ETV Bharat / entertainment

এগৰাকী দৃষ্টিহীন ছাত্ৰৰ জীৱনক লৈ নিৰ্মিত চুটি ছবি "জিলিঙনি"ৰ মুক্তি - New Assamese Short Movie

author img

By ETV Bharat Assamese Team

Published : Jun 21, 2024, 5:46 PM IST

New Assamese Short Movie: এগৰাকী দৃষ্টিহীন ছাত্ৰৰ মনৰ অনুভৱক লৈ নিৰ্মাণ এখন নতুন অসমীয়া চুটি ছবি ৷ বলীউডৰ বিশিষ্ট অভিনেতা, পদ্মভূষণ ভিক্টৰ বেনাৰ্জীৰ দ্বাৰা মৰাণ আদৰ্শ অন্ধ বিদ্যালয়ত আনুষ্ঠানিকভাৱে উন্মোচন চুটি ছবি জিলিঙনি ৷

THE ASSAMESE SHORT MOVIE "JEELINGANI" IS ABOUT A BLIND STUDENT
এগৰাকী দৃষ্টিহীন ছাত্ৰৰ জীৱনক লৈ নিৰ্মিত চুটি ছবি "জিলিঙনি"ৰ মুক্তি (ETV Bharat)

মৰাণ, 21 জুন: দৃষ্টিহীন লোকসকলৰ মনৰ মাজতো থাকে এখন ৰঙীণ পৃথিৱী ৷ দৃষ্টিহীন হ'লেও তেওঁলোকৰ আছে নিজস্ব সপোন ৷ প্ৰখৰ অনুভূতিৰে যেন পৃথিৱীত বিচৰণ কৰি থাকিব পাৰে তেওঁলোকে ৷ এই দৃষ্টিহীন লোকসকলৰ মনৰ অনুভৱক লৈয়ে মৰাণত মুক্তি দিয়া হয় এখন চুটি ছবি ৷ এজন দৃষ্টিহীন ছাত্ৰক লৈ নিৰ্মাণ কৰা হৈছে এই চুটি ছবিখন ৷ ড° মলয়া ভূঞাৰ কাহিনীৰে নিৰ্মাণ হোৱা ‘জিলিঙনি’ নামৰ ছবিখনত দৃষ্টিহীন ছাত্ৰজনৰ মনটো প্ৰতিদিনে সজীৱ হৈ থকা ৰঙীণ পৃথিৱীখনক উপস্থাপন কৰা হৈছে ৷ ছবিখন পৰিচালনা কৰিছে চিত্ৰশিল্পী দিপু বৰাই ৷

দৃষ্টিহীন এজন ছাত্ৰৰ জীৱনৰ কাহিনীৰে নিৰ্মাণ কৰা অসমৰ প্ৰথমখন চুটি ছবিত অভিনয় কৰিছে মৰাণৰ আদৰ্শ অন্ধ বিদ্যালয়ৰ ছাত্ৰ শিৱা কৰ্মকাৰে ৷ আজি বলীউডৰ বিশিষ্ট অভিনেতা, পদ্মভূষণ ভিক্টৰ বেনাৰ্জীয়ে মৰাণ আদৰ্শ অন্ধ বিদ্যালয়ত আনুষ্ঠানিকভাৱে উন্মোচন কৰে এই চুটি ছবিখন ৷

ছবিখনৰ সম্পৰ্কত অভিনেতা ভিক্টৰ বেনাৰ্জীয়ে কয়, ‘পাঁচৰ পৰা সাত মিনিটত কি দেখুৱাব বুলি ভাবিছিলো ৷ কিন্তু ছবিখন চাই অভিভূত হৈছো ৷’ লগতে ছবিখন পৰিচালনা কৰা চিত্ৰশিল্পী দিপু বৰাই এনে এখন চুটি ছবি ৰাইজক উপহাৰ দিয়াৰ বাবে তেওঁ ভূয়সী প্ৰশংসা কৰে ৷

উল্লেখযোগ্য যে, এইগৰাকী বলীউডৰ বিশিষ্ট অভিনেতা ভিক্টৰ বেনাৰ্জীয়ে পৰিচালনা কৰি আছে মৰাণ জনমংগল আদৰ্শ অন্ধ বিদ্যালয় ৷ ১৯৭১ চনত মৰাণৰ ডোমৰ দলং গাঁৱত কেৱল দুগৰাকী দৃষ্টিহীন শিক্ষাৰ্থীৰে আৰম্ভ কৰা বিদ্যালয়খন বৰ্তমান দেশৰ এখন আগশাৰীৰ অন্ধ বিদ্যালয় হিচাপে পৰিগণিত হৈছে ৷ বৰ্তমান সময়ত প্ৰায় ৫০ৰো অধিক শিক্ষাৰ্থীৰে পূৰ্ণ পৰ্যায়ৰ শিক্ষানুষ্ঠানলৈ পৰিণত হৈছে বিদ্যালয়খন ৷

ঔফুলীয়া চাহ বাগিচাৰ পৰিচালক মেজৰ এছ.এন বেনাৰ্জীৰ তত্ত্বাৱধানত অন্ধ বিদ্যালয়খনে অগ্ৰগতি লাভ কৰিছিল ৷ মেজৰ এছ.এন বেনাৰ্জীৰ মৃত্যুৰ পাচত তেওঁৰ পুত্ৰ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেতা ভিক্টৰ বেনাৰ্জীৰ পৰিচালনাত সম্প্ৰতি মৰাণ জনমংগল আদৰ্শ অন্ধ বিদ্যালয় দেশৰ ভিতৰতে এখন পূৰ্ণ পৰ্যায়ৰ দৃষ্টিহীন বিদ্যালয়ৰূপে পৰিগণিত হৈছে ৷ সেয়ে বিদ্যালয়খনৰ ছাত্ৰই অভিনয় কৰা চুটি ছবিখন মৰাণ জনমংগল আদৰ্শ অন্ধ বিদ্যালয়ত আজি উন্মোচন কৰে বলীউডৰ বিশিষ্ট অভিনেতা, পদ্মভূষণ ভিক্টৰ বেনাৰ্জীয়ে ৷

লগতে পঢ়ক: Moran Blind School: বিদেশী পৰ্যটকক লগত গৈ মৰাণৰ অন্ধ বিদ্যালয়ত আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন অভিনেতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.