ETV Bharat / entertainment

লোকাৰ্নো চলচিত্ৰ মহোৎসৱত কন্যা সুহানা আৰু অভিষেক বচ্চনৰ সৈতে অংশগ্ৰহণ কিং খানৰ - SHAH RUKH KHANS KING

author img

By ETV Bharat Assamese Team

Published : Aug 12, 2024, 10:21 AM IST

SRK Confirms King: বলীউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খানে প্ৰথমবাৰৰ বাবে তেওঁৰ অভিনীত ছবি কিঙৰ বিষয়ে ৰাজহুৱাকৈ কিছু কথা প্ৰকাশ কৰে ৷ এই ছবিৰ আন আন চৰিত্ৰত অভিনয় কৰিছে অভিষেক বচ্চন, অভয় বাৰ্মা আদিয়ে ৷ একেখন ছবিৰ জৰিয়তে বলীউডৰ যাত্ৰাৰ শুভাৰম্ভ কৰিব শ্বাহৰুখ তনয়া সুহানা খানে ৷

SHAH RUKH KHANS KING
লোকাৰ্নো চলচিত্ৰ মহোৎসৱত শ্বাহৰুখ খান (ANI)

চিটাৰা ডেস্ক, 12 আগষ্ট: 77 তম লোকাৰ্নো চলচ্চিত্ৰ মহোৎসৱত শনিবাৰে উপস্থিত আছিল বলীউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খান ৷ কিং খানৰ সৈতে একেলগে উপস্থিত থাকে কন্যা সুহানা খানৰ লগতে বলীউডৰ তাৰকা অভিনেতা অভিষেক বচ্চন ৷ এই মহোৎসৱতে শ্বাহৰুখ খানলৈ আগবঢ়োৱা হয় পাৰ্ডো আল্লা কেৰিয়াৰা বা কেৰিয়াৰ লেপ'ৰ্ড হিচাপে জনাজাত জীৱনজোৰা কৃতিত্ব বঁটা ৷

লোকাৰ্নো চলচ্চিত্ৰ মহোৎসৱৰ শৈল্পিক পৰিচালক জিঅ’না এ নাজজাৰোৰ সৈতে হোৱা এক সাক্ষাৎকাৰৰ সময়ত তাৰকা অভিনেতাগৰাকীয়ে তেওঁৰ চলচ্চিত্ৰ কেৰিয়াৰ আৰু ছবিৰ বাছনিৰ চৰ্তৰ বিষয়ে আলোচনা কৰিছিল ৷ অতি কম সময়ৰ ভিতৰতে মুক্তি লাভ কৰিব শ্বাহৰুখ খান অভিনীত ছবি কিং ৷ এই কথোপকথনৰ জৰিয়তে বলীউডৰ অভিনেতাগৰাকীয়ে কিং ছবিখনৰ লগতে নিৰ্মাণৰ সৈতে জড়িত বহুকথাই মুকলিকৈ প্ৰকাশ কৰে ৷

"কিছু প্ৰকাৰৰ চলচ্চিত্ৰ আছে, যিবোৰ মই কৰিব বিচাৰো ৷ হয়তো ই অধিক বয়সকেন্দ্ৰিক ৷ মই 6-7 বছৰ ধৰি কিবা এটা চেষ্টা কৰিব বিচাৰো, মই ইয়াৰ বিষয়ে চিন্তা কৰি আছোঁ আৰু আমি বহি থাকোতে এদিন সুজয়ক এইটো প্ৰকাশ কৰিছিলো ৷ তেওঁ আমাৰ কাৰ্যালয়ত আমাৰ সৈতে কাম কৰে, তেওঁ আমাৰ বাবে কিছুসংখ্যক চলচ্চিত্ৰ নিৰ্মাণ কৰিছে ৷ তেওঁ কয়, মহাশয়, মোৰ এটা বিষয় আছে," এনেদৰে সাক্ষাৎকাৰৰ সময়ত এছ আৰ কে বৰ্ণনা কৰে ৷

বলীউডৰ ছুপাৰষ্টাৰগৰাকীয়ে তেওঁৰ মুক্তি লাভ কৰিবলগীয়া ছবি কিঙৰ বাবে ওজন হ্ৰাস কৰাৰ পৰিকল্পনাৰ বিষয়েও প্ৰকাশ কৰে ৷ "মই ইয়াৰ ওপৰত কাম কৰা আৰম্ভ কৰিব লাগিব, অলপ ওজন হ্ৰাস কৰিব লাগিব, কিছু প্ৰসাৰিত কৰিব লাগিব," বুলি অভিনেতাগৰাকীয়ে নতুন ছবি কিং সম্পৰ্কে এনেদৰে কয় ৷

এই কিং ছবিৰ জৰিয়তে সৰু পৰ্দাৰ পৰা বলীউডৰ ডাঙৰ পৰ্দাত অভিষেক ঘটাব শ্বাহৰুখ খানৰ কন্যা সুহানা খানে ৷ ছবিখনে এইবছৰৰ নৱেম্বৰত ছবিগৃহত মুক্তি পোৱাৰ সম্ভাৱনা আছে ৷ বহু প্ৰতীক্ষিত ছবিখনত বিগ বি ৰ পুত্ৰ, অভিনেতা অভিষেক বচ্চনে অভিনয় কৰিছে বিৰোধীৰ চৰিত্ৰত ৷ মুঞ্জিয়াত অভিনয় কৰা অভয় বাৰ্মাকো ছবিখনৰ এক গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰা দেখা গৈছে ৷

লগতে পঢ়ক: এটি বিশেষ বঁটা ল’বলৈ ছুইজাৰলেণ্ড পালেগৈ কিং খান - LOCARNO FILM FESTIVAL SHAH RUKH

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.