কলিয়াবৰ : আজি ২৪ সংখ্যক সত্ৰীয়া সংস্কৃতি দিৱস । ২০০০ চনৰ আজিৰ দিনটোতেই দীৰ্ঘকালৰ প্ৰচেষ্টাৰ অন্তত তদানীন্তন ভাৰত চৰকাৰৰ সংগীত নাটক অকাডেমিৰ অধ্যক্ষ ভাৰত ৰত্ন, সংগীতসূৰ্য ড৹ ভূপেন হাজৰিকাৰ প্ৰত্যক্ষ সহযোগত অসমৰ সত্ৰীয়া নৃত্যই শাস্ত্ৰীয় নৃত্যৰূপে স্বীকৃতি লাভ কৰে ।
এই স্বীকৃতিৰ বাবেই গুৰু দুজনাৰ সৃষ্টি আৰু পৰৱৰ্তী আতাপুৰুষসকলৰ চৰ্চাৰ ফচল সত্ৰীয়া নৃত্যক ব্যাকৰণিক ব্যৱস্থাৰ আওঁতালৈ অনাত সহায়ক হ'ল । পিছলৈ লাহে লাহে সত্ৰীয়া নৃত্যই সৰ্বভাৰতীয় পৰ্যায়তো প্ৰচাৰ আৰু প্ৰসাৰ লাভ কৰিবলৈ লয় ।
সত্ৰীয়া নৃত্যই ভাৰতৰ অষ্টম শাস্ত্ৰীয় নৃত্যৰূপে স্বীকৃতি লাভ কৰাৰ ক্ষেত্ৰত সংগীতসূৰ্য ড৹ ভূপেন হাজৰিকাৰ প্ৰচেষ্টাক সকলোৱে স্মৰণ কৰে । নৱপ্ৰজন্মৰ মাজত সত্ৰীয়া নৃত্যৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে অসমৰ সত্ৰসমূহৰ বহুকেইটা সংগঠন তথা ব্যক্তি বিশেষে নিৰন্তৰ প্ৰয়াস চলাই আহিছে । কলিয়াবৰত আজি কলিয়াবৰ জিলা সত্ৰ মহাসভাৰ কাৰ্যালয় প্ৰাংগনতো উদযাপন কৰা হয় সত্ৰীয়া সংস্কৃতি দিৱস ।
উল্লেখ্য যে সত্ৰীয়া নৃত্য হৈছে ভাৰতৰ সংগীত নাটক অকাডেমিয়ে শাস্ত্ৰীয় নৃত্য হিচাপে মৰ্যাদা প্ৰদান কৰা ৮ টা নৃত্যশৈলীৰ ভিতৰত অন্যতম । সত্ৰীয়া নৃত্যৰ 'সত্ৰীয়া' শব্দটো 'সত্ৰ'ৰ পৰা আহিছে । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰতিষ্ঠিত সত্ৰসমূহৰ যোগেৰে প্ৰায় ১৫ শ শতিকাৰ পৰাই এই নৃত্যধাৰা অসমত প্ৰচলিত হয় ।
সত্ৰীয়া নৃত্য
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু তেওঁৰ প্ৰিয় শিষ্য মাধৱদেৱে ভক্তিধৰ্ম প্ৰচাৰৰ অৰ্থে শাস্ত্ৰীয় নৃত্যৰ সম্পদক আশ্ৰয় কৰি সৃষ্টি কৰা আৰু তেওঁৰ পৰৱৰ্তী প্ৰচাৰকসকলে কিছু পৰিমাণে সংবৰ্ধন ঘটোৱা আৰু সত্ৰসমূহৰ হাতত সংৰক্ষিত, পৰিবৰ্ধিত, পৰিশীলিত আৰু ব্যাকৰণসন্মত হিচাপে জনপ্ৰিয় হৈ উঠা নৃত্যধাৰাকে সাধাৰণতে সত্ৰীয়া নৃত্য বুলি কোৱা হয় ।
লগতে পঢ়ক : কু-সংস্কাৰৰ বিৰুদ্ধে নতুন অসমীয়া ছবি ‘তমস্বিনী’