ETV Bharat / entertainment

সুৰ-সংগীতেৰে সংগীত দিৱস উদযাপন কৰিলে কলিয়াবৰৰ দুই শিল্পীয়ে - World Music Day 2024

author img

By ETV Bharat Assamese Team

Published : Jun 21, 2024, 4:54 PM IST

World Music Day celebration in Assam : আজি বিশ্ব সংগীত দিৱস ৷ সেই উপলক্ষে উদীয়মান সুৰকাৰ-গায়ক তথা প্ৰতিশ্ৰুতিসম্পন্ন তবলা বাদক পঞ্চম ভৌমিকে পৰিৱেশন কৰিলে এটি বিশেষ গীত ৷ শিল্পী ভাৰ্গৱজ্যোতি শইকীয়াই সুৰ তুলিলে নিজৰ বাঁহীটোত ৷

World Music Day celebration in Assam
সুৰ-সংগীতেৰে সংগীত দিৱস উদযাপন কৰিলে কলিয়াবৰৰ দুই শিল্পীয়ে (ETV Bharat Assam)

কলিয়াবৰ, 21 জুন : জীৱনৰ সুখ-দুখত, বাদ-প্ৰতিবাদত আনকি ক্ৰোধতো সংগীতৰ উপস্থিতি । প্ৰেম-বিৰহতো এই সংগীতৰ মায়াময় সুৰে হৃদয় চুই যায় ।

আজি বিশ্ব সংগীত দিৱস । প্ৰতি বছৰে ২১ জুনত বিশ্ববাসীয়ে উদযাপন কৰি আহিছে সংগীত দিৱস । কলিয়াবৰৰ উদীয়মান সুৰকাৰ-গায়ক তথা প্ৰতিশ্ৰুতিসম্পন্ন তবলা বাদক পঞ্চম ভৌমিকে এটি গীতেৰে সংগীতপ্ৰেমীলৈ শুভেচ্ছা জনাইছে । কলিয়াবৰৰ উদীয়মান সম্ভাৱনাপূৰ্ণ বাঁহীবাদক ভাৰ্গৱজ্যোতি শইকীয়াই বাঁহীৰ সুৰ তুলি সংগীত দিৱসৰ এই মুহূৰ্ত সংগীতময় কৰি তুলিছে ।

উল্লেখযোগ্য যে, ১৯৮২ চনৰ ২১ জুনত পেৰিছত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছিল বিশ্ব সংগীত দিৱস । সংগীতৰ সাৰ্বজনীন ভাষা আৰু ইয়াৰ সাংস্কৃতিক, জাতিগত, সামাজিক পটভূমি নিৰ্বিশেষে মানুহক একত্ৰিত কৰাৰ বাবে উৎসৰ্গিত এই দিনটো । এই দিৱসৰ লক্ষ্য হৈছে অপেছাদাৰী আৰু পেছাদাৰী সংগীতজ্ঞসকলক পথ, উদ্যান আৰু কনচাৰ্ট হল আদি ৰাজহুৱা স্থানত বিনামূলীয়াকৈ অনুষ্ঠান পৰিৱেশন কৰিবলৈ উৎসাহিত কৰা ।

বিশ্ব সংগীত দিৱস সন্দৰ্ভত প্ৰথমে ১৯৮২ চনত সুৰকাৰ মৰিছ ফ্লেউৰেট আৰু সাংস্কৃতিক সাংবাদিক হিচাপেও পৰিচিত এজন ৰেডিঅ’ প্ৰযোজকৰ সৈতে ফ্ৰান্সৰ তদানীন্তন সাংস্কৃতিক মন্ত্ৰী জেক লেঙে প্ৰস্তাৱ কৰিছিল । তেওঁলোকৰ উদ্দেশ্য আছিল এনে এটা অনুষ্ঠান সৃষ্টি কৰা, য’ত পেছাদাৰী আৰু অপেছাদাৰী সংগীতজ্ঞ উভয়েই নিজৰ প্ৰতিভাক বৃহৎ সংখ্যক দৰ্শকৰ মাজলৈ লৈ যাব পাৰিব । এই উদযাপন কালক্ৰমত বিয়পি পৰিল বিশ্বৰ ১২০ খনতকৈও অধিক দেশলৈ ৷

ইফালে সমগ্ৰ বিশ্বৰ সংগীতপ্ৰেমীৰ লগতে অসমৰ সংগীতপ্ৰেমীসকলেও বিশ্ব সংগীত দিৱৰ শুভেচ্ছা জনোৱা পৰিলক্ষিত হৈছে ৷ সামাজিত মাধ্যমত দেখা গৈছে সংগীতশিল্পীসকলৰ বিভিন্ন পোষ্ট ৷

লগতে পঢ়ক : আপুনিও কেৱল চখৰ বাবেহে সংগীত শুনে নেকি ? তেন্তে আপোনাৰ বাবে সুখবৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.