ETV Bharat / entertainment

৩১ বছৰৰ পিচত ভাৰতৰ ছবিগৃহলৈ আহি আছে 'ৰামায়ণ' - Ramayana The Legend of Prince Ram

author img

By ANI

Published : 7 hours ago

Ramayana: The Legend of Prince Ram: ১৯৯২ চনতে মুক্তি লাভ কৰা ৰামায়ণ:দ্য লেজেণ্ড অফ প্ৰিন্স ৰাম এনিমেটেড ছবিখন অহা ১৮ অক্টোবৰত প্ৰথমবাৰৰ বাবে ভাৰতৰ ছবিগৃহত মুক্তি লাভ কৰিব । হিন্দী, ইংৰাজী, তামিল আৰু তেলুগু ভাষাত সমগ্ৰ ভাৰতৰ ছবিগৃহত মুক্তি পাব । দেশজুৰি ব্যাপক কৌতূহল ।

Ramayana: The Legend of Prince Ram
৩১ বছৰৰ পিচত ভাৰতৰ ছবিগৃহত 'ৰামায়ণ' (ANI)

চিটাৰা,১৯ ছেপ্টেম্বৰ : অহা ১৮ অক্টোবৰত ভাৰতত মুক্তি লাভ কৰিব বহু চৰ্চিত এনিমেটেড ছবি 'ৰামায়ণ: দ্য লেজেণ্ড অফ প্ৰিন্স ৰাম'। গীক পিকচাৰ্ছ ইণ্ডিয়াই ইতিমধ্যে ইনষ্টাগ্ৰামত ছবিখনৰ টিজাৰ আৰু পোষ্টাৰ মুকলি কৰিছে । লগে লগে প্ৰাচীন ভাৰতীয় মহাকাব্য ৰামায়ণৰ আধাৰত নিৰ্মিত এই এনিমেটেড ছবিখনক লৈ দেশজুৰি ব্যাপক কৌতূহলৰ সৃষ্টি হৈছে ।

মূলতঃ ১৯৯২ চনত মুক্তি লাভ কৰা 'ৰামায়ণ: দ্য লেজেণ্ড অৱ প্ৰিন্স ৰাম'ই বিশ্বজুৰি দৰ্শকক আকৰ্ষিত কৰিছে আৰু প্ৰাচ্য আৰু পাশ্চাত্য সংস্কৃতিৰ অনুৰাগীসকলক আকৰ্ষিত কৰিছে । চলচ্চিত্ৰখনৰ পৰম্পৰাগত ভাৰতীয় কাহিনী আৰু অত্যাধুনিক এনিমেটেড শিল্পকলাৰ অনন্য সংমিশ্ৰণে এক প্ৰিয় ক্লাছিক আৰু এক পাহৰিব নোৱাৰা আখ্যান হিচাপে ইয়াৰ মৰ্যাদা সুদৃঢ় কৰিছে ।

বাহুবলী, বজৰংগী ভাইজান আৰু আৰআৰআৰৰ দৰে ব্লকবাষ্টাৰ ছবিৰ বাবে জনাজাত জনপ্ৰিয় চিত্ৰনাট্যকাৰ ভি বিজয়েন্দ্ৰ প্ৰসাদে এই ছবিত তেওঁৰ সৃষ্টিশীল দৃষ্টিভংগীৰ অৱদান আগবঢ়াইছে । ছবিখন ১৮ অক্টোবৰত হিন্দী, ইংৰাজী, তামিল আৰু তেলুগু ভাষাত সমগ্ৰ ভাৰতৰ ছবিগৃহত মুক্তি পাব ।

৩১ বছৰৰ পিচত ভাৰতত মুক্তি পাব

বাল্মীকিৰ মহাকাব্য ৰামায়ণৰ ওপৰত আধাৰিত ছবি 'ৰামায়ণ: দ্য লেজেণ্ড অৱ প্ৰিন্স ৰাম' ৩১ বছৰৰ পিচত পুনৰ ছবিগৃহত মুক্তি পাব । জাপানী-ভাৰতীয় এনিমেটেড ছবিখন প্ৰথমতে ১৯৯২ চনত মুক্তি লাভ কৰিছিল । দুয়োখন দেশৰ সহযোগিতাৰে নিৰ্মাণ কৰা হৈছিল ছবিখন । ভাৰতৰ ৰাম মোহন আৰু জাপানৰ য়ুগো চাকোৱে ছবিখন প্ৰযোজন কৰিছিল ।

উল্লেখ্য যে ৰামায়ণ এক পবিত্ৰ হিন্দু মহাকাব্য । য'ত ভগৱান বিষ্ণুৰ সপ্তম অৱতাৰ বুলি বিশ্বাস কৰা ৰাজকুমাৰ ৰামৰ যাত্ৰা বৰ্ণনা কৰা হৈছে । ৰামৰ নিৰ্বাসন, পত্নী সীতাক ৰাক্ষসৰ ৰজা ৰাৱণৰ হাতৰ পৰা উদ্ধাৰ আৰু যুদ্ধৰ ইতিহাস আদি বৰ্ণনা কৰা হৈছে ।

ৰামৰ কালজয়ী কিংবদন্তীৰ এই সতেজ, গতিশীল চিত্ৰায়নে নিঃসন্দেহে সকলো অঞ্চল আৰু বয়সৰ দৰ্শকক আকৰ্ষণ কৰিব বুলি বিশ্বাস কৰা হৈছে । গীক পিকচাৰ্ছ ইণ্ডিয়াৰ সহ-প্ৰতিষ্ঠাপক অৰ্জুন আগৰৱালে কোৱা মতে মহাকাব্যখন এনেদৰে জীৱন্ত ৰূপত উপস্থাপন কৰা হ'ব যিটো পূৰ্বে কেতিয়াও দেখা নাছিল ।

'ৰামায়ণ: দ্য লেজেণ্ড অফ প্ৰিন্স ৰাম' দশেৰা আৰু দেৱালীৰ বতৰতে মুক্তি লাভ কৰিব । গীক পিকচাৰ্ছ ইণ্ডিয়া, এএ ফিল্মছ আৰু এক্সেল এণ্টাৰটেইনমেণ্টৰ দ্বাৰা নিৰ্মিত ছবিখন সমগ্ৰ ভাৰতত মুক্তি লাভ কৰিব ।

লগতে পঢ়ক :ধৰ্ষণৰ গোচৰ ৰুজু হোৱা কৰিঅ'গ্ৰাফাৰ জানী মাষ্টাৰক গ্ৰেপ্তাৰ - JANI MASTER SEXUAL HARASSMENT

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.