ETV Bharat / entertainment

কোনে মনে মনে তুলিলে পৰিণীতি চোপ্ৰাৰ ফটো ?

Parineeti Chopra: সামাজিক মাধ্যমত বিনোদনৰ সময়ৰ ফটো শ্বেয়াৰ কৰিলে মোহময়ী অভিনেত্ৰী পৰিণীতি চোপ্ৰাই । স্বামী ৰাঘৱ চাড্ডাই মনে মনে তোলা ছবিখনে খলকনি তুলিছে সামাজিক মাধ্যমত । কেপশ্যনত কি লিখিলে পৰিণীতিয়ে ? জানিবলৈ পঢ়ক এই প্ৰতিবেদন ।

author img

By ETV Bharat Assamese Team

Published : Jan 20, 2024, 1:43 AM IST

Parineeti Chopra new photo
পৰিণীতি চোপ্ৰা

চিটাৰা ডেস্ক,১৯ জানুৱাৰী: শুকুৰবাৰে নিজৰ বিনোদনৰ সময়ৰ ছবি ৰাজহুৱা কৰিলে বলীউডৰ মোহময়ী অভিনেত্ৰী পৰিণীতি চোপ্ৰাই । ৩৫ বছৰীয়া অভিনেত্ৰীগৰাকীয়ে সামাজিক মাধ্যম ইনষ্টাগ্ৰামৰ জৰিয়তে প্ৰকাশ কৰে তেওঁৰ স্বামীৰ সৈতে পাৰ কৰা এক বিনোদন সময়ৰ ফটো । এখন কেফেত শান্তিপূৰ্ণ মূহুৰ্তত একাপ কফিৰ আমেজ লৈ থকা ফটো ৰাজহুৱা কৰিছিল আৰু কেপশ্যনত লিখিছিল যে ফটোখনৰ ফটোগ্ৰাফাৰ আন কোনো নহয় । তেওঁৰ জীৱনসংগী তথা আম আদমি পাৰ্টীৰ নেতা ৰাঘৱ চাড্ডাৰ দ্বাৰা তোলা হৈছিল ।

ইয়াৰোপৰি ইনষ্টাগ্ৰামত প'ষ্টটো শ্বেয়াৰ কৰি পৰিণীতিয়ে শিৰোনামটোত প্ৰকাশ কৰিছিল যে ফটোখন ৰাঘৱ চাড্ডাই মনেমনে তুলিছিল । এটা প্ৰেমৰ ইম'জি আৰু এটা কেমেৰাৰ ইম'জি সংলগ্ন কৰিছিল । ছবিখনত পৰিণীতিৰ সকলো পোচাক বগা আছিল । একাপ কফিৰ আমেজ লৈ এক শান্তিপূৰ্ণ মূহুৰ্ত কটোৱাৰ এক পৰিৱেশ প্ৰকাশ পাইছে ছবিখনত । আনহাতে ফটোখনে পৰিণীতি আৰু ৰাঘৱৰ মৰমৰ বান্ধোন স্পষ্ট কৰে ।

উল্লেখ্য যে, পৰিণীতি আৰু ৰাঘৱে যোৱা বছৰ ১৩ মে'ত নতুন দিল্লীত বাগদান কৰিছিল । য'ত তেওঁৰ সম্পৰ্কীয় প্ৰিয়ংকা চোপ্ৰাকে আদি কৰি বহু তাৰকাৰ উপস্থিতিত এক আকৰ্ষণীয় অনুষ্ঠান হিচাপে পৰিগণিত হৈছিল । আনহাতে, তেওঁলোকৰ বিবাহ ৰাজস্থানৰ উদয়পুৰত অনুষ্ঠিত হৈছিল । এই বিশেষ অনুষ্ঠানত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান আৰু সাংসদ সঞ্জয় সিঙকে ধৰি কেইবাজনো ৰাজনীতিবীদ উপস্থিত আছিল ।

পৰিণীতি চোপ্ৰাক শেহতীয়াকৈ অক্ষয় কুমাৰৰ সৈতে 'মিশ্যন ৰাণীগঞ্জ: দ্য গ্ৰেট ভাৰত ৰেচকিউ' ছবিখনত অভিনয় কৰা দেখা গৈছিল । ছবিখন ৰাণীগঞ্জৰ বাস্তৱ জীৱনৰ ঘটনাৰ ওপৰত আধাৰিত আছিল । য'ত অসংখ্য খনিত কাম কৰা লোক আৱদ্ধ হৈ আছিল । বহুকেইটা ছবিগৃহত মুক্তিপ্ৰাপ্ত এই ছবিখনে সমালোচকসকলৰ পৰা ইতিবাচক প্ৰতিক্ৰিয়া লাভ কৰে যদিও দুৰ্ভাগ্যবশতঃ বক্স অফিচত বিফল হোৱা পৰিলক্ষিত হয় । পৰৱৰ্তী সময়ত, তেওঁক ইমতিয়াজ আলীৰ অমৰ সিং চামকিলাত দিলজিৎ দোচাঞ্জৰ সৈতে দেখা যাব চোপ্ৰাক । এগৰাকী প্ৰতিষ্ঠিত পাঞ্জাৱী গায়িকাৰ জীৱনক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হ'ব । এই বছৰতে নেটফ্লিক্সত মুক্তিলাভ কৰিব ছবিখনে ।

লগতে পঢ়ক: সন্তানৰ সফলতাত কোনগৰাকী মাতৃৰ হৃদয় ভৰি নপৰে !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.