নেশ্যনেল ডেস্ক, 21 এপ্ৰিল : বলীউডৰ অভিনেতা পংকজ ত্ৰিপাঠীৰ বাসগৃহত শোকাকুল পৰিৱেশ ৷ অভিনেতাগৰাকীৰ ভগ্নী সৰিতা তিৱাৰী আৰু তেওঁৰ স্বামী ৰাজেশ তিৱাৰী ওৰফে মুন্না তিৱাৰী শনিবাৰ তথা 20 এপ্ৰিলৰ বিয়লি প্ৰায় 4 বজাত এক পথ দুৰ্ঘটনাত পতিত হয় । এই পথ দুৰ্ঘটনাত ৰাজেশ তিৱাৰীৰ থিতাতে মৃত্যু হয়, আনহাতে সৰিতা তিৱাৰী গুৰুতৰভাৱে আহত হয় । সম্প্ৰতি সৰিতা ধানবাদ চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ।
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, দিল্লী-কলকাতা 2 নং ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্ছা বজাৰত বিয়লি প্ৰায় 4 বজাত এই দুৰ্ঘটনাটো সংঘটিত হয় । ৰাজেশ আৰু সৰিতাই বিহাৰৰ গোপালগঞ্জৰ পৰা পশ্চিম বংগৰ চিত্তৰঞ্জনলৈ গৈ আছিল বুলি সূত্ৰৰ পৰা জানিব পৰা গৈছে ৷
নিৰ্ছা বজাৰ চক পোৱাৰ পূৰ্বে তেওঁলোকৰ বাহনখন ডিভাইডাৰত খুন্দা খাইছিল ৷ ফলত গাড়ীখনৰ সন্মুখৰ অংশটো বেয়াকৈ ক্ষতিগ্ৰস্ত হয় । লগে লগে ঘটনাস্থলীত উপস্থিত লোকসকলে আৰক্ষীক দুৰ্ঘটনাটোৰ বিষয়ে অৱগত কৰে ৷ উপস্থিত লোকসকলে ৰাজেশ আৰু সৰিতাক ধনবাদ চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে ৰাজেশক মৃত বুলি ঘোষণা কৰে । আনহাতে চিকিৎসকে সৰিতাৰ অৱস্থা সংকটজনক বুলি জানিবলৈ দিয়ে ৷ সৰিতাক আই চি ইউত ভৰ্তি কৰোৱা হৈছে ৷
এছ এন এম এম চি এইছ জৰুৰীকালীন এইছ অ' ডি ডাঃ দিনেশ কুমাৰ গিন্দোৰিয়াই সংবাদ মাধ্যমক জনোৱা অনুসৰি পংকজ ত্ৰিপাঠীৰ ভগ্নীৰ ভৰিৰ হাড় ভাঙিছে । বৰ্তমান সৰিতা পূৰ্বতকৈ সুস্থ ৷ এই খবৰ পোৱাৰ লগে লগে পংকজ ত্ৰিপাঠীৰ বাসগৃহত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷