ETV Bharat / entertainment

সুধাকণ্ঠ বিহীন 13 টা বছৰ - BHUPEN HAZARIKA DEATH ANNIVERSARY

আজি সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকা আমাৰ মাজৰ পৰা আঁতৰি যোৱা 13 টা বছৰ সম্পূৰ্ণ হ’ল ৷ মৃত্যু দিৱসত সমগ্ৰ অসমবাসীয়ে আজি তেওঁক শ্ৰদ্ধাৰে সুঁৱৰিছে ৷

Bhupen Hazarika death anniversary
ড৹ ভূপেন হাজৰিকা (Photo : ETV Bharat)
author img

By ETV Bharat Entertainment Team

Published : Nov 5, 2024, 10:39 AM IST

হায়দৰাবাদ : ‘‘মানুহে মানুহৰ বাবে...যদিহে অকণো নাভাৱে...’’ সেইদিনা এটা যুগৰ অৱসান ঘটিছিল, গোটেই অসমে চকুলো টুকিছিল ৷ সামৰ্থ অনুসৰি যোৱা গৈছিল, চোৱাই চাইছিল, মুঠতে সকলো ব্যস্ত আছিল ড৹ ভূপেন হাজৰিকাৰ শেষকৃত্য দৰ্শনত ৷ অন্তিমবাৰলৈ এবাৰ তেওঁক চোৱাৰ হেঁপাহ ৷ বহু কালজয়ী গীতৰ স্ৰষ্টা ভূপেন হাজৰিকাৰ বিয়োগ সাংস্কৃতিক জগতখনৰ বাবে এনে এক ক্ষতি, যি ক্ষতি পূৰণ কৰাৰ সাধ্য দ্বিতীয় এগৰাকী ব্যক্তিৰ নাই ৷ অসমে কেতিয়াও এনে এগৰাকী মহান ব্যক্তিৰ সান্নিধ্য পুনৰাই লাভ নকৰে ৷

আজি সুধাকণ্ঠৰ ত্ৰয়োদশ সংখ্যক মৃত্যুবাৰ্ষিকী ৷ ভাৰত ৰত্ন ড৹ ভূপেন হাজৰিকাই অগণন সংগীতপ্ৰেমীক শোকসাগৰত ডুবাই থৈ এই পৃথিৱীৰ মায়া এৰি যোৱা আজি 13 টা বছৰ সম্পূৰ্ণ হ’ল ৷ আজি ত্ৰয়োদশ সংখ্যক মৃত্যুবাৰ্ষিকীত বিশ্ব বৰণ্য শিল্পীগৰাকীক সমগ্ৰ অসমবাসীয়ে শ্ৰদ্ধাৰে সুঁৱৰিছে ৷

মহাপ্ৰয়াণৰ তেৰটা বছৰৰ পিছতো আজিও কিন্তু বৰেণ্য শিল্পীগৰাকী জীয়াই আছে প্ৰতিগৰাকী অসমীয়াৰ মনত ৷ কিয়নো ভাৰত ৰত্ন ড৹ ভূপেন হাজৰিকাই অসমীয়াৰ বাবে কৰা কৰ্মৰাজিয়ে অসমবাসীক বিশ্ব দৰবাৰত পৰিচয় কৰাই দিবলৈ সক্ষম হৈছিল ৷ তেওঁৰ ৰচিত প্ৰতিটো গীতেই আছিল কালজয়ী ৷ প্ৰতিটো গীতৰে অৰ্থ আছিল বহু গভীৰ ৷ ভূপেন হাজৰিকাৰ সৃষ্টিসমূহ প্ৰজন্মৰ পৰা প্ৰজন্মলৈকে বিয়পি আছে ৷ আজিও নৱ-প্ৰজন্মৰ বহু সংখ্যকে সুধাকণ্ঠৰ গীতসমূহ বৰ আকুলতাৰে শুনে ৷

আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত অসম আৰু অসমীয়াৰ হিয়াৰ আমঠু শিল্পীগৰাকীক স্মৰণ কৰা দেখা গৈছে । প্ৰতিখন জিলাতে বিশ্ব বৰেণ্য শিল্পীগৰাকীৰ স্মৃতিত বিভিন্ন ধৰণৰ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে ।

লগতে পঢ়ক : ৮১ সংখ্যক ওপজা দিনত ‘নাট্য ভীষ্ম’ উপাধিৰে বিভূষিত ঐশ্বৰ্য কাকতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.