ETV Bharat / entertainment

শীঘ্ৰেই পিতৃ-মাতৃ হ’বলগীয়া দীপিকা-ৰণবীৰে টুইনিং লুকেৰে মুহিলে সকলোকে - Ranveer Deepika airport look

author img

By ETV Bharat Assamese Team

Published : Jun 20, 2024, 1:15 PM IST

Ranveer Deepika airport look: গৰ্ভাৱস্থাৰ উজ্জ্বলতা বাৰুকৈয়ে দেখিবলৈ পোৱা গৈছে দীপিকা পাডুকনৰ মুখত ৷ বৃহস্পতিবাৰে পুৱাই মুম্বাই বিমানবন্দৰত স্বামী ৰণবীৰ সিঙৰ সৈতে দেখা গ’ল অভিনেত্ৰীগৰাকীক । দুয়োকে আকৰ্ষণীয় লাগিছিল কিয়নো তেওঁলোক দুয়োজনে ক'লা পোছাক বাছনি কৰিছিল।

Watch: Soon to Be Parents Deepika Padukone, Ranveer Singh Twin in Black at Mumbai Airport
দীপিকা-ৰণবীৰ ((ANI image))

চিটাৰা ডেস্ক, 20 জুন : দীপিকা পাডুকন আৰু তেওঁৰ স্বামী অভিনেতা ৰণবীৰ সিং অৱশ্যেই বলীউডৰ অন্যতম প্ৰশংসিত দম্পতী । দুয়োজনে ইজনে সিজনৰ প্ৰতি থকা প্ৰেম আৰু মৰম প্ৰদৰ্শনৰ কোনো সুযোগ কেতিয়াও হেৰুৱাব নোখোজে । ২০ জুন তাৰিখে পুৱাই মুম্বাই বিমানবন্দৰত ভ্ৰমণ কৰাৰ সময়ত একেই ৰঙৰ সাজ পৰিধান পতি-পত্নীক পাপাৰাজ্জীয়ে কেমেৰাত বন্দী কৰে ৷

দীপিকা-ৰণবীৰে টুইনিং লুকেৰে মুহিলে সকলোকে ((Video source: ANI))

বৃহস্পতিবাৰে পুৱা সম্পূৰ্ণ ক’লা পোছাক পৰিধান কৰি লণ্ডনলৈ উৰা মাৰে দীপিকা আৰু ৰণবীৰ । বিমানবন্দৰৰ পৰা প্ৰচাৰ হোৱা ভিডিঅ’টোত ৰণবীৰে দীপিকাৰ হাতত অতি সৰলতা আৰু যত্নৰে ধৰি থকা দেখা গৈছে । পত্নীৰ প্ৰতি ৰণবীৰৰ এই যত্ন লোৱা কাৰ্যই নেটিজেনসকলক মোহিত কৰিছে আৰু সকলোৱে এই অভ্যাস আদৰণীয় বুলি বিবেচনা কৰিছে । ভিডিঅ’টোত ৰণবীৰে পদ্মাৱত অভিনেত্ৰীগৰাকীৰ বাবে গাড়ীৰ দুৱাৰখন খুলি নিৰাপদে সহায় কৰা আৰু তাৰ পিচত চেক-ইন গেটৰ ফালে আগবাঢ়ি যোৱাৰ সময়ত দীপিকাৰ হাতত ধৰি থকা দেখা যায় ।

লগতে পঢ়ক : জি কিউ এক্স এৰ' ইভেণ্টত হৃত্বিক ৰোশনে আজুৰিলে দৃষ্টি - bollywood celebs fashion statement

দীপিকা আৰু ৰণবীৰে এই ভ্ৰমণৰ বাবে সম্পূৰ্ণ ক’লা ৰঙৰ সাজ বাছি লৈছিল । পাথান অভিনেত্ৰীগৰাকীয়ে পিন্ধে ক’লা বডিকন ড্ৰেছ, ক’লা চাৰ্ট, ফেশ্বনেবল ছানগ্লাছ আৰু বগা ট্ৰেইনাৰ । পাডুকনে চুলিখিনি মেলি নূন্যতম মেকআপত এই লুক সম্পূৰ্ণ কৰে । ইফালে ডন ৩ ৰ অভিনেতাগৰাকীক চিকচিকিয়া চুলিৰ সৈতে ক’লা টি-চাৰ্ট আৰু ক’লা পেণ্টত স্মাৰ্ট দেখা গৈছে ।

ৱৰ্ক ফ্ৰণ্টত দীপিকাক শেহতীয়াকৈ দেখা গৈছিল ফাইটাৰ ছবিত, য’ত হৃত্বিক ৰোশন, অনিল কাপুৰ, কৰণ সিং গ্ৰ’ভাৰ আৰু সঞ্জীদা শেইখেও অভিনয় কৰিছিল । অনুৰাগী আৰু সমালোচকে ছবিখনৰ প্ৰশংসা কৰিছিল । এতিয়া তেওঁ প্ৰভাস, অমিতাভ বচ্চন, কমল হাছান আৰু দিশা পাটানিৰ সৈতে Kalki 2898 AD ৰ বাবে সাজু হৈছে ৷ বহু বাজেট ছবিখনৰ নেতৃত্ব দিছে প্ৰশংসিত চলচ্চিত্ৰ নিৰ্মাতা নাগ অশ্বিনে ।

ইয়াৰ উপৰিও তেওঁৰ হাতত আছে ৰোহিত শ্বেট্টীৰ সিংঘম এগেইন, য’ত আছে অজয় ​​দেৱগম, ৰণবীৰ সিং, অক্ষয় কুমাৰ, কৰীমা কাপুৰ খান, টাইগাৰ শ্ৰফ আৰু অৰ্জুন কাপুৰ ।

আনহাতে, ৰণবীৰ সিঙক আলিয়া ভাটৰ বিপৰীতে দেখা গৈছিল কৰণ জোহৰৰ ছবি ৰকি ঔৰ ৰাণী কি প্ৰেম কহানীত । এতিয়া তেওঁ ফাৰহান আখতাৰৰ বহু প্ৰত্যাশিত ডন ৩ৰ বাবে প্ৰস্তুতি চলাই আছে । মহিলা নায়িকা হিচাপে কিয়াৰা আদৱানীয়ে অভিনয় কৰিবলগীয়া এই প্ৰকল্পৰ বাবে অনুৰাগীসকলে আগ্ৰহেৰে অপেক্ষা কৰি আছে ।

লগতে পঢ়ক : WATCH: মঞ্চত দীপিকা-প্ৰভাস-অমিতাভ বচ্চনৰ হাস্যকৰ মুহূৰ্ত; ভিডিঅ’ ভাইৰেল - Kalki 2898 AD Pre Release Event

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.