ETV Bharat / entertainment

জুবিন নৌটিয়ালৰ শ্ব’ বাতিলৰ বিতৰ্ক : স্পষ্টীকৰণ দিলে উদ্যোক্তাই - Jubin Nautiyal music concert - JUBIN NAUTIYAL MUSIC CONCERT

Jubin Nautiyal music concert: "জুবিন নৌটিয়ালে অনুষ্ঠানকলৈ যি ভিডিঅ’ বাৰ্তা প্রেৰণ কৰিছিল সেয়া কিছুলোকে ভুৱা তথা AI পদ্ধতি ব্যৱহাৰ কৰা বুলি মন্তব্য কৰিছে । সেয়া যদি কোনো লোকে প্ৰমাণ কৰিব পাৰে তেন্তে সেয়া প্ৰমাণ কৰি দেখুৱাওক।" উদ্যোক্তা মৌচুমী বৰা

Jubin Nautiyal music concert
জুবিন নৌটিয়ালৰ শ্ব’ বাতিলৰ বিতৰ্ক : স্পষ্টীকৰণ দিলে উদ্যোক্তাই
author img

By ETV Bharat Assamese Team

Published : Apr 1, 2024, 10:58 PM IST

জুবিন নৌটিয়ালৰ শ্ব’ বাতিলৰ বিতৰ্ক : স্পষ্টীকৰণ দিলে উদ্যোক্তাই

গুৱাহাটী, 1 এপ্ৰিল : "জুবিন নৌটিয়ালৰ টিকটৰ পইচা ওভতোৱাৰ প্ৰক্ৰিয়া ইতিমধ্যেই আৰম্ভ হৈছে । জুবিন নৌটিয়ালৰ অনুষ্ঠান বাতিলৰ সন্দৰ্ভত ইতিমধ্যে উদ্যোক্তা তথা শিল্পীগৰাকীৰ তৰফৰ পৰা প্ৰেছ বাৰ্তা প্ৰদান কৰে হৈছে। অনুষ্ঠানটো ভুৱা বুলি বহুতে মন্তব্য প্ৰকাশ কৰিছে । জুবিন নৌটিয়ালে অনুষ্ঠানকলৈ যি ভিডিও বাৰ্তা প্রেৰণ কৰিছিল সেয়া কিছুলোকে ভুৱা তথা AI পদ্ধতি ব্যৱহাৰ কৰা বুলি মন্তব্য কৰিছে । সেয়া যদি কোনো লোকে প্ৰমাণ কৰিব পাৰে তেন্তে সেয়া প্ৰমাণ কৰি দেখুৱাওক।" গুৱাহাটীত হ’বলগীয়া জুবিন নৌটিয়ালৰ সংগীতানুষ্ঠানৰ বিতৰ্কৰ সন্দৰ্ভত মুখ খুলিলে সা ৰে গা মা আৰ্টছ অফ মিউজিকৰ উদ্যোক্তা মৌচুমী বৰাই ।

  • " class="align-text-top noRightClick twitterSection" data="">

সোমবাৰে দিছপুৰ প্ৰেছ ক্লাৱত উদ্যোক্তা মৌচুমী বৰাই এক সংবাদমেল অনুষ্ঠিত কৰি কয়, "যিসকল লোকে অনলাইনযোগে টিকট বুকিং কৰিছিল তেওঁলোকক ইতিমধ্যে পইচা উভতাই দিয়া প্ৰক্ৰিয়া আৰম্ভ হৈছে । ৮০৬ গৰাকী লোকক অনলাইনযোগে টিকট বিক্ৰী কৰা হৈছিল । ১৫০০ শ গৰাকীয়ে অফলাইনযোগে টিকট ক্ৰয় কৰিছিল, সকলোৰে টিকটৰ মূল্য আজিৰ পৰা ঘূৰাই দিয়া হৈছে। অনুষ্ঠানটো এটা কাৰিকৰী কাৰণত বাতিল কৰা হৈছে ।"

এই অনুষ্ঠানৰ লগত জড়িত অন্য এজন ব্যক্তি প্ৰিন্স মানসৰ সন্দৰ্ভত ওলোৱা খবৰৰ ওপৰত মন্তব্য কৰি মৌচুমী বৰুৱাই কয়,'প্ৰিন্স মানস জুবিন নৌটিয়ালৰ মেনেজাৰ নহয়, প্ৰিন্স মানস সা ৰে গা মা আৰ্টছৰ লগত জড়িত এজন ব্যক্তি । আনহাতে জুবিন নৌটিয়ালৰ যি দুগৰাকী মেনেজাৰ, তেওঁলোকে পলাই যোৱা নাছিল, তেওঁলোকে ফীল্ডত থাকি কাম চাই আছিল । তেওঁলোকে থকা হোটেলৰ বিলো ইতিমধ্যে আমাৰ তৰফৰ পৰা পৰিশোধ কৰা হৈছে । জুবিন নৌটিয়ালে গুৱাহাটীত অনুষ্ঠান কৰিবলৈ আগ্ৰহী আছিল ৷"

লগতে পঢ়ক: জুবিন নৌটিয়ালৰ সংগীতানুষ্ঠান বাতিল সন্দৰ্ভত সন্দৰ্ভত কি ক’লে আয়োজকে... - JUBIN NAUTIYAL MUSIC CONCERT

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.