ETV Bharat / entertainment

ডুবাই বিমানবন্দৰত গ্ৰেপ্তাৰ জনপ্ৰিয় শিল্পী ৰাহত ফতেহ আলী খান ! - RAHAT FATEH ALI KHAN

author img

By ETV Bharat Assamese Team

Published : Jul 22, 2024, 9:01 PM IST

Rahat Fateh Ali Khan: সংবাদ চৰ্চাত বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী ৰাহত ফতেহ আলী খান ৷ শিল্পীগৰাকীক ডুবাই আন্তৰাষ্ট্ৰীয় বিমানবন্দৰত গ্ৰেপ্তাৰ কৰা কৰা বুলি এক খবৰ প্ৰকাশ পাইছে সংবাদ মাধ্যমত ৷ পিছে এই খবৰ সন্দৰ্ভত কি কয় শিল্পীগৰাকীয়ে ? প্ৰকৃততে এয়া সঁচা নে মিছা ?

RAHAT FATEH ALI KHAN
শিল্পী ৰাহত ফতেহ আলী খান (IANS)

চিটাৰা ডেস্ক, 22 জুলাই: ৰাহত ফতেহ আলী খান, নতুনকৈ চিনাকী কৰি দিয়াৰ কোনো প্ৰয়োজনেই নাই ৷ যাৰ সুমধুৰ কণ্ঠৰ অনুৰাগী অধিকাংশ লোক ৷ শিল্পীগৰাকীৰ প্ৰতিটো গান শুনিয়ে শান্তি আৰু সান্ত্বনা পোৱাৰ বাবেই বেছিভাগ সময়ত তেওঁৰ গানসমূহে চৰ্চা লাভ কৰা দেখা যায় ৷

কিন্তু এইবাৰ শিল্পীগৰাকী সংবাদ মাধ্যমৰ চৰ্চাত থকাৰ কাৰণ বেলেগ । শেহতীয়াকৈ শিল্পীগৰাকীক ডুবাই আন্তৰাষ্ট্ৰীয় বিমানবন্দৰত গ্ৰেপ্তাৰ কৰাৰ কথা সংবাদ মাধ্যমত প্ৰকাশ পাইছিল ৷ পিছে এই খবৰ সঁচা নহয়, বৰং ই উৰাবাতৰিহে ৷ জনপ্ৰিয় গায়কগৰাকীৰ বিৰুদ্ধে তেওঁৰে প্ৰাক্তন মেনেজাৰ ছলমান আহমেদে অভিযোগ তুলিছিল মানহানিৰ ৷ এই অভিযোগৰ পিছতে ডুবাই বিমানবন্দৰত গ্ৰেপ্তাৰ কৰা হৈছিল খ্যাতনামা কণ্ঠশিল্পীগৰাকীক । পিছে এই খবৰৰ কোনো সত্যাসত্য নাই ৷

শেহতীয়াকৈ ৰাহত ফতেহ আলী খানে সামাজিক মাধ্যমত এটা ভিডিঅ' পোষ্ট কৰি এই উৰাবাতৰিসমূহ নস্যাৎ কৰিছে ৷ ভিডিঅ'টোত খানে কৈছিল যে- "মই আপোনালোকৰ ৰাহত ফতেহ আলী খান ৷ মই ডুবাইলৈ মোৰ গানবোৰ বাণীবদ্ধ কৰিবলৈ আহিছো আৰু গানসমূহ খুব ভালদৰে ইয়াত বাণীবদ্ধ কৰা হৈছে । সকলো ঠিকেই আছে । মই কেৱল এয়াই ক'ব বিচাৰো যে, সস্তীয়া উৰাবাতৰিত বিশ্বাস নকৰিব ৷ মই সোনকালেই মোৰ দেশলৈ ঘূৰি আহিম, আপোনালোকৰ ওচৰলৈ । আমি বহুত ধুনীয়া গান লৈ উভতি আহি আছো । মই কেৱল আপোনাক অনুৰোধ জনাইছো যে, মোৰ অনুৰাগীসকল মোৰ শক্তি, এজন শিল্পীক এজন অনুৰাগীয়ে তুলি ধৰে । ঈশ্বৰৰ পিছত, মোৰ অনুৰাগীসকল মোৰ শক্তি"।

গায়কগৰাকীক লৈ সৃষ্টি হোৱা বিতৰ্ক এয়ে প্ৰথম নহয় ৷ চলিত বছৰৰ আৰম্ভণিতে নাভিদ হাসনাইন নামৰ এজন ব্যক্তিক আক্ৰমণ কৰাৰ এটা ভিডিঅ' ইণ্টাৰনেটত ভাইৰেল হোৱাৰ পিছত ৰাহত ফতেহ আলী খানক যথেষ্ট সমালোচনা কৰা হৈছিল ৷ বিশেষকৈ অনুৰাগীসকলে সামাজিক মাধ্যমত শিল্পীগৰাকীক যথেষ্ট সমালোচনা কৰিছিল ৷ পৰৱৰ্তী সময়ত এক প’ডকাষ্টৰ জৰিয়তে শিল্পীগৰাকীয়ে এই সমালোচনাৰ উত্তৰ দিছিল ৷

লগতে পঢ়ক: ব্যক্তিগত সুখৰ বাবে আমিৰৰ পৰা আঁতৰি অহাটো জৰুৰী আছিল - Krian Rao Aamir Khan divorce

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.