ETV Bharat / entertainment

প্ৰথমবাৰৰ বাবে কন্যাৰ মুখ দেখুৱালে ৰাহুল বৈদ্য-দিশা পৰমাৰে

Disha Parmar Daughter First Pic: শেহতীয়াকৈ ৰাহুল বৈদ্য আৰু দিশা পৰমাৰক কন্যা নব্য বৈদ্যৰ সৈতে বিমানবন্দৰত দেখা গৈছিল। য’ত এই দম্পতীয়ে পাপাৰাজীৰ সন্মুখত নিজৰ কন্যাৰ মুখখন প্ৰথমবাৰৰ বাবে দেখুৱায় ৷

author img

By ETV Bharat Assamese Team

Published : Feb 13, 2024, 10:47 AM IST

Rahul Vaidya Disha Parmar reveals daughter Navya Vaidya face
অৱশেষত কন্যাৰ মুখ দেখুৱালে ৰাহুল-দিশাই

চিটাৰা ডেস্ক, ১৩ ফেব্ৰুৱাৰী : শেহতীয়াকৈ এটি কন্যা সন্তানৰ পিতৃ-মাতৃ হৈছে বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী ৰাহুল বৈদ্য আৰু টিভি অভিনেত্ৰী দিশা পৰমাৰ ৷ এই সুখবৰটো ছ’চিয়েল মিডিয়াযোগে অনুৰাগীক দিছিল এই দম্পতীয়ে ৷ অৱশ্যে দম্পতীয়ে কন্যা জন্ম হোৱাৰ কথা ঘোষণা কৰিছিল যদিও কন্যাৰ মুখখন পৃথিৱীৰ সন্মুখত দেখুওৱা নাছিল ৷ এনেকুৱা কৰা কেৱল প্ৰথম দম্পতী ৰাহুল আৰু দিশাই প্ৰথম নহয় ৷ বলীউডত প্ৰায়ে দেখা যায় যে সন্তান জন্ম হ’লে বহুদিনলৈ পৃথিৱীৰ পৰা লুকুৱাই ৰাখে সন্তানৰ মুখখন ৷ শেহতীয়াকৈ আলিয়া ভাট আৰু ৰণবীৰ কাপুৰে এবছৰৰ পিচতে কন্যা ৰাহাৰ মুখখন বিশ্ববাসীৰ সন্মুখত দেখুওৱাইছে ৷ এতিয়া অৱশেষত ৰাহুল বৈদ্য আৰু দিশা পৰমাৰে দেখুৱালে কন্যাৰ মুখ ৷

শেহতীয়াকৈ বিমানবন্দৰত কন্যা নব্য বৈদ্যৰ সৈতে দেখা গৈছিল এই দম্পতীক । য’ত নব্য বৈদ্যক দেখা গৈছিল তেওঁৰ মাক দিশাৰ কোলাত, যাৰ ছবি এতিয়া ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে ।

বিমানবন্দৰত মাতৃ দিশাৰ কোলাত দেখা গ’ল নব্যক

দিশা পৰমাৰ আৰু ৰাহুল বৈদ্যৰ কন্যাৰ ভিডিঅ’ সম্প্ৰতি ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত ৷ য’ত নব্যক বিমানবন্দৰত বগা সাজ-পোছাক পৰিধান কৰা দেখা গৈছে আৰু মূৰত গোলাপী ৰঙৰ বেণ্ডত খুব ধুনীয়া দেখা গৈছিল নব্যক ৷ লগতে নব্যই ভৰিত পিন্ধিছিল গোলাপী ৰঙৰ জোতা । ৰাহুল আৰু দিশাৰ কন্যা নব্যৰ এই ভিডিঅ’ সম্প্ৰতি ভাইৰেল হৈ পৰিছে ইণ্টাৰনেটত ।

অনুৰাগীৰ প্ৰতিক্ৰিয়া

এজন অনুৰাগীয়ে লিখিছে- সাইলাখ পিতৃৰ দৰে দেখা গৈছে ৷ আন এজনে লিখিছে- ৰাহুলৰ দৰে দেখা গৈছে ৷ আকৌ কিছুমানে কৈছে মাতৃ দিশাৰ দৰে দেখাত লাগিছে নব্যক ৷

কন্যাৰ সৈতে ষ্টাইলিছ লুকত দেখা গৈছে দিশাক

এই সময়চোৱাত দিশাকো অতি ষ্টাইলিছ লুকত দেখা গৈছিল । অভিনেত্ৰীগৰাকীয়ে পৰিধান কৰিছিল আৰ্মি গ্ৰীণ ৰঙৰ ট্ৰাউজাৰ আৰু ক’লা টপ । ৰাহুল বৈদ্যৰ কথা ক’বলৈ গ’লে ক’লা টি-চাৰ্ট আৰু জিন্সৰ সৈতে নীলা ৰঙৰ ব্লেজাৰ পৰিধান কৰিছিল ।

লগতে পঢ়ক: নীল নয়নৰ ৰাহা দেখাত সাইলাখ ককাক ঋষি কাপুৰৰ দৰে. . . চাওক ভিডিঅ’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.