চিটাৰা ডেস্ক, 19 মে’: চলচ্চিত্ৰ নিৰ্মাতা ৰিতেশ চিধৱানীৰ মাতৃ বিয়োগ ৷ ৰিতেশৰ মাতৃ লিলু চিধৱানীৰ বিগত ১৭ মে' ত দেহাৱসান ঘটে ৷ লিলু চিধৱানীক মুম্বাইৰ খাৰত অৱস্থিত হিন্দুজা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ৷ চিকিৎসাধীন অৱস্থাতে মৃত্যু ঘটে চলচিত্ৰ নিৰ্মাতাগৰাকীৰ মাতৃৰ ৷
দেওবাৰে বলীউডৰ অভিনেতা, বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানে পত্নী গৌৰী আৰু কন্যা সুহানা খানৰ সৈতে মুম্বাইস্থিত বাসগৃহত ৰিতেশক সাক্ষাৎ কৰি পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে ৷ শ্বাহৰুখ খানক এই কাৰ্যসূচীত সংগ প্ৰদান কৰিছিল চলচিত্ৰ নিৰ্মাতা, পৰিচালক কৰণ জোহৰে ৷
ৰিতেশ ফাৰহান আখতাৰৰ সৈতে এক্সেল এণ্টাৰটেইনমেণ্টৰ সহ-প্ৰতিষ্ঠাপক । দেওবাৰে পাপাৰাজীয়ে শ্বাহৰুখ খান, গৌৰী খান আৰু কৰণ জোহৰৰ বাহনখন ৰিতেশ চিধৱানীৰ বাসগৃহৰ পৰা ওলাই অহা দেখিছিল । ইফালে শ্বাহৰুখ তনয়া সুহানা খানকো এখন পৃথক বাহনত দেখা গৈছিল ।
আনহাতে, শনিবাৰে প্ৰযোজকগৰাকীৰ বাসগৃহত উপস্থিত হৈছিল চেইফ আলী খান আৰু কৰীণা কাপুৰক ৷ তেওঁলোকৰ লগতে চলচ্চিত্ৰ নিৰ্মাতা ফাৰহান আখতাৰ, জয়া আখতাৰ, কুনাল খেমু আৰু ছোহা আলী খানকো চিধৱানীৰ বাসগৃহত দেখা গৈছিল ৷
উল্লেখ্য যে, শনিবাৰে ৰিতেশৰ মাতৃৰ ছাণ্টাক্ৰুজ হিন্দু শ্মশানত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হৈছিল । পৰিয়ালটোৱে এই সন্দৰ্ভত এটা টোকা প্ৰকাশ কৰিছিল, য'ত লিখা আছিল, "2024 চনৰ 17 মে’ত লীলু চিধৱানীৰ মৃত্যু হয়, এই কথা ঘোষণা কৰি আমি গভীৰভাৱে দুখিতঃ । বিদেহী আত্মাৰ সদগতিৰ অৰ্থে হ’বলগীয়া প্ৰাৰ্থনা 18 মে’ ত অনুষ্ঠিত হ'ব । এই প্ৰাৰ্থনা আবেলি 3.15 বজাত কোৱাণ্টাম পাৰ্কৰ আৰজি স্তৰত অনুষ্ঠিত হ’ব । ইয়াৰ পিছত অন্তিম সংস্কাৰ সম্পন্ন কৰা হ'ব আবেলি 4.30 বজাত ছাণ্টাক্ৰুজ হিন্দু শ্মশানত" ৷
উল্লেখ্য যে, শ্বাহৰুখ খানে ডন, ডন 2 আৰু ৰইছকে ধৰি বহু চলচ্চিত্ৰত ৰিতেশৰ সৈতে কাম কৰিছে । অভিনেতাজনক শেষবাৰৰ বাবে ৰাজকুমাৰ হিৰাণীৰ ডংকিত দেখা গৈছিল ৷