চিটাৰা ডেস্ক, ১৮ ফেব্ৰুৱাৰী: বিগত কিছুদিন ধৰি অভিনেতা জেকী ভগনানীৰ সৈতে বিবাহক লৈ চৰ্চাত আছে অভিনেত্ৰী ৰকুল প্ৰীত সিং ৷ ৰকুল প্ৰীত সিং আৰু জেকী ভগনানীৰ বিয়াৰ মাজত মাত্ৰ বাকী আছে তিনি দিন ৷ হয়, এই দম্পতীয়ে ২১ ফেব্ৰুৱাৰীত বিবাহপাশত আবদ্ধ হ’ব, য’ত পৰিয়ালৰ উপৰি কিছু ঘনিষ্ঠ বন্ধু হে উপস্থিত থাকিব । এনে পৰিস্থিতিত এতিয়া দুয়োগৰাকী ডেষ্টিনেশ্যন ৱেডিঙৰ বাবে গোৱাত উপস্থিত হৈছে ।
বিয়াৰ বাবে গোৱাত উপস্থিত ৰকুল-জেকী
ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ প্ৰকাশ পাইছে, য’ত দুয়োগৰাকী তাৰকাক পৰিয়ালৰ সৈতে গোৱা বিমানবন্দৰত দেখা গৈছে । এই সময়চোৱাত ৰাকুলক কমলা ৰঙৰ কৰ্ড-ছেট পৰিধান কৰা দেখা গৈছিল, আনহাতে হ’বলগীয়া দৰাক প্ৰিণ্টেড চাৰ্ট আৰু ক’লা পেণ্ট পৰিধান কৰা দেখা গৈছিল । দুয়োৰে এই ভিডিঅ’টো ছচিয়েল মিডিয়াত এতিয়া ভাইৰেল হৈ পৰিছে । ইফালে ৰকুল-জেকীৰ বিবাহক লৈ অতিশয় উৎসাহিত অনুৰাগী। ভিডিঅ’টোৰ সন্দৰ্ভত অনুৰাগীয়ে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া ।
উল্লেখ্য যে, ৰকুল আৰু জেকীয়ে গোৱাত সাগৰৰ পাৰত সাত জনমৰ বাবে ইগৰাকীয়ে সিগৰাকীক নিজৰ কৰি ল’ব । মন কৰিবলগীয়া বিশেষ কথাটো হ’ল দুয়োৰে মাজত ইক’ ফ্ৰেণ্ডলী বিয়া হ’ব । তেওঁলোকৰ বিয়াত কোনো ধৰণৰ আতচবাজী দেখা পোৱা নাযাব । আনকি বিয়াৰ নিমন্ত্ৰণী পত্ৰও ছপা কৰা নাই এই দম্পতীয়ে । কেৱল এয়াই নহয়, ৰকুল আৰু জেকীয়ে বিয়াৰ দিনা গছপুলি ৰোপণৰ সিদ্ধান্ত লৈছে । হয়, নিশ্চয়কৈ এই বিয়া বলীউডতকৈ ব্যতিক্ৰমী বিয়া হ’বলৈ গৈ আছে ৷
অৱশ্যে এই বিয়াত বলীউডৰ বিয়াৰ সৈতে এটা সামঞ্জস্য থাকিব ৷ সেয়া হৈছে ‘নো ফোন পলিচি’ । বলীউডত প্ৰায়ে দেখা যায় বিয়াৰ সময়ত মোবাইল ফোন ব্যৱহাৰ কৰিবলৈ দিয়া নহয়, যাতে তেওঁলোকৰ বিয়াৰ বিশেষ মুহূৰ্তবোৰ ছ’চিয়েল মিডিয়াত ভাইৰেল নহয় ৷ এতিয়া সংবাদ মাধ্যমত প্ৰকাশিত এক বাতৰি অনুসৰি ৰকুল আৰু জেকীৰ বিয়াত অতিথিসকলক ফোন ব্যৱহাৰ কৰিবলৈ দিয়া নহয় ।
লকডাউনৰ সময়ত আৰম্ভ হৈছিল দুয়োৰে প্ৰেম কাহিনী
অতি কম সংখ্যক লোকেহে জানে যে ৰকুল আৰু জেকীৰ প্ৰেম কাহিনী আৰম্ভ হৈছিল ক’ভিড লকডাউনৰ সময়ত ৷ দুয়োৰে প্ৰথম লগ হৈছিল এজন বন্ধুৰ জৰিয়তে । প্ৰথমে দুয়োৰে মাজত বন্ধুত্ব গঢ় লৈ উঠে আৰু তাৰ পিচত লাহে লাহে এই বন্ধুত্ব প্ৰেমলৈ পৰিণত হয় । ৰকুল প্ৰীত আৰু জেকী ভগনানীয়ে ২০২২ চনত তেওঁলোকৰ সম্পৰ্ক নিশ্চিত কৰিছিল। অভিনেত্ৰীগৰাকীয়ে ৰোমান্টিক ফটো শ্বেয়াৰ কৰি জেকীৰ সৈতে থকা সম্পৰ্ক বিশ্ববাসীৰ আগত স্বীকাৰ কৰিছিল ।
লগতে পঢ়ক: ৰকুল-জেকী বিয়াৰ অনুষ্ঠান আৰম্ভ, পৰিয়ালৰ সৈতে জেকীৰ ঘৰত উপস্থিত ৰকুল প্ৰীত