ETV Bharat / entertainment

লালবাগচা ৰাজাক দৰ্শন কৰিবলৈ গৈ অনুৰাগীৰ মাজত আৱদ্ধ বিকী - Vicky Kaushal Lalbaugcha Raja

author img

By ETV Bharat Entertainment Team

Published : Sep 12, 2024, 8:59 PM IST

Vicky Kaushal Visits Lalbaugcha Raja: বিকী কৌশল পত্নী কেটৰিণা কাইফৰ অবিহনে লালবাগচাৰ বাপ্পাক দৰ্শন কৰিবলৈ যায় । উক্ত স্থানত এগৰাকী অভিনেত্ৰীৰ সৈতে মুখামুখি হয় বিকী কৌশল ৷

Vicky Kaushal Gets Mobbed By Fans For Selfies As He Visits Lalbaugcha Raja he meets Esha Deol WATCH
বিকী কৌশল (Photo : ANI)

চিটাৰা ডেস্ক, 12 ছেপ্টেম্বৰ : বিকী কৌশল মুম্বাইৰ ‘লালবাগচা ৰাজা’ত গণপতি দৰ্শন কৰিবলৈ বৃহস্পতিবাৰে উপস্থিত হয় । বিকী কৌশলৰ আগতে বহুতো তাৰকাই ইয়ালৈ আহি বাপ্পাৰ আশীৰ্বাদ গ্ৰহণ কৰে । ৰণবীৰ কাপুৰেও তেওঁৰ পৰিয়ালৰ সৈতে বাপ্পা দৰ্শন কৰিবলৈ আহিছিল । আজি বিকী কৌশলক বাপ্পাৰ আশীৰ্বাদ লোৱা দেখা যায় । এজন অনুৰাগীয়ে ইয়াত বিকী কৌশলৰ সৈতে এখন ছেলফিও ক্লিক কৰে । বিকী কৌশল অকলেই উপস্থিত হয় ‘লালবাগচা ৰাজা’ত ।

লালবাগচা ৰাজাক দৰ্শন কৰিবলৈ গৈ অনুৰাগীৰ মাজত আৱদ্ধ বিকী (Video : ANI)

বগা চাৰ্ট আৰু জিন্স পিন্ধি বাপ্পাক দৰ্শন কৰিবলৈ যায় বিকী কৌশল । মন্দিৰত বিকীয়ে দৰ্শন কৰি থকাৰ সময়তে এজন অনুৰাগীয়ে তেওঁৰ ওচৰলৈ আহি ছেলফি তুলি লয় । বিকী কৌশলেও নিজৰ অনুৰাগীৰ সৈতে আনন্দৰে ছেলফি তোলে । ইফালে আন এটা ভাইৰেল ভিডিঅ’ত বিকী কৌশলে ঈশা দেউলক লগ পোৱা দেখা গৈছে ৷ দুয়োৱে পথত অনুৰাগীৰ মাজত বাৰ্তালাপ কৰে ।

লগতে পঢ়ক : লালবাগচা ৰাজাৰ শিৰত কোটি টকীয়া সোণৰ মুকুট - Ganesh Chaturthi 2024

বিকী কৌশলৰ চলচ্চিত্ৰ ৱৰ্ক ফ্ৰণ্টৰ কথা ক’বলৈ গ’লে চলিত বৰ্ষত বেড নিউজ ছবিখনত তেওঁক দেখা গৈছিল । এই ছবিখনত তেওঁৰ সৈতে মুখ্য চৰিত্ৰত দেখা গৈছিল অভিনেত্ৰী তৃপ্তি ডিমৰী আৰু পাঞ্জাবী তাৰকা এমি ভিৰ্কক । ছবিখনে বক্স অফিচত ভাল ব্যৱসায় কৰিছিল । এইখন আছিল কমেডী ছবি, য’ত তৃপ্তি ডিমৰীক দুজন প্ৰেমিকৰ মাতৃ হোৱা দেখা গৈছিল । বিকীৰ পৰৱৰ্তী ছবি হৈছে Chhaava ।

Chhaava এখন ঐতিহাসিক যুগৰ নাট্য ছবি । Chhaavaত বিকী কৌশলে ছাত্ৰপতি সম্ভাজী মহাৰাজৰ চৰিত্ৰত অভিনয় কৰিব আৰু দক্ষিণৰ অভিনেত্ৰী ৰশ্মিকা মান্দান্নাই তেওঁৰ পত্নী য়েছুবাইৰ চৰিত্ৰত অভিনয় কৰিব । চলিত বৰ্ষৰ 6 ডিচেম্বৰত মুক্তি পোৱাৰ কথা ছবিখনে । সেই দিনটোতে মুক্তি পাবলৈ গৈ আছে চাউথ চিনেমাৰ আটাইতকৈ প্ৰত্যাশিত আল্লু অৰ্জুন অভিনীত ছবি পুষ্পা 2 দ্য ৰুল ।

লগতে পঢ়ক : Chhaava ৰ টিজাৰত পূৰ্বে নেদেখা ৰূপত বিকী কৌশল - Vicky Kaushal Chhaava Teaser

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.