ETV Bharat / entertainment

বিশ্ব থিয়েটাৰ দিৱস পালনৰ ইতিহাস - WORLD THEATRE DAY - WORLD THEATRE DAY

World Theatre Day: প্ৰতিবছৰে 27 মাৰ্চ দিনটো বিশ্ব থিয়েটাৰ দিৱস হিচাপে পালন কৰা হয় । কিন্তু বিশ্ব থিয়েটাৰ দিৱসৰ ইতিহাস কি ? প্ৰথমে ক'ত আৰু কেতিয়া এই দিৱস পালন কৰা হৈছিল ? আহক জানো এই বিষয়ে...

Mobile theatres in Assam
World Theatre Day
author img

By ETV Bharat Assamese Team

Published : Mar 27, 2024, 12:57 PM IST

বিশ্ব থিয়েটাৰ দিৱস পালনৰ ইতিহাস

কলিয়াবৰ, 27 মাৰ্চ: আজি বিশ্ব থিয়েটাৰ দিৱস । সমাজৰ বাবে নাটক, নাটকৰ বাবে সমাজ ! নাটকৰ লগত জড়িত কলা-কুশলীসকল সামাজিক দায়বদ্ধতাৰ প্ৰতি সচেতন হোৱাৰ লগতে দৰ্শকসকলৰো সচেতনতাৰ প্ৰয়োজন । সকলো ধৰণৰ নাটকেই সমাজলৈ এক বাৰ্তা প্ৰেৰণ কৰে । যি বাৰ্তাই সমাজক গঢ়িবও পাৰে, ধ্বংসৰ কাৰণো হ'ব পাৰে । দায়বদ্ধ নাট্যকৰ্মীৰ দায়িত্ব সমাজক গঢ় দিয়া । এই উদ্দেশ্য আগত ৰাখিয়েই পালন কৰা হয় বিশ্ব থিয়েটাৰ দিৱস ।

প্ৰতিবছৰে ২৭ মাৰ্চ তাৰিখে বিশ্ব থিয়েটাৰ দিৱস পালন কৰা হয় । এই দিৱস পোন প্ৰথমে ১৯৬১ চনত আন্তৰ্জাতিক থিয়েটাৰ প্ৰতিষ্ঠানে আৰম্ভ কৰিছিল । আন্তৰ্জাতিক থিয়েটাৰ প্ৰতিষ্ঠান ৰাষ্ট্ৰসংঘৰ ইউনেস্ক'ৰ এটা শাখা । বৰ্তমান পৃথিৱীৰ প্ৰায় সকলো দেশতে এই দিৱস পালন কৰা হয় । এই দিৱসৰ দিনা থিয়েটাৰ কৰ্মীসকলৰ সভা-সমিতি অনুষ্ঠিত হোৱাৰ লগতে বিভিন্ন অনুষ্ঠান, নাটক আদি প্ৰদৰ্শন কৰা হয় । ১৯৬১ চনত আন্তৰ্জাতিক থিয়েটাৰ প্ৰতিষ্ঠানে আৰম্ভ কৰা এই দিৱস প্ৰতিবছৰে ২৭ মাৰ্চ তাৰিখে আন্তৰ্জাতিক থিয়েটাৰ প্ৰতিষ্ঠানৰ কেন্দ্ৰ সমূহত আৰু আন্তঃৰাষ্ট্ৰীয় থিয়েটাৰ গোষ্ঠীয়ে পালন কৰি আহিছে ।

ইয়াৰ সৈতে সংগতি ৰাখি বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় থিয়েটাৰৰ অনুষ্ঠান অনুষ্ঠিত কৰা হয় । এই দিৱস উদযাপনৰ লক্ষ্যৰে আন্তৰ্জাতিক থিয়েটাৰ প্ৰতিষ্ঠানে এজন তাৰকা ব্যক্তিৰ দ্বাৰা থিয়েটাৰৰ থীম, শান্তি-সংস্কৃতি বিষয়ক এক বিশেষ বাৰ্তা প্ৰেৰণ কৰে ।

প্ৰথম বিশ্ব থিয়েটাৰ দিৱসৰ বাৰ্তা ১৯৬২ চনত ফ্ৰান্সৰ জিন কোকটিয়াওয়ে লিখিছিল । প্ৰথমে হেলচিংকি আৰু তাৰ পিছত ভিয়েনাত ১৯৬১ চনৰ জুন মাহত অনুষ্ঠিত আন্তৰ্জাতিক থিয়েটাৰ প্ৰতিষ্ঠানৰ নৱম কংগ্ৰেছত আন্তৰ্জাতিক থিয়েটাৰ প্ৰতিষ্ঠানৰ ফিনিছ কেন্দ্ৰৰ হৈ অধ্যক্ষ আৰ্ভি কিভিমায়ে বিশ্ব থিয়েটাৰ দিৱস উদযাপনৰ প্ৰস্তাৱ আগবঢ়াইছিল । স্কেণ্ডিনেভিয়ান কেন্দ্ৰ সমূহে ইয়াৰ সমৰ্থন কৰাৰ পিছত এই দিৱস বিশ্বব্যাপি পালন কৰা আৰম্ভ হ'ল।

ভাৰততো প্ৰতি বছৰে বিভিন্ন কাৰ্যসূচীৰ মাধ্যমত এই দিৱস পালন কৰা হয় । আজি এই দিৱসটিত কলিয়াবৰৰ বিশিষ্ট নাট্যকাৰ-পৰিচালক ভূপেন্দ্ৰ নাথ হাজৰিকাই সকলোটিলৈ শুভেচ্ছা আগবঢ়াইছে ইটিভি ভাৰতৰ যোগেদি ।

লগতে পঢ়ক: ছেপ্টেম্বৰত মুক্তি পাব জুবিন গাৰ্গৰ ছবি 'চিকাৰ' - Zubeen Garg

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.