দক্ষিণৰ চলচ্চিত্ৰ উদ্যোগৰ সুপৰিচিত অভিনেত্ৰী অনুষ্কা শ্বেট্টীয়ে হিন্দী দৰ্শকৰ মাজতো জনপ্ৰিয় হৈ পৰিছে ৷ বাহুবলীৰ পিচত অনুষ্কা শ্বেট্টী দৰ্শকৰ মাজত অধিক জনপ্ৰিয় হৈ পৰে ৷ দক্ষিণৰ বহু জনপ্ৰিয় ছবিত কাম কৰি আহিছে অভিনেত্ৰীগৰাকীয়ে ৷
When Baahubali actor Anushka Shetty revealed she has a rare laughing disease; know more about it
— Dr Sudhir Kumar MD DM (@hyderabaddoctor) June 22, 2024
What is laughing disease?
What are its symptoms?
What causes it?
How can one overcome it?
Read this informative report published in @IndianExpress @lifestyle_ie (with my inputs)…
শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে নিজৰ স্বাস্থ্য সন্দৰ্ভত এক আচৰিত ধৰণৰ তথ্য প্ৰকাশ কৰিছে ৷ তেওঁ কৈছে যে, তেওঁ এক বিৰল ৰোগৰ সন্মুখীন হৈছে ৷ অভিনেত্ৰীগৰাকীয়ে যেতিয়া হাঁহিবলৈ আৰম্ভ কৰে তেতিয়া ৰ’ব নোৱাৰে আৰু হাঁহিয়েই থাকে ৷ পুনৰ স্বাভাৱিক হ’বলৈ ১৫-২০ মিনিট সময় লাগে ৷
শেহতীয়াকৈ এক সাক্ষাৎকাৰত এই বিষয়ে কওঁতে অভিনেত্ৰীগৰাকীয়ে কৈছিল যে – মোৰ লাফিং ডিচঅৰ্ডাৰ আছে ৷ আপুনি হয়তো জানি আচৰিত হ’ব যে হাঁহিটোও এটা ৰোগ হ’ব পাৰে ৷ মোৰ ক্ষেত্ৰত তেনেকুৱাই হোৱা দেখা গৈছে ৷
এবাৰ হাঁহিবলৈ আৰম্ভ কৰিলে ১৫-২০ মিনিটৰ বাবে হাঁহি বন্ধ কৰাটো মোৰ বাবে কঠিন হৈ পৰে ৷ কমেডী দৃশ্য এটা চাই বা শ্বুটিং কৰি থাকোঁতে মই হাঁহি হাঁহি বাগৰি পৰো ৷ বহুবাৰ দেখা গৈছে যে ইয়াৰ বাবেই শ্বুটিং বন্ধ কৰিবলগীয়া হৈছিল ৷
এই বিৰল ৰোগবিধ কি ?
অভিনেত্ৰীগৰাকীৰ মতে তেওঁৰ Pseudobulbar Affect অৰ্থাৎ PBA নামৰ ৰোগ আছে ৷ এইটো এটা বিৰল স্নায়ুজনিত ৰোগ আৰু ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ মগজুত পৰে ৷ এই অৱস্থাত ব্যক্তিজনে হয় অনিয়ন্ত্ৰিতভাৱে হাঁহিবলৈ আৰম্ভ কৰে নহয় কান্দিবলৈ আৰম্ভ কৰে ৷ যদিও অভিনেত্ৰীগৰাকীয়ে এই ৰোগত আক্ৰান্ত বুলি কোৱা নাই, কিন্তু তেওঁৰ বক্তব্যৰ পৰা অনুমান কৰা হৈছে যে অভিনেত্ৰীগৰাকীয়েও একে সমস্যাৰ সন্মুখীন হৈছে ৷ যোৱাবাৰ মিছ শ্বেট্টি মিষ্টাৰ পলিশ্বেটী নামৰ এখন ছবিত তেওঁক দেখা গৈছিল ৷ বৰ্তমান তেওঁ ঘাটি আৰু কথানাৰ নামৰ এখন ছবিৰ কামত ব্যস্ত ৷
লগতে পঢ়ক: প্ৰভাসৰ অনুৰাগীৰ মাজত ‘কল্কি 2898 ADৰ’ উন্মাদনা : চৰকাৰে বৃদ্ধি কৰিলে টিকটৰ দাম - Kalki 2898 AD