ETV Bharat / entertainment

দুজন পুৰুষৰ সৈতে প্ৰেম, এইবাৰ কঠোৰ জেৰাৰ মাজত ৰাণী - Phir Aayi Hasseen Dillruba Trailer

author img

By ETV Bharat Assamese Team

Published : Jul 25, 2024, 2:09 PM IST

Phir Aayi Hasseen Dillruba Trailer OUT : আজি মুক্তি পালে তাপসী পন্নু, বিক্ৰান্ত মেছি আৰু ছানী কৌশল অভিনীত 'ফিৰ আয়ী হাছিন দিলৰুবা'ৰ ৰোমাঞ্চকৰ আৰু কৌতূহলপূৰ্ণ ট্ৰেইলাৰ ।

Taapsee Pannu Vikrant Massey and Sunny Kaushal Movie Phir Aayi Hasseen Dillruba Trailer released
মুকলি হ’ল ট্ৰেইলাৰ (Movie Poster)

চিটাৰা ডেস্ক, 25 জুলাই : আজি ২৫ জুলাইত মুক্তি লাভ কৰিলে কৌতূহলপূৰ্ণ ছবি ‘ফিৰ আয়ী হাছিন দিলৰুবা’ৰ ট্ৰেইলাৰ । প্ৰেম, বিশ্বাসঘাটকতা আৰু তাৰ পিচত হত্যাৰ ৰহস্যৰে ভৰা ‘ফিৰ আয়ী হাছিন দিলৰুবা’ৰ ট্ৰেইলাৰে সকলোৰে মাজত বঢ়াইছে উৎকণ্ঠা । আকৌ এবাৰ হত্যাকাণ্ডৰ গোচৰত আবদ্ধ হ’বলৈ সাজু তাপসী পন্নু । অহা 9 আগষ্টত নেটফ্লিক্সত মুক্তি পাব ‘ফিৰ আয়ী হাছিন দিলৰুবা’ ।

2021 চনত মুক্তি পোৱা ‘হাছিনা দিলৰুবা’ ছবিৰ ছিকুৱেল ‘ফিৰ আয়ী হাছিন দিলৰুবা’ । জয়প্ৰদ দেশায়ে পৰিচালনা কৰা ছবিখনত এইবাৰ বিকী কৌশলৰ ভাতৃ ছানী কৌশলেও অভিনয় কৰিছে ৷

ট্ৰেইলাৰটো সংবেদনশীল আৰু ৰোমাঞ্চকৰ

ফিৰ আয়ী হাছিন দিলৰুবাৰ ট্ৰেইলাৰৰ বিষয়ে ক’বলৈ গ’লে দৰ্শকে ছবিখনৰ সৈতে আৰম্ভণিৰে পৰাই সংযোগ স্থাপন কৰিব পাৰিব ৷ তাপসীয়ে আকৌ এবাৰ 'ৰাণী'ৰ চৰিত্ৰত সাহসী অভিনয় কৰিছে । ছবিখনত ৰাণীৰ স্বামীৰ চৰিত্ৰ 'ঋষু', যিটো বিক্ৰান্ত মেছীয়ে ৰূপায়ন কৰিছে, সেই চৰিত্ৰটো যথেষ্ট ৰহস্যজনক । ট্ৰেইলাৰত ঋষু আৰু ৰাণীৰ বিবাহৰ দৃশ্য দেখা গৈছে । ট্ৰেইলাৰত ঋষুৱে যেতিয়া তেওঁৰ পত্নী ৰাণীক তেওঁলোকৰ জীৱনত তৃতীয় ব্যক্তিৰ প্ৰৱেশ হ'ব নালাগে বুলি কয়, তেতিয়াই অভিমন্যুৰূপে ছানী কৌশলৰ প্ৰৱেশ ঘটে ৷ ৰাণীৰ জীৱনত এজন সাধাৰণ ব্যক্তি ৰূপেই প্ৰৱেশ কৰে তেওঁ, যি ৰাণীৰ প্ৰেমত মতলীয়া ।

এজন ব্যক্তিক ইতিমধ্যেই হত্যা কৰা হৈছে আৰু সেই নীল ত্ৰিপাঠীত চৰিত্ৰত অভিনয় কৰিছিল হৰ্ষবৰ্ধন ৰাণেই ৷ নীলক হত্যা কৰা হৈছে, কিন্তু তেওঁৰ মৃতদেহ পোৱা হোৱা নাই, কেৱল হাতৰ আংশিকহে পোৱা গৈছে, য’ত ৰাণীৰ নাম লিখা আছে । এতিয়া আৰক্ষীৰ সকলো সন্দেহ ৰাণী অৰ্থাৎ তাপসীৰ ওপৰত । ছবিখনত নীলৰ প্ৰকৃত খুৰাকৰূপে আছে জিমি শ্বেৰগিল, যিয়ে আৰক্ষীৰ ভূমিকাত অভিনয় কৰিছে, যি ৰাণীক ব্যক্তিগত পৰ্যায়ত জেৰা কৰিব ।

নীলক কোনে হত্যা কৰিছিল ?

দৰ্শক বহু সময় ধৰি ৰৈ আছিল ছবিখনৰ ছিকুৱেলৰ বাবে ৷ এতিয়া ট্ৰেইলাৰ মুকলিৰ পিচতে উৎসুক হৈ পৰিছে অনুৰাগী ৷ যি কি নহওক, নীলক কোনে হত্যা কৰিলে, মানুহক প্ৰেমৰ ফান্দত পেলোৱা ৰাণীয়ে, নে তেওঁৰ স্বামী ঋষুৱে যি ৰাণীৰ চাৰিওফালে ঘূৰি ফুৰা লোকসকলৰ ওপৰত চকু ৰাখে নে অভিমন্যুৱে যাক ছবিখনত এজন সাধাৰণ মানুহৰ চৰিত্ৰত দেখুওৱা হৈছে । এই সকলো কথা 9 আগষ্টতহে ফাদিল হ'ব । কণিকা ধিলনে ছবিখনৰ কাহিনী লিখিছে লগতে ছবিখনৰ সহ-প্ৰযোজনাও কৰিছে ।

লগতে পঢ়ক : যেতিয়াই মন যাব তেতিয়াই বিয়াত বহিব শ্ৰদ্ধা কাপুৰ - Shraddha Kapoor marriage plan

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.