ETV Bharat / entertainment

Colors TV ৰ ৰিয়েলিটী শ্ব'ত অসম সন্তান টকজিৰ - tokjir kathar doley

Tokjir Kathar Doley: শিৱসাগৰত আনন্দৰ জোৱাৰ ৷ টকজিৰৰ বাবে শিৱসাগৰত অনুৰাগীয়ে অসমবাসীৰ সন্মুখত বিচাৰিলে ভোট ৷

author img

By ETV Bharat Assamese Team

Published : Mar 30, 2024, 3:40 PM IST

tokjir kathar doley from assam dikhowmukh shines in Dance reality show
টকজিৰৰ বাবে ভোটৰ আহ্বান
অসম সন্তান টকজিৰ

আমগুৰি, 30 মাৰ্চ : ৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ জিলিকিছে অসমৰ আন এটি কণমানি, নাম টকজিৰ কাথাৰ দলে ৷ মুম্বাই মহানগৰীত Colors TV ৰ দ্বাৰা ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত হৈ থকা ৰিয়েলিটী শ্ব' Dance Deewane Season 4 ত অসমৰ সুযোগ্য সন্তান কণমানি ৭ বছৰীয়া টকজিৰে ভাগ লৈ মনোমোহা নৃত্যৰে লাখ লাখ নৃত্যপ্ৰেমীৰ অন্তৰ জয় কৰিবলৈ সক্ষম হৈছে ৷ টকজিৰে ৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠাৰ খবৰে স্বাভাৱিকতে উৎফুল্লিত কৰিছে ৰাজ্যবাসীক ৷ সমান্তৰালভাৱে শিৱসাগৰতো টকজিৰৰ সফলতাৰ বাবে ৰাইজৰ মাজত ব্যাপক উছাহ পৰিলক্ষিত হৈছে ৷

এতিয়া টকজিৰক পৰিৱৰ্তী ৰাউণ্ডলৈ যাবলৈ ভোটিঙৰ প্ৰয়োজন ৷ সেয়ে টকজিৰৰ বাবে ভোটদান কৰিবলৈ সংবাদমেল যোগে ৰাইজলৈ আহ্বান জনালে শিৱসাগৰৰ সমৰ্থকসকলে ৷ সকলোৱে এতিয়া ৰাজ্যবাসীক অনুৰোধ জনাইছে যাতে সকলোৱে টকজিৰক ভোটদান কৰে আৰু পৰৱৰ্তী ৰাউণ্ডলৈ টকজিৰক আগবঢ়ি যোৱাত সহায় কৰে ৷ টকজিৰে যাতে ফাইনেলত জয়ী হৈ অসমলৈ সুনাম কঢ়িয়াই আনিব পাৰে তাৰ বাবে অনুৰাগীয়ে অসমবাসীৰ আশীৰ্বাদ বিচাৰিছে ৷

ইফালে শিৱসাগৰৰ দিখৌমুখ অঞ্চলতো টকজীৰৰ সমৰ্থনত এইদৰে ওলাই আহিল বহুসংখ্যক লোক ৷ হাতে হাতে বেনাৰ-ফেষ্টুন লৈ ৰাইজক টকজিৰৰ বাবে ভোটদান কৰিবলৈ আহ্বান জনালে সকলোৱে ৷ উল্লেখ্য যে, টকজিৰক ভোট দিবৰ বাবে আপোনাৰ মোবাইলত প্লে’ ষ্টৰত গৈ জিঅ’ চিনেমা এপ ডাউনলোড কৰি সেই এপযোগে ভোটদান কৰিব লাগিব ৷ ভোটদানৰ সময় ৩০ মাৰ্চ শনিবাৰ নিশা ৯-৩০ বজাৰ পৰা আৰম্ভ হৈ ৩১ মাৰ্চ দেওবাৰ পুৱা ৯-৩০ বজাত অন্ত পৰিব ৷

লগতে পঢ়ক : জুবিন নৌটিয়ালৰ সংগীতানুষ্ঠান বাতিল সন্দৰ্ভত সন্দৰ্ভত কি ক’লে আয়োজকে... - JUBIN NAUTIYAL MUSIC CONCERT

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.