ETV Bharat / entertainment

ৰকুল প্ৰীত-জেকী ভগনানীৰ বিবাহৰ স্থানৰ পৰা ভাইৰেল বিশেষ ছবি

author img

By ETV Bharat Assamese Team

Published : Feb 20, 2024, 2:25 PM IST

Rakul Preet-Jackky's wedding: ২১ ফেব্ৰুৱাৰীত গোৱাত বিবাহপাশত আৱদ্ধ হ’ব ৰকুল প্ৰীত সিং আৰু জেকী ভগনানী ৷ এতিয়া বিবাহৰ স্থানৰ পৰা ভাইৰেল হৈ পৰিছে কিছু বিশেষ ফটো ৷

Rakul Preet-Jackky Bhagnani Wedding: Pics from Goa Go Viral; Groom's Musical Surprise for Bride
ৰকুল প্ৰীত-জেকী ভগনানীৰ বিবাহ

চিটাৰা ডেস্ক, ২০ ফেব্ৰুৱাৰী: বিবাহৰ বাবে এইকেইদিন চৰ্চাত আছে অভিনেত্ৰী ৰকুল প্ৰীত সিং ৷ অভিনেতা তথা প্ৰযোজক জেকী ভগনানীৰ সৈতে অহা ২১ ফেব্ৰুৱাৰীত অৰ্থাৎ কাইলৈ ৰকুল প্ৰীত সিঙে যুগ্ম জীৱনৰ পাতনি মেলিব ৷ এই প্ৰেমিক যুগলৰ বিয়াৰ সাক্ষী হ’ব গোৱা ৷ হয়, গোৱাত বিবাহৰ বান্ধোনত বান্ধ খাব ৰকুল-জেকী ৷ বিবাহৰ বাবে শেহতীয়াকৈ গোৱাত উপস্থিত হৈছে ৰকুল-জেকী ৷

এতিয়া বিয়াৰ স্থানৰ পৰা প্ৰথম ফটো আহিছে, যিটো এতিয়া ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত । শেহতীয়া বাতৰি অনুসৰি জেকীয়ে তেওঁৰ হ’বলগীয়া পত্নীৰ বাবে এক বিশেষ চাৰপ্ৰাইজ প্ৰস্তুত কৰিছে । দৰাচলতে ইনষ্টাগ্ৰামত এটা পাপাৰাজী পেজে বিয়াৰ স্থানৰ দুখনমান ফটো শ্বেয়াৰ কৰিছে । এখন ফটোত ফুলেৰে সজোৱা চাইনবৰ্ড দেখা গৈছে আৰু তাত লিখা আছিল, "BHAGNANI & SINGH FAMILY Welcome You ।" আন এখন ছবিত এটা নাৰিকলত ‘আৰ জে’ আখৰ লিখা আছিল ৷ যিটো অতিথিসকলৰ বাবে আদৰণি পানীয় হিচাপে দিয়া হ’ব ।

ইফালে ছ’চিয়েল মিডিয়াত চৰ্চিত হৈছে যে জেকীয়ে তেওঁৰ মৰমৰ ৰকুলৰ বাবে এটা বিশেষ গীতৰ প্ৰস্তুতি চলাইছে । খবৰ অনুসৰি, জেকীয়ে ৰকুলৰ বাবে এটা ৰোমান্টিক গীত উৎসৰ্গিত কৰিব, যিটোৱে তেওঁলোকৰ সম্পৰ্কক আৰু অধিক দৃঢ় কৰি তুলিব ৷ গীতটোত জেকী আৰু ৰকুলৰ মিলনৰ এক উদযাপনমূলক সুৰ সন্নিৱিষ্ট কৰা হৈছে, তেওঁলোকৰ প্ৰেমৰ যাত্ৰাৰ আৰম্ভণি পৰা এতিয়ালৈকে সকলো সন্নিৱিষ্ট কৰা হৈছে গীতটিত ।

উল্লেখ্য যে, গোৱাত অনুষ্ঠিত হ’বলগীয়া এই প্ৰেমিক যুগলৰ বিবাহত তেওঁলোকৰ ঘনিষ্ঠ বন্ধু-বান্ধৱী আৰু আত্মীয়-স্বজন নৃত্য প্ৰদৰ্শনৰ বাবে সাজু হৈছে । ইফালে ৰকুল-জেকীৰ বিবাহৰ অনুষ্ঠানত উপস্থিত থকা দেখা যাব শিল্পা শ্বেট্টী আৰু ৰাজ কুন্দ্ৰাক, যিয়ে অনুষ্ঠানৰ সময়ত বিশেষ নৃত্য পৰিৱেশন কৰিব বুলি জানিব পৰা গৈছে ।

তদুপৰি বিবাহ অনুষ্ঠানত বলীউডৰ বহু তাৰকাক উপস্থিত থকা দেখা যাব ৷ ইয়াৰ ভিতৰত আছে অক্ষয় কুমাৰ, শ্বাহিদ কাপুৰ, টাইগাৰ শ্ৰফ, ভূমি পেডনেকাৰ, ঈশা দেওল আৰু সোণম কাপুৰৰ লগতে আন বহু তাৰকা ৷

লগতে পঢ়ক: বিয়াৰ বাবে গোৱাত উপস্থিত ৰকুল প্ৰীত-জেকী ভগনানী, চাওক ভিডিঅ’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.