ETV Bharat / entertainment

দুদিনীয়া কাৰ্যসূচীৰে আপনা আৰ্টিষ্টৰ উদ্যোগত এখনি বিশেষ প্ৰতিযোগিতা

author img

By ETV Bharat Assamese Team

Published : Feb 22, 2024, 5:18 PM IST

Apna Artist: উত্তৰ-পূৰ্বাঞ্চলৰ নৃত্য, গীত আদিৰ প্ৰতি আগ্ৰহী প্ৰাৰ্থীসকলৰ বাবে এটা ভাল খবৰ । দুদিনীয়া কাৰ্যসূচীৰে আপনা আৰ্টিষ্টৰ উদ্যোগত লামডিঙত অনুষ্ঠিত হ’ব এখনি প্ৰতিযোগিতা ৷

Song, Dance, Competition to be held in Lumding under initiative of Apna Artist
দুদিনীয়া কাৰ্যসূচীৰে আপনা আৰ্টিষ্টৰ উদ্যোগত সাংস্কৃতিক কাৰ্যসূচী

গুৱাহাটী, ২২ ফেব্ৰুৱাৰী: উত্তৰ-পূৰ্বাঞ্চলৰ শিল্পীসকলৰ বাবে এটা ভাল খবৰ ৷ বহু সময়তে দেখা যায় যে প্ৰতিভা থকা স্বত্বেও মঞ্চৰ অভাৱত থমকি ৰ’বলগীয়া হয় শিল্পীসকল ৷ কিন্তু এতিয়া এইসকল শিল্পীৰ বাবে আপনা আৰ্টিষ্ট নাম সংস্থাটোৱে আয়োজন কৰিছে এখনি বিশেষ প্ৰতিযোগিতা ৷ উত্তৰ পূৰ্বাঞ্চলৰ নৃত্য, গীত আদিৰ প্ৰতি আগ্ৰহী প্ৰাৰ্থীসকলক এখন মঞ্চ দিয়া উদ্দেশ্যৰে অহা ৩০ মাৰ্চৰ পৰা ৩১ মাৰ্চলৈ অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতা ।

আপনা আৰ্টিষ্টৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে লামডিঙত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতাখনি । আপনা আৰ্টিষ্ট নামৰ এই সাংস্কৃতিক সংস্থাটোৰ উদ্যোক্তা ৰাজু শৰ্মাই শেহতীয়াকৈ এক সংবাদমেলৰ আয়োজন কৰি এই কথা ঘোষণা কৰে ৷ সংবাদমেলত ৰাজু শৰ্মাই জনোৱা অনুসৰি এই প্ৰতিযোগিতাখনি তিনিটা পৰ্যায়ত মুঠ ৯ টা প্ৰতিযোগিতা অনুষ্ঠিত হ’ব ।

উল্লেখ্য যে, অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাসমূহৰ ভিতৰত আছে- নৃত্য, গীত, ডি জে, ৰেপ, বিট বক্সাৰ আদিকে ধৰি মুঠ ৯ টা প্ৰতিযোগিতা । www.apnaartist.com এই ৱেবচাইটটোৰ জৰিয়তে প্ৰতিযোগীসকলে নাম অন্তৰ্ভুক্ত কৰিব পাৰিব । তিনিটা পৰ্যায়ৰ প্ৰতিযোগিতা অনুসৰি প্ৰথম পৰ্যায়ত অনলাইন যোগে প্ৰতিযোগীসকলে ১ মিনিটৰ পৰা ৩ মিনিটৰ ভিতৰত তেওঁলোকৰ ভিডিঅ’সমূহ প্ৰেৰণ কৰিব লাগিব, ইয়াৰ পিচত ছেমি ফাইনেল আৰু ফাইনেল প্ৰতিযোগিতা অনুষ্ঠিত হ’ব ।

ইয়াৰ পিচত বিজয়ী প্ৰতিযোগীক "Indian most talented icon" সন্মানেৰে সন্মানিত কৰা হ’ব । এইখিনিতে উল্লেখ কৰিব লাগিব যে এই প্ৰতিযোগিতাখনিত যিকোনা বয়সৰ লোকে অংশগ্ৰহণ কৰিব পাৰিব ৷ হয়, প্ৰতিযোগিতাখনিত নাই কোনো বয়সৰ সময়সীমা । সকলো পৰ্যায়ৰ প্ৰতিযোগীয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব । বৃহস্পতিবাৰে সংবাদমেল যোগে এই কথা ঘোষণা কৰে আপনা আৰ্টিষ্টৰ উদ্যোক্তা ৰাজু শৰ্মাই ।

লগতে পঢ়ক: ছিংগাপুৰৰ প্ৰযোজনা সংস্থা Akanga Film Asia ই প্ৰযোজনা কৰিব ৰীমা দাসৰ মালতী মাই লাভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.