ETV Bharat / entertainment

গৌৰৱান্বিত ভাৰতবাসী : দ্য একাডেমীৰ পোষ্টত দীপিকা পাডুকন, কিন্তু কিয় ? - the academy instagram - THE ACADEMY INSTAGRAM

Deepika Padukone's Deewani Mastani : অভিনেত্ৰী দীপিকা পাডুকনে আকৌ এবাৰ গৌৰাৱান্বিত কৰিলে অনুৰাগীক ৷ দ্য একাডেমীয়ে বাজিৰাও মস্তানীৰ গান দিৱানী-মস্তানীৰ দীপিকা পাডুকনে নৃত্য কৰা অংশটো শ্বেয়াৰ কৰিছে ৷ এই পোষ্টটোত দীপিকাৰ স্বামী তথা অভিনেতা ৰণবীৰ সিঙে কি কমেণ্ট কৰিছে চাওক-

Ranveer Singh Reacts to Deepika Padukone's Deewani Mastani Dance after The Academy Shares Clip
পত্নীক লৈ সদায়ে গৌৰৱ কৰা স্বামী
author img

By ETV Bharat Assamese Team

Published : Apr 4, 2024, 11:36 AM IST

চিটাৰা ডেস্ক, 4 এপ্ৰিল : বলীউড ডিভা দীপিকা পাডুকন আজিৰ দিনত শীৰ্ষস্থানৰ অভিনেত্ৰী বুলি ক’লেও ভুল কোৱা নহ’ব ৷ কিছুমান বিশেষ ছবিত অভিনেত্ৰী হিচাপে দীপিকাই বহু অসাধাৰণ অভিনয় কৰিছে । তেওঁৰ অন্যতম ব্যতিক্ৰমী স্মৰণীয় অভিনয় বুলি উল্লেখ কৰিব পাৰি ২০১৫ চনৰ সঞ্জয় লীলা ভাঞ্চালীৰ ছবি বাজিৰাও মস্তানীৰ কথা, য’ত তেওঁ মস্তানীৰ চৰিত্ৰত অভিনয় কৰিছিল ।

অভিনেত্ৰীগৰাকীয়ে একাধিকবাৰ ভাৰতবাসীক গৌৰৱান্বিত কৰিছে আৰু এতিয়া বিশ্বব্যাপী স্বীকৃতিৰ থকা একাডেমী অৱ্ মোচন পিকচাৰ আৰ্টছ এণ্ড চাইন্সেছে দিৱানী মস্তানী গানটোৰ পৰা তেওঁৰ এটা ক্লিপ শ্বেয়াৰ কৰিছে ৷ দ্য একাডেমীয়ে নিজৰ ইনষ্টাগ্ৰাম হেণ্ডেলত পোষ্ট কৰা ভিডিঅ’টোত দীপিকা পাডুকনে নৃত্য কৰি আছে ৷

2015 চনৰ তেওঁৰ হিট ছবি বাজীৰাও মস্তানীৰ দিৱানী-মস্তানী শীৰ্ষক গীতটোত দীপিকাই নৃত্য কৰি থকা অংশটো শ্বেয়াৰ কৰিছে দ্য একাডেমীয়ে ৷ বাজীৰাও মস্তানীত তেওঁৰ স্বামী ৰণবীৰ সিং আৰু প্ৰিয়ংকা চোপ্ৰায়ো অভিনয় কৰিছিল ৷ আনহাতে দিৱানী-মস্তানী শীৰ্ষক গীতটিত কণ্ঠদান কৰিছে জনপ্ৰিয় কণ্ঠশিল্পী শ্ৰেয়া ঘোষালে ৷

ভিডিঅ’টো শ্বেয়াৰ কৰি অস্কাৰৰ অফিচিয়েল ৱেবছাইটটোৱে কেপচনত লিখিছে, "দীপিকা পাডুকনে 'বাজীৰাও মস্তানী' বোলছবিখনৰ 'দিৱানী মস্তানী' (শ্ৰেয়া ঘোষালৰ দ্বাৰা গোৱা) গানটোত নৃত্য কৰিছে । সঞ্জয় লীলা ভাঞ্চালীৰ দ্বাৰা পৰিচালিত । ৰণবীৰ সিং, দীপিকা পাডুকন আৰু প্ৰিয়ংকা চোপ্ৰা জোনাছ অভিনীত ।"

অভিনেত্ৰীগৰাকী বহু অনুৰাগীৰ উপৰিও স্বামী তথা অভিনেতা ৰণবীৰ সিঙো মন্তব্য শাখালৈ জঁপিয়াই পৰে ৷ অপৰিসীম গৌৰৱেৰে কমেণ্ট কৰে তেওঁ । ভিডিঅ’টো ড্ৰপ কৰা পাচতে অভিনেতাজনে কমেণ্ট কৰে । কমেণ্ট ছেকশ্যনত তেওঁ এইদৰে লিখে : "মেচমেৰিক !"

এজন ছ'চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে মন্তব্য কৰিছে- "এই গানটোত দীপিকাৰ সৌন্দৰ্য, মই নাভাবো যে আন কোনো অভিনেত্ৰীয়ে তেওঁৰ দৰে ইয়াক ৰূপায়ণ কৰিবলৈ সক্ষম হ'ব, হিন্দী চিনেমাৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ অভিনয়ৰ ভিতৰত এটা !!" আন এজন ইউজাৰে লিখে- "দীপিকা মস্তানীৰ চৰিত্ৰটোৰে সদায় আইকনিক হৈ থাকিব ।"

ইয়াৰ পূৰ্বে, বিশ্বব্যাপী জিলিকি থকা দীপিকা পাডুকনে বিগত বছৰৰ মাৰ্চ মাহত লছ এঞ্জেলছত অনুষ্ঠিত ৯৫ তম একাডেমী বঁটাত অস্কাৰ বিজয়ী আৰ আৰ আৰৰ গান নাটু নাটুৰ প্ৰদৰ্শন কৰিছিল । এম.এম. কীৰাৱানীৰ দ্বাৰা ৰচিত নাটু নাটুৱে ইতিহাস সৃষ্টি কৰে প্ৰথম তেলুগু গান হিচাপে যিটো গানে প্ৰথমবাৰৰ বাবে মনোনয়ন লাভ কৰে, অস্কাৰ লাভ কৰে আৰু লগতে অস্কাৰৰ মঞ্চত পৰিৱেশিত হয় ৷

লগতে পঢ়ক : বিদেশী পৰিচালকৰ সৈতে হাত মিলাই কি ভাৰতৰ কি প্ৰকৃত চিত্ৰ দাঙি ধৰিব প্ৰিয়ংকাই ? - Priyanka Chopra New Project

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.