চিটাৰা ডেস্ক, ১৯ ফেব্ৰুৱাৰী: ‘দেৱো কে দেৱ মহাদেৱ’ ধাৰাবাহিকখনত পাৰ্বতীৰ চৰিত্ৰত অভিনয় কৰি খ্যাতি লাভ কৰিছিল অভিনেত্ৰী সোণাৰিকা ভদোৰিয়াই ৷ অভিনেত্ৰীগৰাকীয়ে এতিয়া আৰম্ভ কৰিছে জীৱনৰ এক নতুন অধ্যায় ৷ বিয়াৰ বান্ধোনত বান্ধ খাইছে সোণাৰিকা । দেওবাৰে দীৰ্ঘদিনীয়া প্ৰেমিক বিকাশ পৰাশৰৰ সৈতে বিবাহপাশত আৱদ্ধ হয় সোণাৰিকা । বিয়াৰ পিচত এতিয়া পোহৰলৈ আহিছে বিবাহৰ ভিডিঅ’ ।
উল্লেখ্য যে, ৰাজস্থানত ৰাজকীয়ভাৱে বিবাহপাশত আৱদ্ধ গৈছে সোণাৰিকা । বিয়াৰ বাবে সোণাৰিকাই পৰিধান কৰিছিল ফিচকাট ষ্টাইলৰ লেহেংগা । বিয়াৰ ৰঙা সাজত খুব ধুনীয়া দেখা গৈছে অভিনেত্ৰীগৰাকীক । এই লুকটো হীৰাৰ গহনাৰে সম্পূৰ্ণ কৰিছে অভিনেত্ৰীগৰাকীয়ে । লগতে চুলিত লগাইছিল গজৰা । সোণাৰিকাৰ মেকআপৰ কথা ক’বলৈ গ’লে একেবাৰে সাধাৰণ মেকআপ কৰিছিল অভিনেত্ৰীগৰাকীয়ে । কিন্তু সাধাৰণ মেকআপতো অভিনেত্ৰীগৰাকীক খুব ধুনীয়া দেখা গৈছে ৷
ভাইৰেল হৈ পৰিছে বিয়াৰ ভিডিঅ’
ছ’চিয়েল মিডিয়াত পোহৰলৈ আহিছে সোণাৰিকাৰ বিয়াৰ ভিডিঅ’। এটা ভিডিঅ’ত সোণাৰিকাই বৰমালাৰ বাবে এণ্ট্ৰি লোৱা দেখা গৈছে । দ্বিতীয়টো ভিডিঅ’ত সোণাৰিকা আৰু বিকাশে ইগৰাকীয়ে সিগৰাকীক মালা পিন্ধাই থকা দেখা গৈছে । বেকগ্ৰাউণ্ডত বাজি আছিল ৰাম ছিয়া ৰাম গীতটি ।
সোণাৰিকাৰ প্ৰি-ৱেডিং অনুষ্ঠানৰ কথা ক’বলৈ মেহেন্দিৰ বাবে মাতৃৰ সাজ-পোছাক পৰিধান কৰিছিল । এই সাজত অভিনেত্ৰীগৰাকীক বৰ মৰমলগা দেখা গৈছিল । বিকাশকো একে ৰঙৰ পোছাক পিন্ধা দেখা গৈছিল । উল্লেখ্য যে, সোণাৰিকাৰ হাতত অতি বিশেষ ডিজাইনৰ মেহেন্দি লগোৱা হৈছিল । হাতত শিৱ আৰু পাৰ্বতীৰ মেহেন্দি আকিছিল । ইফালে সোণাৰিকাই হালদীৰ বাবে পৰিধান কৰিছিল হালধীয়া ৰঙৰ ড্ৰেছ । আনহাতে ফুলৰ গহনাৰে নিজৰ লুকটো সম্পূৰ্ণ কৰিছিল ।
লগতে পঢ়ক: অতি সোনকালেই পিতৃ হ’ব বৰুণ ধৱন, অনুৰাগীক দিলে সুখবৰ