ETV Bharat / entertainment

মিথুন চক্ৰৱৰ্তীৰ প্ৰথমা পত্নীৰ মৃত্যু - MITHUN CHAKRABORTY FIRST WIFE DIES

প্ৰবীণ অভিনেতা মিথুন চক্ৰৱৰ্তীৰ প্ৰথমা পত্নী হেলেনা লুকৰ দেওবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰত মৃত্যু ঘটে ।

mithun chakrabortys former wife helena luke passes away
হেলেনা লুকৰ মৃত্যু (Photo : ANI/Social Media)
author img

By ETV Bharat Entertainment Team

Published : Nov 4, 2024, 4:41 PM IST

হায়দৰাবাদ : মিথুন চক্ৰৱৰ্তীৰ প্ৰথম পত্নী হেলেনা লুকৰ মৃত্যু ঘটিছে । বাতৰি অনুসৰি, তেওঁ দেওবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰত শেষ নিশ্বাস ত্যাগ কৰে । নৃত্যশিল্পী আৰু অভিনেত্ৰী কল্পনা আয়াৰে সামাজিক মাধ্যমত হেলেনাৰ মৃত্যুৰ খবৰটো নিশ্চিত কৰিছে ।

১৯৮৫ চনত অমিতাভ বচ্চনৰ সৈতে স্ক্ৰীণ শ্বেয়াৰ কৰি হেলেনাই বলীউডত জনপ্ৰিয়তা অৰ্জন কৰিছিল ৷ বচ্চনৰ বিপৰীতে মৰ্ড ছবিখনত দেখা গৈছিল তেওঁক ৷ অভিনেতা মিথুন চক্ৰৱৰ্তীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল তেওঁ ৷ পিছে এই বিয়া মাত্ৰ চাৰি মাহহে টিকিছিল ৷ চাৰি মাহৰ পিছত দুয়োৰে বিবাহ বিচ্ছেদ হয় ৷ ফেচবুকত তেওঁৰ শেষ পোষ্টটো দেওবাৰে পুৱা ৯.২০ বজাত দেখা গৈছিল, য'ত তেওঁ লিখিছে, “কি অস্বস্তিকৰ অনুভৱ । কিয় নাজানো । বৰ বিভ্ৰান্তি অনুভৱ কৰিছো ।” সেইদিনাই হেলেনাই শেষ নিশ্বাস ত্যাগ কৰে ৷

ষ্টাৰডাষ্ট আলোচনীৰ সৈতে হোৱা এক সাক্ষাৎকাৰত হেলেনাই মিথুনৰ সৈতে তেওঁৰ চাৰিমহীয়া বিবাহৰ বিষয়ে মুকলিকৈ কয় ৷ সেই বিবাহক তেওঁ ধুমুহাময় সপোন বুলি অভিহিত কৰিছিল ৷ সেই সাক্ষাৎকাৰটোত তেওঁ কৈছিল, “এই বিয়াখন নোহোৱাহেঁতেন ভাল আছিল । মিথুনে মোৰ মগজু ধুই পেলালে । তেওঁ মোক মোৰ জীৱনৰ নিখুঁত মানুহ বুলি ভাবিবলৈ বাধ্য কৰালে । দুৰ্ভাগ্যজনকভাৱে তেওঁ সফল হ'ল ।”

হেলেনা আকৌ মিথুনৰ লগত থাকিবলৈ আৰম্ভ কৰিব বুলি চৰ্চা চলিছিল ৷ এনেধৰণৰ উৰাবাতৰিৰ মাজতে হোৱা এক সাক্ষাৎকাৰত তেওঁ কয়, “মই কেতিয়াও মিথুনৰ ওচৰলৈ ঘূৰি নাযাওঁ । তেওঁ যিমানেই ডাঙৰ মানুহ নহওক কিয় । বিবাহ বিচ্ছেদৰ পিছত মই তেওঁৰ পৰা দান-বৰঙণিও বিচৰা নাছিলো । তেওঁৰ লগত বিয়া জীৱনৰ দুঃস্বপ্নৰ দৰে । শেষ হ’ল ৷”

লগতে পঢ়ক : ঢৌ ফালি জীৱন ডিঙা সামৰি জি এম চি এইচলৈ শেষ যাত্ৰা কুলদা কুমাৰ ভট্টাচাৰ্যৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.