ETV Bharat / entertainment

নাৰীৰ বাবে সমৰকলা প্ৰশিক্ষণ বাধ্যতামূলক হ’ব লাগে-কুসুম কৈলাশ - Kussum Kailash on Rape - KUSSUM KAILASH ON RAPE

Kussum Kailash on Rape : ধৰ্ষণৰ ঘটনা বৃদ্ধি পোৱাক লৈ উদ্বেগ প্ৰকাশ কৰে জনপ্ৰিয় কণ্ঠশিল্পী কুসুম কৈলাশে ৷ ধৰ্ষণকাৰীৰ বাবে উপযুক্ত শাস্তিৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক আহ্বান জনাই শিল্পীজনে ৷

singer Kussum Kailash
কুসুম কৈলাশ (ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : Aug 24, 2024, 8:27 PM IST

ডিব্ৰুগড়, 24 আগষ্ট : সমাজত বাঢ়ি আহিছে ধৰ্ষণৰ ঘটনা ৷ মানুহৰ চিন্তা শক্তি বন্ধ কৰি দিব পৰা ঘটনাৰো সাক্ষী হৈ ৰৈছে মানৱ সমাজ এই কলিযুগত ৷ এনে ঘটনাই দেশৰ লগতে সমগ্ৰ পৃথিৱীতে তোলপাৰ লগোৱাৰ পিচতো কিন্তু থমকি নৰয় পুৰুষৰূপী কিছু দানৱৰ দুই ভৰি, নিৰ্ভয়ে আগবাঢ়ি যায় নাৰী সতীত্ব হৰণৰ বাবে ৷ ঘটনা ঘটিয়ে থাকে ৷ এটাতকৈ আনটোহে এখোপ ওপৰত ৷

কুসুম কৈলাশৰ ভাষ্য (ETV Bharat Assam)

শেহতীয়াকৈ কলকাতাত সংঘটিত হোৱা হৃদয়বিদাৰক ধৰ্ষণ আৰু হত্যাকাণ্ডৰ ঘটনাই মানুহ হিচাপে সকলোকে লাজত পেলাইছে ৷ জীৱশ্ৰেষ্ঠ বুলি কোৱাৰ অধিকাৰ আমি হেৰুৱাই পেলাইছো ৷ 9 আগষ্টত সংঘটিত হোৱা এই ঘটনাৰ বিৱৰণে প্ৰতিজন সুস্থ মগজৰ মানুহৰ মনত ক্ৰিয়া কৰিছে ৷ এই ঘটনাক লৈ ইমূৰ-সিমূৰে আলোচনা চলি থকাৰ মাজতে অসমত 22 আগষ্টত সংঘটিত হয় আন এটা ধৰ্ষণকাণ্ড ৷ স্থান ধিং ৷

ইমান আলোচনা-বিলোচনাৰ মাজতো এনে পৈশাচিক ঘটনা পুনৰ সংঘটিত কৰিবলৈ কিহে উৎসাহ যোগাই ধৰ্ষণকাৰীক ? নিশ্চয়কৈ সাহস, কিয়নো এনেধৰণৰ ঘটনাৰ বাবে দেশত নাই কোনো চৰম শাস্তিৰ আইন ! লগতে সেইচাম মানুহ মানসিকভাৱেও বিকাৰগ্ৰস্ত ৷ কিন্তু শেষত এটাই কথা মনত ৰখা দৰকাৰ যে নাৰীয়ে নিজেই নিজকে সুৰক্ষা দিব লাগিব ৷

লগতে পঢ়ক : চিকিৎসক ধৰ্ষণ- হত্যাকাণ্ড: মহিলাৰ বাবে সুৰক্ষিত স্থান নিশ্চিত কৰাৰ দাবী বলীউড তাৰকাৰ - Celebs Reaction on Kolkata Rape

"ধৰ্ষণ বন্ধ কৰিবৰ বাবে ধৰ্ষণকাৰীক চৰম শাস্তি প্ৰদান কৰিব লাগে ৷" শেহতীয়াকৈ এই মত প্ৰকাশ কৰিছে জনপ্ৰিয় কণ্ঠশিল্পী কুসুম কৈলাশে ৷ ধিঙৰ কিশোৰী ধৰ্ষণকাণ্ডক তীব্ৰ গৰিহণা দিয়ে কণ্ঠশিল্পীগৰাকীয়ে ৷

দিনক দিনে নাৰীৰ ওপৰত বাঢ়ি অহা অমানুষিক নিৰ্যাতন, হত্যা-ধৰ্ষণৰ ঘটনাত গভীৰ উদ্বেগ প্ৰকাশ কৰে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী কুসুম কৈলাশে ৷ শিল্পীজনে কয় যে বিকৃত মানসিকতা থকা লোকেহে এনে বৰ্বৰ ঘটনা সংঘটিত কৰে ৷ এনে ঘটনাৰ লগত জড়িতসকলক চৰম শাস্তি প্ৰদান কৰা উচিত বুলি উল্লেখ কৰি কুসুম কৈলাশে কয় যে এনে ঘটনাৰ দৃষ্টান্তমূলক শাস্তিয়েহে ভৱিষ্যতৰ দিনত এইবোৰ ঘটনা ৰোধ কৰিব পাৰিব ৷

নাৰীৰ সুৰক্ষাৰ বাবে চৰকাৰক কঠোৰ আইন প্ৰণয়ন কৰাৰো আহ্বান জনাই শিল্পীজনে ৷ তদুপৰি বিদ্যালয়-মহাবিদ্যালয়ত ছাত্ৰীসকলৰ আত্মৰক্ষাৰ বাবে সমৰকলাৰ প্ৰশিক্ষণ পাঠ্যক্ৰম বাধ্যতামূলক কৰাৰো আহ্বান জনাই কণ্ঠশিল্পী কুসুম কৈলাশে ৷

উল্লেখ্য যে, কলকাতাত অতি বৰ্বৰভাৱে চিকিৎসকক ধৰ্ষণ কৰি হত্যা কৰা ঘটনাই দেশ জোকাৰি গৈছে । মৃতকৰ বাবে ন্যায় কামনাৰে দেশজুৰি চলি আছে প্ৰতিবাদ । এই ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই ৰাজ্যখনৰ ধিঙত সংঘটিত হ'ল অনুৰূপ ঘটনা । ধিঙৰ নাৰকীয় ঘটনাত ৰাজ্যজুৰি চলি আছে উত্তাল প্ৰতিবাদ । এই ঘটনাৰ লগত জড়িতসকলক ফাঁচি দিয়াৰ দাবীত ৰাজ্যজুৰি চলি আছে প্ৰতিবাদ ৷

লগতে পঢ়ক : কলকাতা ধৰ্ষণকাণ্ডৰ মাজতে বাইকাৰে আক্ৰমণ কৰে অভিনেত্ৰী পায়েল মুখাৰ্জীক - Payel Mukherjee car attacked

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.