছবিখন চাই দৰ্শকে সিমান ভাল নাপালে । যোদ্ধাৰ ট্ৰেইলাৰ মুক্তি পোৱাৰ পিচৰে পৰা ছবিখনৰ বাবে অনুৰাগীৰ আগ্ৰহ দেখা গৈছিল, কিন্তু ছবিখন মুক্তিৰ পিচত ছবিগৃহত দেখা নগ’ল মানুহৰ ভিৰ ৷ দৰ্শকৰ লগতে সমালোচকেও ভাল নাপালে যোদ্ধা ছবিখন । যাৰ বাবে বক্স অফিচত ভাল প্ৰদৰ্শন কৰিব নোৱাৰিলে ছবিখনে । ৫ দিনৰ পিচত সিদ্ধাৰ্থৰ যোদ্ধাই ২০ কোটি টকা সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে । যদি এনেদৰে চলি থাকে তেন্তে এই ছবিখন বেছি দিন চিনেমাগৃহত টিকি থাকিব নোৱাৰিব ।
- " class="align-text-top noRightClick twitterSection" data="">
যোদ্ধাৰ কথা ক’বলৈ গ’লে সিদ্ধাৰ্থৰ সৈতে মুখ্য চৰিত্ৰত অভিনয় কৰা দেখা গৈছে দিশা পাটানি আৰু ৰাশি খান্নাক । দুয়োগৰাকী অভিনেত্ৰীৰ অভিনয়ে ছবিগৃহত দৰ্শকক আকৰ্ষণ কৰাত ব্যৰ্থ হৈছে ৷
পঞ্চম দিনা ছবিখনে কিমান উপাৰ্জন কৰিছে ?
যোদ্ধাৰ বক্স অফিচ সংগ্ৰহৰ কথা ক’বলৈ গ’লে এই ছবিখনৰ উপাৰ্জন সপ্তাহৰ দিনকেইটাত হ্ৰাস পাইছে । Sacknilk ৰ প্ৰতিবেদন অনুসৰি যোদ্ধাই পঞ্চম দিনটোত ২.৩০ কোটি টকা সংগ্ৰহ কৰিছে । ছবিখনে প্ৰথম দিনাই ৪.১ কোটি, দ্বিতীয় দিনা ৫.৭৫ কোটি, তৃতীয় দিনা ৭ কোটি আৰু চতুৰ্থ দিনত ২.১৫ কোটি টকা সংগ্ৰহ কৰে । ইয়াৰ পিচত মুঠ সংগ্ৰহ হৈছেগৈ ২১.৩০ কোটি টকা ।
পাঁচ দিনত এই ছবিখনে ২০ কোটিৰ পৰিসংখ্যা অতিক্ৰম কৰিবলৈ সক্ষম হৈছে ৷ অৱশ্যে দেওবাৰৰ দিনটোত ছবিখনে ভাল ধন উপাৰ্জন কৰাৰ সম্ভাৱনা আছে । ছবিখনে হোলীৰ সুবিধাও পাব পাৰে । এতিয়া লক্ষণীয় হ’ব যে ছুটিৰ দিনটোত ছবিখনে কিমান উপাৰ্জন কৰিব ?
লগতে পঢ়ক: চাৰিদিনত তিনি কোটি টকাও উপাৰ্জন কৰিব নোৱাৰিলে অদা শৰ্মাৰ বস্তৰে