ETV Bharat / entertainment

মুন মুন সেনৰ স্বামী ভৰত দেৱ বাৰ্মাৰ মৃত্যু, পিতৃহাৰা ৰিয়া-ৰাইমা

মুন মুন সেনৰ স্বামী ভৰত দেৱ বাৰ্মাৰ মৃত্যু ঘটিছে ৷ শ্ৰীমতী সেনৰ স্বামীয়ে চিকিৎসালয়ত উপস্থিত হোৱাৰ আগতে শেষ নিশ্বাস ত্যাগ কৰিছিল ।

moon moon sen husband bharat dev varma passes away cm mamata banerjee mourns his demise
ভৰত দেৱ বাৰ্মা (Photo : ETV Bharat)
author img

By ETV Bharat Entertainment Team

Published : 1 hours ago

কলকাতা: মুন মুন সেনৰ স্বামী ভৰত দেৱ বৰ্মাৰ মৃত্যু ৷ পিতৃহাৰা হৈ পৰে ৰিয়া আৰু ৰাইমা সেন । শোকাস্তব্ধ দেৱ বৰ্মাৰ পৰিয়াল । ভৰত দেৱ বৰ্মা ত্ৰিপুৰাৰ এটা ৰাজপৰিয়ালৰ পুত্ৰ আছিল । ১৯৭৮ চনত তেওঁ মুন মুন সেনক বিয়া কৰাইছিল । ৪৬ বছৰ দুয়োৱে যুগ্ম জীৱন পাৰ কৰে । খবৰ অনুসৰি চিকিৎসালয়ত উপস্থিত হোৱাৰ আগতেই তেওঁৰ মৃত্যু ঘটে ।

প্ৰাপ্ত তথ্য অনুসৰি, তেওঁ কিছু সময়ৰ ধৰি অসুস্থ আছিল । আজি ৰাতিপুৱা হৃদৰোগত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হয় । ভৰত দেৱ বৰ্মা ত্ৰিপুৰাৰ ৰাজপৰিয়ালৰ পুত্ৰ আছিল ৷ হ’লেও মুন মুনৰ মাতৃ সুচিত্ৰা সেনে চাই-চিতি একমাত্ৰ জীয়েকক বিয়া দিছিল ৷ তেওঁলোকে ধুমধামেৰে বিবাহ পাশত আৱদ্ধ হৈছিল । মুন মুন-ভৰতৰ বিয়াত টলীউড আৰু বলীউডৰ অগণন তাৰকা উপস্থিত আছিল ৷

moon moon sen husband bharat dev varma passes away cm mamata banerjee mourns his demise
স্বামী ভৰত দেৱ বাৰ্মাৰ সৈতে মুন মুন সেন (Photo : ETV Bharat)

মুন মুন সেনে নিজে এবাৰ তেওঁৰ স্বামী ভৰতৰ বিষয়ে এটা সাক্ষাৎকাৰত কৈছিল যে ভৰতে সদায় তেওঁক সমৰ্থন কৰি আহিছে । প্ৰায় সকলোৱে জানে যে মুনমুনে তেওঁৰ স্বামীক ‘স্বামী’ বুলিয়ে মাতিছিল । কিন্তু ভৰত কেৱল তেওঁৰ স্বামী নাছিল । তেওঁ সঁচাকৈয়ে এজন বন্ধু আছিল । মুন মুনৰ মাতৃ সুচিত্ৰা সেনে বিবাহৰ পিছত মুন মুনে আৰু চিনেমা কৰিব নোৱাৰিব বুলি চৰ্ত বান্ধি দিছিল, কিন্তু মুন মুনে সেই কথা শুনা নাছিল । জানিব পৰা মতে, মতৰ অমিলৰ বাবে মাক-জীয়েকে ডেৰ বছৰ ধৰি কথাও পতা নাছিল । কিন্তু ভৰত সদায় বন্ধুৰ দৰে তেওঁৰ কাষত আছিল ।

পৰিয়ালৰ সৈতে ভৰত দেৱ বাৰ্মা (Photo : ETV Bharat)

সূত্ৰ অনুসৰি, আজি ৰাতিপুৱা হঠাতে ভৰত দেৱ বৰ্মাৰ অৱস্থাৰ অৱনতি ঘটে । শাৰীৰিক অসুবিধাৰ বাবে তেওঁক কলকাতাৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱাৰ সিদ্ধান্ত লোৱা হয় যদিও তাত উপস্থিত হোৱাৰ পূৰ্বেই তেওঁৰ মৃত্যু ঘটে ।

পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে প্ৰবীণ অভিনেত্ৰী মুন মুন সেনৰ স্বামী ভৰত দেৱ বৰ্মাৰ মৃত্যুত শোক প্ৰকাশ কৰিছে ।

লগতে পঢ়ক : কৌতুক অভিনেতা কৃষ্ণাৰ পত্নী কাশ্মীৰা শ্বাহ দুৰ্ঘটনাগ্ৰস্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.